মানহানিৰ গোচৰত দোষী সাব্যস্ত ড’নাল্ড ট্ৰাম্প! ৬৯০ কোটি টকাৰ জৰিমনা…
জুৰীয়ে ট্ৰাম্পক যৌন নিৰ্যাতনৰ দোষী সাব্যস্ত কৰে যদিও এই সিদ্ধান্তত উপনীত হয় যে তেওঁ নিউয়ৰ্কৰ আইন অনুসৰি ধৰ্ষণ কৰা নাই। ট্ৰাম্পে বাৰে বাৰে এই অভিযোগ অস্বীকাৰ কৰি কেৰলে তেওঁৰ কিতাপ বিক্ৰীৰ বাবেই এই সকলোবোৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰে।

মানহানিৰ গোচৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক সকাহ দিবলৈ অস্বীকাৰ কৰে আদালতে। জিন কেৰলৰ মানহানিৰ গোচৰত জুৰীৰ সিদ্ধান্তক ফেডাৰেল আদালতে সমৰ্থন জনায়। লগতে আদালতে ৰাষ্ট্ৰপতিৰ ৰক্ষাকৱচৰ যুক্তি নাকচ কৰি স্পষ্ট কৰি দিলে যে ড’নাল্ড ট্ৰাম্পে ভুক্তভোগীক ৮৩.৩ মিলিয়ন (প্ৰায় ৬৯০ কোটি টকা) দিব লাগিব।
দৰাচলতে ফেডাৰেল আদালতে জুৰীৰ সিদ্ধান্তক সমৰ্থন কৰিছে যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে জিন কেৰলক ৮৩.৩ মিলিয়ন মাৰ্কিন ডলাৰ দিব লাগিব। কাৰণ তেওঁ কেৰলক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পিছত ছ’চিয়েল মিডিয়াত বাৰে বাৰে আক্ৰমণ কৰিছিল।
মানহানিৰ ৰায়ৰ বিৰুদ্ধে ট্ৰাম্পৰ আবেদন নাকচ
সোমবাৰে জাৰি কৰা এক সিদ্ধান্তত আমেৰিকাৰ চাৰ্কিট কোৰ্ট অৱ আপীলে মানহানিৰ ৰায়দানৰ বিৰুদ্ধে ট্ৰাম্পৰ আবেদন খাৰিজ কৰি জুৰীয়ে দিয়া ক্ষতিপূৰণ ন্যায্য আৰু যুক্তিসংগত বুলি কয়। উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতিৰ ৰক্ষাকৱচ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ পিছত এই ধন দিব নালাগে বুলি ট্ৰাম্পে যুক্তি দিছিল। তেওঁৰ অধিবক্তাই নতুন বিচাৰৰ দাবী জনাইছিল।
ট্ৰাম্পৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ
বিগত বছৰ ৮.৮৩ মিলিয়ন মাৰ্কিন ডলাৰৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিছিল মানহাটানৰ চিভিল জুৰীয়ে। এই গোচৰটোত কেৰলৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত ট্ৰাম্পে বাৰে বাৰে কৰা আক্ৰমণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল। উল্লেখ্য যে, ১৯৯৬ চনত মানহাটানৰ ডিপাৰ্টমেণ্ট ষ্ট’ৰত কেৰলৰ ওপৰত ট্ৰাম্পে যৌন নিৰ্যাতন চলোৱা বুলি দাবী কৰা হৈছিল।
এই ক্ষতিপূৰণ এটা পৃথক গোচৰৰ পিছত দিয়া হৈছে, য’ত ট্ৰাম্পক কেৰলক যৌন নিৰ্যাতনৰ দোষী সাব্যস্ত কৰা হৈছিল আৰু ৫ মিলিয়ন মাৰ্কিন ডলাৰ দিবলৈ নিৰ্দেশ দিয়া হৈছিল। যোৱা ডিচেম্বৰ মাহত আপীল আদালতে এই ক্ষতিপূৰণ অব্যাহত ৰাখিছিল।
কেৰলৰ অভিযোগ অস্বীকাৰ কৰে ট্ৰাম্পে
২০২৩ চনত কেৰলে বৰ্ণনা কৰিছিল যে কেনেকৈ ১৯৯৬ চনত বাৰ্গডৰ্ফ গুডমেনৰ পঞ্চম এভিনিউত ট্ৰাম্পৰ সৈতে তেওঁৰ আকস্মিক মুখামুখি হৈছিল। বজাৰ কৰাৰ সময়ত দুয়োৰে মাজৰ সংঘৰ্ষ জোকোৱাৰ কৰাৰ পৰা আৰম্ভ হৈছিল আৰু তাৰ পিছত ড্ৰেছিং ৰুমৰ ভিতৰত হিংসাত্মক কাজিয়াত শেষ হৈছিল।
কেৰলে কয় যে, ড্ৰেছিং ৰুমত ট্ৰাম্পে তেওঁৰ ওপৰত জোৰকৈ আক্ৰমণ কৰিছিল। জুৰীয়ে ট্ৰাম্পক যৌন নিৰ্যাতনৰ দোষী সাব্যস্ত কৰে যদিও এই সিদ্ধান্তত উপনীত হয় যে তেওঁ নিউয়ৰ্কৰ আইন অনুসৰি ধৰ্ষণ কৰা নাই। অৱশ্যে ট্ৰাম্পে বাৰে বাৰে এই অভিযোগ অস্বীকাৰ কৰি কেৰলে তেওঁৰ কিতাপ বিক্ৰীৰ বাবেই এই সকলোবোৰ ষড়যন্ত্ৰ ৰচনা কৰিছে। লগতে তেওঁ কয় যে কেৰল তেওঁৰ ধৰণৰ নহয়।