এতিয়া মই জনপ্ৰিয়- পাকিস্তানৰ ৰাজনৈতিক সভাত অংশগ্ৰহণ পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কছুৰীৰ…

পাকিস্তানত মুকলিকৈ ঘূৰি ফুৰিছে জম্মু-কাশ্মীৰৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাৰ মাষ্টাৰমাইণ্ড। ইমানেই নহয়, সন্ত্ৰাসবাদীটোৱে ৰাজনৈতিক সভাত অংশ লৈ ভাৰত বিৰোধী মন্তব্য কৰা দেখা যায়।

এতিয়া মই জনপ্ৰিয়- পাকিস্তানৰ ৰাজনৈতিক সভাত অংশগ্ৰহণ পহলগাম কাণ্ডৰ মাষ্টাৰমাইণ্ড ছাইফুল্লাহ কছুৰীৰ...

ছাইফুল্লা

Updated On: 

30 May 2025 | 08:55 AM

পাকিস্তানত ৰাজনৈতিক সভাত দেখা গ’ল জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ মাণ্ডাৰমাইণ্ড তথা লস্কৰ-ই-তৈবাৰ (LeT)ৰ ৱাণ্টেড কমাণ্ডাৰ ছাইফুল্লাহ কছুৰীক। ছাইফুল্লাই পুনৰ এবাৰ সাৰ্বজনীন ৰূপত পাকিস্তানী জনসাধাৰণৰ মাজলৈ আহিছে। শেহতীয়াকৈ পাকিস্তান পঞ্জাৱ প্ৰদেশত অনুষ্ঠিত এক ৰাজনৈতি সমাৱেশত ভাষণ দিয়ে তেওঁ। এই সময়চোৱাত মঞ্চৰ পৰা সন্ত্ৰাসবাদীজনে ভাৰতৰ বিৰুদ্ধে উচতনিমূলত মন্তব্য দি বিষবাষ্প বিয়পোৱাৰ চেষ্টা কৰে।

পাকিস্তান মাৰ্কাজি মুছলিম লীগ (PMML)ৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত কছুৰীয়ে ভাৰত বিৰোধী ভাষণ দিয়াৰ লগতে নিজকে সন্ত্ৰাসবাদী বুলিও প্ৰচাৰ চলায়। তেওঁ কয় যে, মোক পহলগাম সন্ত্ৰাসবাদী কাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি কোৱা হয়, যাৰ বাবে মই সমগ্ৰ বিশ্বত জনপ্ৰিয় হৈ পৰিছো।

উল্লেখ কৰা প্ৰয়োজন যে, ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ মাণ্ডাইমাইণ্ড ছাইফুল্লাহ কছুৰীৰ বুলি অনুমান কৰা হৈছে। এই ঘটনাত সন্ত্ৰাসবাদীয়ে ধৰ্ম সুধি ২৬ জনকৈ লোকক হত্যা কৰি লৈছিল। এই আক্ৰমণৰ দায়িত্ব গ্ৰহণ কৰিছিল লস্কৰ-ই-তৈবাৰ এটা ফ্ৰণ্ট সংগঠন দ্য ৰেজিষ্টেন্স টাস্ক ফ’ৰ্চে (টি আৰ এফ)য়ে। তদন্তকাৰী সংস্থাৰ মতে, TRF ক পাকিস্তানত সক্ৰিয় সন্ত্ৰাসবাদী আন্তঃগাঁথনিৰ প্ৰত্যক্ষ সমৰ্থন আছে।

কছুৰীয়ে ৰাজনৈতিক সভাত অংশগ্ৰহ কৰি মঞ্চৰ পৰাই ঘোষণা কৰে যে, তেওঁ মুদচ্ছিৰ শ্বহীদৰ নামত এটা চেন্টাৰ, পথ আৰু চিকিৎসালয় নিৰ্মাণ কৰিব। চোৰাংচোৱাৰ তথ্য অনুসৰি ভাৰতীয় সেনাই চলোৱা অপাৰেশ্যন সেন্দূৰত নিহত সন্ত্ৰাসবাদীৰ ভিতৰত অন্যতম আছিল মুদাচ্ছিৰ আহমেদ।

এই সভাত ভাৰতৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ তালিকাত ৩২ নম্বৰ স্থানত থকা লস্কৰৰ মুৰব্বী হাফিজ ছাইদৰ পুত্ৰ তালহা ছাইদো উপস্থিত আছিল। তালহাই মঞ্চৰ পৰা উচটনিমূলক ভাষণ দি নৰা-ই-তকবীৰ আদি শ্লোগান দিয়ে। উল্লেখ কৰা প্ৰয়োজন যে, ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত তালহাই লাহোৰৰ পৰা এন এ-১২২ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল। তেওঁক লস্কৰ-ই-তৈবাৰ এগৰাকী ৰাজনৈতিক মুখ বুলি গণ্য কৰা হয়। ইয়াৰোপৰি তালহাৰ PMML ৰ সৈতে জড়িত হৈ আছে।

বিগত কিছু সময়ৰ পৰা PMML য়ে ভাৰতৰ বিৰুদ্ধে প্ৰচাৰ চলাই আছে। সংগঠনটোৱে লাহোৰ, কৰাচী, ইছলামবাগ, ফৈছালাবাদৰ দৰে চহৰত বিক্ষোভ প্ৰদৰ্শন কৰাৰ লগতে হাফিজ ছাইদৰ মুক্তিৰ দাবী উত্থাপন কৰা দেখা যায়। ইয়াৰোপৰি সিন্দু জল চুক্তিৰ ওপৰত ভাৰতৰ হুংকাৰ দিয়াও পৰিলক্ষিত হয়। আন্তঃৰাষ্ট্ৰীয় নিশেধাজ্ঞাৰ পাছতো LeT ৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ সদস্যই এতিয়া পাকিস্তানত ৰাজনৈতিক প্ৰচাৰ চলাই আছে। ইয়ে পুনৰ এবাৰ পাকিস্তানৰ স্বৰূপ তথা সন্ত্ৰাসবাদীৰ প্ৰতি তেওঁলোকৰ ধাৰণা স্পষ্ট কৰি তুলিছে।

 

অন্য খবৰ পঢ়কঃ চীনৰ সহায়ত পাকিস্তানে নিৰ্মাণ কৰি আছে পাৰমাণৱিক অস্ত্ৰ! এইসমূহ দেশৰ পৰা ক্ৰয় কৰিছে সামগ্ৰী, আমেৰিকাই প্ৰকাশ কৰিলে তথ্য…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...