Nobel Peace Prize 2025: ট্ৰাম্পৰ সপোন আধৰুৱা! শান্তিৰ নোবেল লাভ কৰা চাৰিগৰাকী মাৰ্কিন ৰাষ্ট্ৰপতিক জানেনে?

Nobel Peace Prize 2025: যদিও ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ নকৰিলে, তথাপিও ইয়াৰ পূৰ্বে আমেৰিকাৰ চাৰিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে লাভ কৰিছিল এই বঁটা। কি কাৰণত তেওঁলোকক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল? তেওঁলোকে কি কৰিলে? এবাৰ চাওঁ আহক-

Nobel Peace Prize 2025: ট্ৰাম্পৰ সপোন আধৰুৱা! শান্তিৰ নোবেল লাভ কৰা চাৰিগৰাকী মাৰ্কিন ৰাষ্ট্ৰপতিক জানেনে?

শান্তিৰ নোবেল আৰু মাৰ্কিন ৰাষ্ট্ৰপতি

Published: 

11 Oct 2025 16:08 PM

এইবাৰৰ নোবেল বঁটাৰ কোনটো শিতানে আটাইতকৈ বেছি মনোযোগ আকৰ্ষণ কৰিছিল? এই প্ৰশ্নৰ উত্তৰ নিশ্চয় সকলোৱে জানে। ইয়াৰ আঁৰত আছে মাত্ৰ এজন মানুহ। তেওঁ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ৰাজনীতিবিদ, কূটনীতিবিদৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈকে প্ৰায় সকলোৱেই কৌতুহলী আছিল শান্তিৰ নোবেল বঁটাৰ প্ৰতি।

চলিত বৰ্ষৰ এই বঁটা ঘোষণাৰ পূৰ্বে বিভিন্ন মহলত শান্তিৰ নোবেল বঁটা কোনে লাভ কৰিব সেই সন্দৰ্ভত তুংগত আছিল জল্পনা-কল্পনা। কাৰণ, ট্ৰাম্পে নিজেই দাবী কৰিছিল যে তেওঁ শান্তিৰ নোবেল বঁটা লাভ কৰিব লাগে।

লগতে পঢ়ক: Nobel Peace Prize 2025: মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা, আশা ভংগ ট্ৰাম্পৰ!

ট্ৰাম্পৰ যুক্তি হ’ল আঠখন যুদ্ধ বন্ধ কৰিছে তেওঁ। শেষত অৱশ্যে ট্ৰাম্পৰ ভাগ্য সলনি নহ’ল। এইবাৰৰ শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয় ভেনিজুৱেলাৰ মাৰিয়া ক’ৰিনা মাচাডোক। শান্তিৰ পৰিৱৰ্তে ৰাজনীতিৰ প্ৰতিহে চকু ৰাখিছে ট্ৰাম্প প্ৰশাসনে।

যদিও ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ নকৰিলে, তথাপিও ইয়াৰ পূৰ্বে আমেৰিকাৰ চাৰিগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিয়ে লাভ কৰিছিল এই বঁটা। কি কাৰণত তেওঁলোকক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হৈছিল? তেওঁলোকে কি কৰিলে? এবাৰ চাওঁ আহক-

আমেৰিকাৰ চাৰিগৰাকী ৰাষ্ট্ৰপতিয়ে লাভ কৰিছিল শান্তিৰ নোবেল বঁটা –

১৯০১ চনৰ পৰা প্ৰদান কৰা হৈছিল নোবেল বঁটা। এই ১২৫ বছৰত আমেৰিকাৰ চাৰিজন ৰাষ্ট্ৰপতিয়ে লাভ কৰিছে শান্তিৰ নোবেল বঁটা। তেওঁলোক ক্ৰমে থিয়ডৰ ৰুজভেল্ট, উড্ৰ’ উইলছন, জিমি কাৰ্টাৰ আৰু বাৰাক ওবামা। চাৰিজনৰ ভিতৰত তিনিজনে কাৰ্যভাৰত থকাৰ সময়তে লাভ কৰে এই পুৰস্কাৰ।

থিয়ডৰ ৰুজভেল্ট আছিল আমেৰিকাৰ প্ৰথমজন ৰাষ্ট্ৰপতি যিয়ে লাভ কৰিছিল শান্তিৰ নোবেল বঁটা। ১৯০১ চনৰ পৰা ১৯০৯ চনলৈকে তেওঁ আছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি। ১৯০৬ চনত তেওঁক প্ৰদান কৰা হয় নোবেল বঁটা। ১৯১৩ চনৰ পৰা ১৯২১ চনলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল উড্ৰ’ উইলছন। তেওঁ নোবেল বঁটা লাভ কৰিছিল ১৯১৯ চনত।

লগতে পঢ়ক: Nobel peace prize 2025: শান্তিৰ নোবেল কিয় নাপালে ট্ৰাম্পে? শান্তিৰ নোবেল বঁটাৰ প্ৰাৰ্থী বাচনি কৰা পাঁচগৰাকী বিচাৰক কোন?

নোবেল বঁটা লাভ কৰা আমেৰিকাৰ তৃতীয়জন ৰাষ্ট্ৰপতি আছিল জিমি কাৰ্টাৰ। অৱশ্যে কাৰ্যভাৰ গ্ৰহণ কৰি থকা অৱস্থাত তেওঁ লাভ কৰা নাছিল এই পুৰস্কাৰ। ১৯৭৭ চনৰ পৰা ১৯৮১ চনলৈকে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল কাৰ্টাৰ । তাৰ দুই দশকৰ পিছত ২০০২ চনত শান্তিৰ নোবেল বঁটা লাভ কৰে তেওঁ।

এতিয়ালৈকে শান্তিৰ নোবেল বঁটা লাভ কৰা চতুৰ্থজন আমেৰিকান ৰাষ্ট্ৰপতি হৈছে বাৰাক ওবামা। ২০০৯ চনৰ পৰা ২০১৭ চনলৈ তেওঁ আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৰাষ্ট্ৰপতিৰ আসনত বহাৰ আঠ মাহৰ ভিতৰতে শান্তিৰ নোবেল বঁটা লাভ কৰে ওবামাই।

জল্পনা-কল্পনা বাঢ়িছিল ট্ৰাম্পক লৈ

এইবাৰ ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ কৰিব নে নাই সেই সন্দৰ্ভত ক্ৰমাৎ সৃষ্টি হৈছিল জল্পনা-কল্পনাৰ। যোৱা কেইমাহমানত ৮খন যুদ্ধ বন্ধ কৰা বুলি নিজেই দাবী কৰিছিল ট্ৰাম্পে। তেওঁ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিৰ কথাও উল্লেখ কৰে। অৱশ্যে ভাৰতে স্পষ্ট কৰি দিছিল যে যুদ্ধবিৰতিৰ লগত জড়িত নাছিল কোনো তৃতীয় পক্ষ।

এই সকলোবোৰ দাবীৰ পিছতো ট্ৰাম্পৰ ভাগ্যৰ কোনো পৰিৱৰ্তন নহ’ল। ভেনিজুৱেলাৰ আইৰন লেডী মাৰিয়া ক’ৰিনা মাচাডোৱে লাভ কৰিলে শান্তিৰ নোবেল বঁটা। গণতান্ত্ৰিক অধিকাৰৰ বাবে কৰা যুঁজৰ বাবে তেওঁক সন্মানিত কৰা হয় শান্তিৰ নোবেল বঁটাৰে।

এইবাৰ কিয় ট্ৰাম্পে শান্তিৰ নোবেল বঁটা লাভ কৰিব নোৱাৰিলে?

এইবাৰৰ মনোনয়ন প্ৰক্ৰিয়া অন্ত পৰে ৩১ জানুৱাৰীত। অৰ্থাৎ ট্ৰাম্প দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ ১১ দিনৰ পাছত। ফলত তেওঁ বন্ধ কৰা বুলি দাবী কৰা আঠখন যুদ্ধই কোনো প্ৰভাৱ পেলাব পৰা নাছিল নোবেল কমিটীৰ সিদ্ধান্তত। ইজৰাইল আৰু পাকিস্তানে মনোনীত কৰা ট্ৰাম্পৰ নামক গুৰুত্ব দিয়া নহ’ল।

যোৱা বছৰৰ ১১ ডিচেম্বৰত আমেৰিকাৰ কংগ্ৰেছত নিউয়ৰ্কৰ প্ৰতিনিধি ক্লাউডিয়া টেনীয়ে দিয়া মনোনয়নকহে দিয়া হৈছিল গুৰুত্ব। তাত ক্লাউডিয়াই দাবী কৰিছিল যে ২০২০ চনত ৰাষ্ট্ৰপতি হিচাপে ট্ৰাম্পৰ প্ৰথম কাৰ্যকালত স্বাক্ষৰিত হৈছিল আব্ৰাহাম চুক্তি। সেই চুক্তিৰ ফলত সৰল হৈ পৰিছিল ইজৰাইল আৰু আৰব দেশৰ কূটনৈতিক সম্পৰ্ক। ফলত সেই যুক্তি ট্ৰাম্পৰ শান্তিৰ নোবেল বঁটাৰ সম্ভাৱনাৰ ওপৰত বিবেচনা কৰা হ’ল।

লগতে পঢ়ক: হিটলাৰকো মনোনীত কৰা হৈছিল শান্তিৰ নোবেল বঁটাৰ বাবে! জানক আঁৰৰ কাহিনী

ট্ৰাম্পে শান্তি নোবেল বঁটা লাভ কৰাৰ সম্ভাৱনা সন্দৰ্ভতো আজি প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হ’ল নোবেল কমিটী। সেই সময়ত নোবেল কমিটীৰ অধ্যক্ষ জৰ্জেন ৱটন ফ্ৰিডেন্সে কৈছিল যে কেৱল আলফ্ৰেড নোবেলৰ ইচ্ছা আৰু কামৰ ভিত্তিত এই সিদ্ধান্ত লৈছে তেওঁলোকে।

প্ৰশ্ন উত্থাপন হয়, ২০০৯ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল বাৰাক ওবামাই। সেই বছৰৰ ২০ জানুৱাৰীত তেওঁ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। কালি ট্ৰাম্পে ওবামাৰ শান্তিৰ নোবেল বঁটাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰে।

তেওঁ কয় যে একো নকৰাকৈয়ে নোবেল লাভ কৰিছিল ওবামাই। ট্ৰাম্পে কয়, “ওবামাই এটা পুৰস্কাৰ লাভ কৰিছিল। তেওঁ নিজেই নাজানে যে তেওঁক কিয় নিৰ্বাচিত কৰা হৈছিল। তেওঁলোকে একো নকৰাৰ বাবে ওবামাক এই পুৰস্কাৰ দিছিল।”

নোবেল বঁটা বিজয়ীগৰাকীৰ নাম ঘোষণা কৰাৰ পিছতে নোবেল কমিটীৰ সিদ্ধান্তক সমালোচনা কৰে হোৱাইট হাউছে। ট্ৰাম্পৰ ভাগ্য বিফল হোৱাৰ পিছত হোৱাইট হাউছৰ মুখপাত্ৰ ষ্টিভেন চেউঙে তেওঁৰ এক্স হেণ্ডেলত পোষ্ট কৰি কয়, “ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সদায় শান্তি প্ৰতিষ্ঠা আৰু যুদ্ধ বন্ধ কৰাৰ বাবে কাম কৰি যাব। তেওঁৰ মানৱতা আছে। তেওঁৰ দৰে মানুহ বিচাৰি পোৱাটো অতি কঠিন, যিয়ে প্ৰবল ইচ্ছাশক্তিৰে পাহাৰ লংঘন কৰিব পাৰে। নোবেল কমিটীয়ে আকৌ এবাৰ প্ৰমাণ কৰিছে যে তেওঁলোকে শান্তিতকৈ ৰাজনীতিক অগ্ৰাধিকাৰ দিয়ে।”

গতে পঢ়ক: শান্তিৰ নোবেল লাভৰ পাছতেই মাচাডোক লৈ তীব্ৰ বিতৰ্ক, এই বিতৰ্কৰ আঁৰৰ কাৰণ কি?

অৱশ্যে এতিয়াও শেষ হোৱা নাই ট্ৰাম্পৰ শান্তি নোবেল বঁটা লাভৰ আশা। নোবেল কমিটীৰ অধ্যক্ষই দিছে এই ইংগিত। তেওঁ কয় যে অহা বছৰো শান্তি বঁটাৰ বাবে কাৰোবাৰ নাম বিবেচনা কৰা হ’ব পাৰে। ফলত অহা বছৰ যদি পুনৰ ট্ৰাম্প নাম শান্তি নোবেল বঁটাৰ বাবে মনোনীত হয়, তেন্তে যুদ্ধ বন্ধ কৰাৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীৰ দাবীৰ ওপৰত বিবেচনা কৰা হ’ব পাৰে। তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে হয়তো শিকলিও ছিঙিবও পাৰে। এতিয়া সেই আশা মনত পুহি ৰাখি অপেক্ষা কৰাৰ বাহিৰে আন কোনো বিকল্প নাই ট্ৰাম্পৰ হাতত।

অনিয়মিত ঋতুস্ৰাৱৰ পৰা পৰিত্ৰাণ পাবলৈ কৰক এই কাম...
দীপাৱলীত বিৰল সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
এই লক্ষণবোৰ আওকাণ নকৰিব, কিডনী দুৰ্বল হ'লে চকুৰ কি কি সমস্যা হয়? জানক
সুস্থ মন এটাৰ বাবে মানসিক চাপ নিয়ন্ত্ৰণ কৰাৰ টিপছ জানক