শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰতিবাদৰ ঢৌত ক্ষমতাচ্যুত নেপালৰ প্ৰধানমন্ত্ৰী, পদত্যাগ কৰিলে কে পি শৰ্মা অলিয়ে

চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে মঙলবাৰে পদত্যাগ কৰে নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে। চৰকাৰ বিৰোধী শ্লোগান দি শ শ বিক্ষোভকাৰীয়ে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ কিছু সময়ৰ পিছতে অলিয়ে পদত্যাগ কৰা বুলি খবৰ প্ৰকাশ পাইছে।

প্ৰতিবাদৰ ঢৌত ক্ষমতাচ্যুত নেপালৰ প্ৰধানমন্ত্ৰী, পদত্যাগ কৰিলে কে পি শৰ্মা অলিয়ে
ফাইল ফটোImage Credit source: PTI
manas-borah
Manas Borah | Updated On: 09 Sep 2025 15:30 PM

নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে দেশখনক জোকাৰি যোৱা চৰকাৰ বিৰোধী ব্যাপক প্ৰতিবাদৰ মাজতে মঙলবাৰে পদত্যাগ কৰে। চৰকাৰ বিৰোধী শ্লোগান দি শ শ বিক্ষোভকাৰীয়ে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰা বুলি অভিযোগ উঠা কিছু সময়ৰ পিছতে পদত্যাগ কৰাৰ সিদ্ধান্ত লয় নেপালৰ প্ৰধানমন্ত্ৰী অলিয়ে।

পদত্যাগ কৰাৰ কেইঘণ্টামান পূৰ্বে সোমবাৰৰ প্ৰতিবাদৰ মাজতে ১৯ জন লোকৰ মৃত্যুৰ জবাবদিহিতাৰ দাবীত বালকোটত থকা নেপালৰ নেতাগৰাকীৰ ব্যক্তিগত বাসগৃহত বিক্ষোভকাৰীয়ে অগ্নি সংযোগ কৰাৰ অভিযোগৰ খবৰ প্ৰকাশ পাইছিল। ছ’চিয়েল মিডিয়াৰ ওপৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰুদ্ধে সোমবাৰৰ পৰা চলি থকা হিংসাত্মক প্ৰতিবাদৰ সময়ত কমেও ১৯ জন লোকৰ মৃত্যু হয়।

ইফালে, যোৱা নিশা ছ’চিয়েল মিডিয়াৰ ওপৰত আৰোপ কৰা এই নিষেধাজ্ঞা বাতিল কৰিছিল। কিন্তু সোমবাৰে নেপালৰ গৃহমন্ত্ৰী মেশ লেখকে পদত্যাগৰ পাছতে আজি প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে পদত্যাগ কৰে।

উল্লেখ্য যে,ছ’চিয়েল মিডিয়াত নিষেধাজ্ঞা আৰোপ কৰাৰ বিৰুদ্ধে সোমবাৰৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদ আগ্ৰাসী হৈ পৰে। প্ৰকাশিত খবৰ অনুসৰি, প্ৰতিবাদৰ সময়ত প্ৰতিবাদকাৰীসকলে সংসদত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে। ইয়াৰ মাজতে আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত গুলী আৰু কন্দুৱা গেছ নিক্ষেপ কৰে। য’ত ২০০ৰো অধিক প্ৰতিবাদকাৰী আহত হয় আৰু প্ৰায় ১৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ প্ৰকাশ পায়।

একে সময়তে সোমবাৰৰ দিনটোত প্ৰতিবাদত হতাহতিৰ পিছত নেপালৰ গৃহমন্ত্ৰী ৰমেশ লেখকে পদত্যাগ কৰা খবৰ প্ৰকাশ পায়। সন্ধিয়া ৬ বজাত প্ৰধানমন্ত্ৰী অলিয়ে আহ্বান কৰা কেবিনেট বৈঠকত লেখকে পদত্যাগ পত্ৰ দাখিল কৰে।

ইয়াৰ পাছতে নেপাল চৰকাৰে গভীৰ নিশা ছ’চিয়েল মিডিয়াৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। এক জৰুৰীকালীন কেবিনেট বৈঠকৰ অন্তত নেপালৰ যোগাযোগ, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী পৃথ্বী চুব্বা গুৰুঙে চৰকাৰৰ এই নতুন সিদ্ধান্তৰ কথা ঘোষণা কৰে।

আজি তথা মঙলবাৰে পুৱা এই প্ৰতিবাদে অধিক হিংসাত্মক ৰূপ ধাৰণ কৰে। বহুকেইগৰাকী ৰাজনৈতিক নেতাৰ লগতে নেপালৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী কেপি শৰ্মা অলিৰ বালকোটত থকা ব্যক্তিগত বাসভৱনতো অগ্নি সংযোগ কৰে ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে। যোগাযোগ মন্ত্ৰী পৃথ্বি চুব্বা গুৰুঙৰ বাসগৃহতো অগ্নি সংযোগ কৰা বুলি প্ৰকাশ কৰিছে দ্য হিমালয়ান কাকতে। উল্লেখ্য যে, প্ৰধানমন্ত্ৰী অলিৰ পদত্যাগৰ দাবী তুলিছিল প্ৰতিবাদকাৰীয়ে।