ভয়ংকৰ তথ্য পোহৰলৈ! POK ত সন্ত্ৰাসবাদীক দিয়া হৈছিল সামৰিক প্ৰশিক্ষণ, লক্ষ্য আছিল সেনা…

পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে ভয়ংকৰ তথ্য পোহৰলৈ। নিয়াৰ তদন্তত পোহৰলৈ আহিছে যে এই সন্ত্ৰাসবাদীক সামৰিক পৰ্যায়ৰ প্ৰশিক্ষণ দিয়া হৈছিল।

ভয়ংকৰ তথ্য পোহৰলৈ! POK ত সন্ত্ৰাসবাদীক দিয়া হৈছিল সামৰিক প্ৰশিক্ষণ, লক্ষ্য আছিল সেনা...

সন্ত্ৰাসবাদী

Updated On: 

06 May 2025 | 11:20 AM

দেশ জোকাৰি যোৱা পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ।  নিয়াৰ তদন্তত পোহৰলৈ আহিছে যে,  এই ভয়ংকৰ নৰসংহাৰ কাণ্ডৰ বাবে সন্ত্ৰাসবাদীক সামৰিক প্ৰশিক্ষণ দিয়া হৈছিল। সূত্ৰ অনুসৰি আই এছ আইৰ লক্ষ্য আছিল ভাৰতীয় সেনাবাহিনীক আক্ৰমণ কৰা। চোৰাংচোৱা সংস্থাৰ মতে কাশ্মীৰত বৰ্তমান সময়ত কমেও ১৫২০ জন লস্কৰৰ কমাণ্ডাৰে আত্মগোপন কৰি আছে। ইতিমধ্যে তেওঁলোকৰ বিৰুদ্ধে অভিযান অব্যাহত আছে।

উল্লেখ্য যে, পাকিস্তান অধীকৃত কাশ্মীৰ (POK) ত সম্পূৰ্ণ হৈছিল সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই তথ্য লাভ কৰিছে যে সন্ত্ৰাসবাদীকেইটাক মূলতঃ পিঅকে আৰু পাকিস্তানৰ বেংকত লঞ্চ পেডত প্ৰশিক্ষণ দিয়া হৈছিল। ইয়াৰোপৰি কেৱল মাত্ৰ নিৰ্বাচিত সন্ত্ৰাসবাদীহে এই অভিযানৰ বাবে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। এই সন্ত্ৰাসবাদীক পাকিস্তানী কমাণ্ডোক দিয়া প্ৰশিক্ষণৰ দৰেই এছ এছ জি (SSG) অৰ্থাৎ বিশেষ সেৱা গোট, টানেলিং আৰু গুলীচালনা আদিৰ প্ৰশিক্ষণ দিয়া হৈছিল। 

নিয়াৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি এই ভয়ংকৰ কাণ্ডৰ বাবে স্থানীয় সন্ত্ৰাসবাদীয়েও সহায় কৰিছিল। এতিয়ালৈকে ১০০ তকৈ অধিক অভাৰ গ্ৰাউণ্ড কৰ্মীৰ স্থানত অভিযান চলাইছে নিয়াই। লগতে ৯০ জনতকৈ অধিক অভাৰ গ্ৰাউণ্ড কৰ্মীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইয়াৰোপৰি কেইদিনমান পূৰ্বে চোৰাংচোৱাই দাবী কৰিছিল যে এতিয়াও কাশ্মীৰত শ্লীপাৰ ছেল এক্টিভ হৈ আছে আৰু পৰৱৰ্তী কাৰ্যৰ বাবে নিৰ্দেশ লাভ কৰিছে। যাৰ বাবে কাশ্মীৰৰ কেইবাটাও পৰ্যটনস্থলী বন্ধ কৰি দিয়ে ভাৰত চৰকাৰে। এই সকলো বিষয় সন্দৰ্ভত বৰ্তমান তদন্ত চলি আছে।

উল্লেখ্য যে,  ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত হৈছিল সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনা। এই কাণ্ডত হিন্দুসকলক নিৰ্বাচিত কৰি হত্যা কৰা হৈছিল। জানিব পৰা মতে, সেনাই এই সন্ত্ৰাসবাদীক জীৱিত অৱস্থাত গ্ৰেপ্তাৰ কৰিব বিচাৰিছে। সেয়ে অতি সাৱধানতাৰে অপাৰেচনটো কৰি আছে তদন্তকাৰী সংস্থাই। এন আই এৰ সূত্ৰ অনুসৰি পাকিস্তানৰ পৰা অহা মোছা আৰু তালহা নামৰ ভাতৃদ্বয়ে দীৰ্ঘদিন ধৰি পাহাৰীয়া জংঘলত আত্মগোপন কৰি অভিযান চলাবলৈ পৰ্যাপ্ত প্ৰশিক্ষণ গ্ৰহণ কৰিছে। বৰ্তমান সেনাই তেওঁলোকৰ চলাচলত বাধা আৰোপ কৰিছে। নিয়াৰ তদন্তত পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ  ২৬ বছৰ পূৰ্বে ভাৰতে কৰি দিছিল মুকলি, পহলগাম কাণ্ডত নাম সাঙোৰ খোৱা সন্ত্ৰাসবাদী মুস্তাক আহমেদ কোন? জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...