পহলগাম কাণ্ডৰ পাছতে চীন-পাকিস্তানৰ ঘনিষ্ঠতা বৃদ্ধি! বেইজিঙত আফগানিস্তানৰ সৈতে ২ ৰাষ্ট্ৰৰ বৈঠক…

চীন আৰু পাকিস্তানৰ বন্ধুত্বৰ কথা বিশ্বই জানে। কিন্তু পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত এই বন্ধুত্ব আৰু যেন অধিক দৃঢ় হৈ পৰিছে। সোমবাৰে পাকিস্তানত উপস্থিত হয় পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী ইছাক দাৰ।

পহলগাম কাণ্ডৰ পাছতে চীন-পাকিস্তানৰ ঘনিষ্ঠতা বৃদ্ধি! বেইজিঙত আফগানিস্তানৰ সৈতে ২ ৰাষ্ট্ৰৰ বৈঠক...

পাকিস্তান-চীন

Published: 

20 May 2025 | 11:39 AM

চীন আৰু পাকিস্তানৰ সম্পৰ্কৰ বিষয়ে সকলোৱে জানে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত প্ৰথম অৱস্থাত চীনে নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল যদিও পাছলৈ পাকিস্তানক প্ৰত্যক্ষ সমৰ্থন জনাইছিল। এক কথাত ক’বলৈ হ’লে, পহলগাম কাণ্ডৰ পাছতে দুই দেশৰ মাজত ঘনিষ্ঠতা পুনৰ বৃদ্ধি পাইছে।  এটা বছৰত কেইবাবাৰো চীন ভ্ৰমণ কৰে পাকিস্তানৰ মন্ত্ৰীয়ে। ইয়াৰ মাজতে সোমবাৰে পুনৰ চীনত উপস্থিত হয় পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী তথা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ইছাক দাৰ।  ভাৰত-পাকিস্তানৰ মাজত চলি থকা উত্তেজনাৰ মাজত এই ভ্ৰমণে বিশেষ গুৰুত্ব বহন কৰিছে।

তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে (১৯ মে’) বেইজিঙত উপস্থিত হয় ইছাক দাৰ।  বিমান বন্দৰত তেওঁক আদৰণি জনাবলৈ উপস্থিত থাকে চীন চৰকাৰৰ জ্যেষ্ঠ বিষয়াৰ লগতে চীনত থকা পাকিস্তানী দূতবাসৰ মুৰব্বী। পাকিস্তানৰ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি চীনৰ বৈদেশিক মন্ত্ৰী ৱাং লিৰ আমন্ত্ৰণত তিনিদিনীয়া ভ্ৰমণসূচীৰে বেইজিংলৈ গৈছে ইছাক দাৰ। এই তিনিদিনত তেওঁ চীনৰ সৈতে বিভিন্ন দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। অৱশ্যে চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ পাব নে নাই সেই সন্দৰ্ভত এতিয়ালৈকে কোনো তথ্য পোহৰলৈ অহা নাই।

 

উল্লেখ্য যে, ভাৰত-পাকিস্তানৰ যুদ্ধ বিৰতিৰ মাজত হোৱা এই ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে। কিছুদিন পূৰ্বে ভাৰতে কৰা ‘অপাৰেশ্যন সেন্দূৰ’ত কেৱল পাকিস্তানে নহয়, চুবুৰীয়া ৰাষ্ট্ৰ চীনেও কিছু পৰিমাণে শংকিত হৈ পৰিছে। কিয়নো ভাৰতে চীনৰ কেইবাটাও ক্ষেপনাস্ত্ৰ ধ্বংস কৰিছিল। গতিকে ইয়াৰ পাছতে এনে এখন বৈঠকে চিন্তাত পেলাইছে বিভিন্নজনক।

পাকিস্তানী সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে যে দুয়োখন দেশৰ প্ৰতিনিধিয়ে পাকিস্তান আৰু চীনৰ মাজত বাণিজ্যিক চুক্তিকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰিব। ইয়াৰোপৰি আজি চীন আৰু পাকিস্তানৰ সৈতে বৈঠকত মিলিত হ’ব পাৰে আফগানিস্তানত থকা তালিবান চৰকাৰৰ বৈদেশিক মন্ত্ৰী আমিৰ খান মুত্তাকি। গতিকে এই তিনি ৰাষ্ট্ৰই মিলি কি সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

উল্লেখ্য যে, কিছুদিন পূৰ্বে কাবুলত চীন আৰু পাকিস্তানৰ আফগানিস্তানৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠকত পাকিস্তান আৰু চীনে ৰাষ্ট্ৰখনত ভাৰতৰ পৰা আঁতৰত থাকিবলৈ সকীয়াই দিছিল। এই বৈঠকে স্পষ্ট কৰিছিল যে তালিবান চৰকাৰে ভাৰতৰ সমান্তৰালকৈ চীন আৰু পাকিস্তানৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰাৰ চেষ্টা কৰিছে। তালিবান চৰকাৰে বিচাৰিছে এছিয়াৰ তিনিখন ডাঙৰ ৰাষ্ট্ৰই তেওঁলোকৰ চৰকাৰক স্বীকৃতি প্ৰদান কৰক। গতিকে আজি হ’বলগীয়া এই বৈঠকত কি আলোচনা হয় তাক লৈ দৃষ্টি নিবদ্ধ হৈ ৰৈছে বিভিন্নজনৰ।

 

 

অন্য খবৰ পঢ়কঃ ভাৰতৰ সৈতে বন্ধুত্বৰ নাটক! ইফালে বেইজিঙত বহি চীন-পাকিস্তানৰ সৈতে ষড়যন্ত্ৰ ৰচাৰ প্ৰস্তুতি আফগানিস্তানৰ…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...