শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শান্তিৰ নোবেল লাভৰ পাছতেই মাচাডোক লৈ তীব্ৰ বিতৰ্ক, এই বিতৰ্কৰ আঁৰৰ কাৰণ কি?

Nobel Peace Prize 2025: শান্তিৰ নোবেল বঁটা প্ৰদানৰ পাচতেই মাচাডোৰ নীতি আৰু বক্তব্যই ভেনিজুৱেলাৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্তপ্ত বিতৰ্কৰ সূচনা কৰিছে। ইমান বিতৰ্কিত ব্যক্তিক কিয় এই বঁটা দিয়া হ’ল বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

শান্তিৰ নোবেল লাভৰ পাছতেই মাচাডোক লৈ তীব্ৰ বিতৰ্ক, এই বিতৰ্কৰ আঁৰৰ কাৰণ কি?
মাৰিয়া ক'ৰিনা মাচাডোলৈ শান্তিৰ নোবেলImage Credit source: PTI/AP
raj-saikia
Raj Saikia | Updated On: 11 Oct 2025 15:41 PM

২০২৫ বৰ্ষৰ শান্তিৰ নোবেল বঁটা ঘোষণাৰ পাচতেই এই বঁটাক লৈ ব্যাপক আলোচনা দেখা গৈছে। দীৰ্ঘদিন ধৰি শাসকীয়ৰ বিৰুদ্ধে সংগ্ৰামৰ অন্যতম মুখ হিচাপে পৰিগণিত হোৱা ভেনিজুৱেলাৰ নেত্ৰী মাৰিয়া ক’ৰিনা মাচাডো এতিয়া শান্তিৰ প্ৰতীক হৈ পৰিছে। অন্ততঃ নোবেল কমিটীৰ দৃষ্টিত। ক্ষমতাৰ ন্যায্য আৰু শান্তিপূৰ্ণ পৰিৱৰ্তন সাধনৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে শুকুৰবাৰে নৰৱেৰ নোবেল কমিটীয়ে মাচাডোক শান্তিৰ নোবেল বঁটা প্ৰদান কৰে।

কমিটীয়ে তেওঁক বহুধা বিভক্ত বিৰোধীক একত্ৰিত কৰা নেত্ৰী বুলি অভিহিত কৰে। কিন্তু এই সন্মান এনে এটা সময়ত দিয়া হৈছে যেতিয়া মাচাডোৰ নীতি আৰু বক্তব্যই ভেনিজুৱেলাৰ ভিতৰত আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উত্তপ্ত বিতৰ্কৰ সূচনা কৰিছে। ইমান বিতৰ্কিত ব্যক্তিক কিয় এই বঁটা দিয়া হ’ল বুলি বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

লগতে পঢ়ক: Nobel Peace Prize 2025: মাৰিয়া ক’ৰিনা মাচাডোলৈ ২০২৫ বৰ্ষৰ শান্তিৰ ন’বেল বঁটা, আশা ভংগ ট্ৰাম্পৰ!

বিতৰ্কিত সহযোগিতা আৰু আমেৰিকাৰ প্ৰৱণতা

কৌশলগতভাৱে মাচাডো সদায় আমেৰিকা আৰু বৰ্তমানৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ সমৰ্থক। ২০২৪ চনত ট্ৰাম্প পুনৰ নিৰ্বাচিত হোৱাৰ পিছত তেওঁ কয়, “আমি আপোনাক সদায় বিশ্বাস কৰোঁ। আমেৰিকাৰ গণতন্ত্ৰ আমাৰ বাবে এক প্ৰেৰণা।” নোবেল বঁটা লাভ কৰাৰ পিছত তেওঁ নিজৰ বঁটা ট্ৰাম্পৰ নামত উৎসৰ্গা কৰে। ট্ৰাম্পে মাচাডোক স্বাধীনতা সংগ্ৰামী বুলিও অভিহিত কৰিছে।

অৱশ্যে সমালোচকসকলে কয় যে অতি আমেৰিকান দিশত ঢাল খোৱা এই স্থিতিয়ে ভেনিজুৱেলাৰ অস্থিৰতাক আৰু অধিক আগুৱাই লৈ যাব। ট্ৰাম্প প্ৰশাসনৰ ভেনিজুৱেলা নীতিৰ অধীনত শ শ প্ৰব্ৰজনকাৰীক বিচাৰ অবিহনে মধ্য আমেৰিকাৰ এখন কুখ্যাত কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু কেৰিবিয়ানত সামৰিক আক্ৰমণ সংঘটিত হৈছিল। ফলস্বৰূপে সেই নীতিৰ প্ৰতি মাচাডোৰ সহানুভূতিৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে।

Nobel Peace Maria Corina Machado

মাৰিয়া ক’ৰিনা মাচাডো

শান্তিৰ নে অশান্তিৰ নেতা?

মাচাডোৱে সমগ্ৰ ৰাজনৈতিক কেৰিয়াৰত অসংখ্য নিৰ্বাচনত অংশগ্ৰহণ কৰি ২০১০ চনত সংসদৰ সদস্য হৈছিল যদিও কেইবাটাও নিৰ্বাচন আৰু আলোচনা প্ৰক্ৰিয়া বৰ্জন কৰিছে। তেওঁ সঘনাই কৈছে যে বিদেশী হস্তক্ষেপেই মাডুৰ’ক আঁতৰোৱাৰ একমাত্ৰ উপায়। এই বক্তব্যই তেওঁক গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা আঁতৰাই সংঘাতৰ ৰাজনীতিৰ দিশলৈ লৈ গৈছে।

লগতে পঢ়ক: Nobel peace prize 2025: শান্তিৰ নোবেল কিয় নাপালে ট্ৰাম্পে? শান্তিৰ নোবেল বঁটাৰ প্ৰাৰ্থী বাচনি কৰা পাঁচগৰাকী বিচাৰক কোন?

নেতান্যাহুক সমৰ্থনক লৈও প্ৰশ্ন উত্থাপন

বহুতে তেওঁক সমালোচনা কৰি কয় যে গণহত্যাৰ দোষী নেতান্যাহুৰ এজন সমৰ্থক আৰু ভেনিজুৱেলালৈ সোঁপন্থী শাসন ব্যৱস্থা আনি বিশ্বব্যাপী কোম্পানীসমূহক নিজৰ সম্পদ বিক্ৰী কৰাৰ উদ্দেশ্যেৰে নোবেল বঁটা প্ৰদান কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক। শেহতীয়া বছৰবোৰত মাচাডোৱে দাবী কৰিছে যে ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰ’ই অপৰাধী দল ট্ৰেন ডি আৰাগুৱাৰ জৰিয়তে আমেৰিকাত আক্ৰমণৰ পৰিকল্পনা কৰিছে। এই অভিযোগ কেৱল অপ্ৰমাণিত হোৱাই নহয়, আমেৰিকাৰ ভিতৰত সামৰিক কাৰ্য আৰু বিতাড়নৰ নীতিক বৈধতা প্ৰদানৰ বাবেও ব্যৱহাৰ কৰা হৈছে।

পুৰস্কাৰ সন্দৰ্ভত উত্থাপিত চোকা প্ৰশ্ন

ভেনিজুৱেলা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু কণ্ঠই এই সিদ্ধান্তক দুৰ্ভাগ্যজনক বুলি অভিহিত কৰিছে। সমালোচকসকলে কয় যে যিজন নেতাৰ ৰাজনীতি প্ৰায়ে অশান্তি, বিভাজন আৰু বিদেশী হস্তক্ষেপৰ সৈতে জড়িত হৈ আহিছে, তেওঁক শান্তি বঁটা প্ৰদান কৰিলে নোবেল কমিটীৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হয়।

Maria Corina Machado

সমালোচনাৰ সন্মুখীন মাৰিয়া

শান্তিৰ নোবেল বঁটা প্ৰদান কৰা বিতৰ্কিত লোকৰ ইতিহাস

শান্তিৰ নোবেল বঁটাক লৈ বিতৰ্ক নতুন নহয়। প্ৰায়ে এই সন্মান কৰ্মীতকৈ বিশিষ্ট নেতা বা ৰাজনীতিবিদক প্ৰদান কৰা হৈছে। কেতিয়াবা, এই নেতাসকলৰ অতীত শান্তিপূৰ্ণ নহয় বুলিও অভিযোগ উত্থাপিত হয়। উদাহৰণস্বৰূপে হেনৰী কিচিঞ্জাৰৰ কথা ক’ব পাৰি। তেওঁ আছিল আমেৰিকাৰ বিদেশ মন্ত্ৰী আৰু ৰাষ্ট্ৰপতি ৰিচাৰ্ড নিক্সনৰ নিৰাপত্তা উপদেষ্টা। কম্বোডিয়াত অবৈধ বোমা বিস্ফোৰণ, ইণ্ডোনেছিয়াৰ ইষ্ট টিমৰ আক্ৰমণক সমৰ্থন কৰা, লেটিন আমেৰিকাৰ একনায়কত্ববাদীক সহায় কৰা আদি গুৰুতৰ অভিযোগৰ সন্মুখীন হৈছিল। তথাপিও তেওঁক শান্তি বঁটাৰে সন্মানিত কৰা হৈছিল।

একেদৰে ইজৰাইলৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মেনাচেম বেগিনেও ১৯৭৮ চনত শান্তিৰ নোবেল বঁটা লাভ কৰিছিল, যদিও তেওঁৰ অতীত হিংসাত্মক কাৰ্যকলাপৰ সৈতে জড়িত আছিল। কিন্তু কোৱা হয় যে বহু সময়ত নোবেল কমিটীয়ে কাৰোবাৰ অতীতৰ সাফল্যৰ বাবে নহয়, ভৱিষ্যতৰ দিশ সলনি কৰাৰ প্ৰয়াস হিচাপে এই বঁটা দিয়া যেন লাগে।