আমেৰিকাৰ নতুন পৰিকল্পনা! বন্ধ হ’ব নেকি সকলো ভাৰতীয় ‘কল চেণ্টাৰ’? চিন্তিত IT খণ্ড

ৰাছিয়াৰ তেল ক্ৰয়ৰ ‘অপৰাধ’ৰ বাবে ভাৰতৰ ওপৰত ৫০% শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। শুল্ক বৃদ্ধি প্ৰভাৱ ভাৰতীয়ৰ এইচ-১বি ভিছাৰ ওপৰতো পৰিছে। এই ভিছাত ভাৰতীয়সকলে আমেৰিকাত কাম কৰে। ট্ৰাম্পকে ধৰি সোঁপন্থী আন্দোলনৰ সৈতে জড়িত নেতাসকলে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে ভাৰতীয়ই আমেৰিকাৰ নাগৰিকৰ চাকৰি ‘চুৰি’ বা কাঢ়ি লৈছে।

আমেৰিকাৰ নতুন পৰিকল্পনা! বন্ধ হব নেকি সকলো ভাৰতীয় কল চেণ্টাৰ? চিন্তিত IT খণ্ড

প্ৰতীকি ফটো

Updated On: 

08 Sep 2025 12:15 PM

ৱাশ্বিংটনৰ শুল্ক বৃদ্ধিৰ মাজতে ভাৰতৰ ওপৰত বিপদৰ নতুন ডাৱৰৰ সৃষ্টি হৈছে। ভাৰতৰ পৰা আই টি সম্পৰ্কীয় কামৰ ‘আউটচ’ৰ্চিং’ (Outsourcing) বন্ধ কৰাৰ কথা ভাবিছে নেকি আমেৰিকাই? আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী তথা সোঁপন্থী আন্দোলনৰ নেত্ৰী লৰা লুমাৰৰ এই চাঞ্চল্যকৰ দাবীয়ে ভাৰতীয় আইটি কোম্পানীসমূহৰ ভিতৰত উত্তেজনাৰ সৃষ্টি কৰিছে।

লুমাৰৰ মতে, আমেৰিকাৰ কোম্পানীসমূহে প্ৰতিদিনে বহুতো কাম ভাৰতত অৱস্থিত কল চেণ্টাৰৰ পৰা ‘আউটচ’ৰ্চিং’ কৰে। এতিয়া সেই সকলোবোৰ আমেৰিকাৰ কোম্পানীৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব। তেওঁ কয়, “ৰাষ্ট্ৰপতি ট্ৰাম্পে এতিয়া আমেৰিকাৰ প্ৰযুক্তি কোম্পানীসমূহৰ সকলো কাম ভাৰতলৈ আউটচ’ৰ্চিং বন্ধ কৰাৰ কথা ভাবিছে। ইয়াৰ অৰ্থ এই যে এতিয়া ইংৰাজীত শুনিবলৈ ‘২’ টিপি দিয়াৰ দিন শেষ হ’ল। ‘কল চেণ্টাৰক আকৌ আমেৰিকান কৰক’।”

ৰাছিয়াৰ তেল ক্ৰয়ৰ ‘অপৰাধ’ৰ বাবে ভাৰতৰ ওপৰত ৫০% শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। শুল্ক বৃদ্ধি প্ৰভাৱ ভাৰতীয়ৰ এইচ-১বি ভিছাৰ ওপৰতো পৰিছে। এই ভিছাত ভাৰতীয়সকলে আমেৰিকাত কাম কৰে। ট্ৰাম্পকে ধৰি সোঁপন্থী আন্দোলনৰ সৈতে জড়িত নেতাসকলে দীৰ্ঘদিন ধৰি অভিযোগ কৰি আহিছে যে ভাৰতীয়ই আমেৰিকাৰ নাগৰিকৰ চাকৰি ‘চুৰি’ বা কাঢ়ি লৈছে। দ্বিতীয়বাৰৰ বাবে ট্ৰাম্প ৰাষ্ট্ৰপতি হোৱাৰ পিছৰে পৰা বহু অভিযোগ উত্থাপন হৈছে যে তেওঁ নন-আমেৰিকানসকলৰ ওপৰত বিভিন্ন বাধা আৰোপ কৰিছে, আৰু তেওঁলোকক দেশ এৰি যাবলৈ বাধ্য কৰাইছে। ট্ৰাম্পৰ এই ধাৰণাৰ বিৰুদ্ধে আমেৰিকাত চলিছে ধৰ্মঘট আৰু আন্দোলন। সেই আন্দোলন বন্ধ কৰিবলৈ ট্ৰাম্পে পুনৰবাৰ নেশ্যনেল গাৰ্ডক ৰাজপথলৈ আনিছে।

ট্ৰাম্পৰ সহায়িকা লৰা লুমাৰৰ মন্তব্যৰ পিছতে বৃদ্ধি পাইছে ভাৰত বিৰোধী উদ্বেগ। ভাৰতীয়সকলে সঠিকভাৱে ইংৰাজী ক’ব নোৱাৰে বুলিও কয় তেওঁ। অৱশ্যে যিকোনো সচেতন ব্যক্তিয়ে জানে যে এই অভিযোগ সম্পূৰ্ণ মিছা। বহু আমেৰিকান কোম্পানীয়ে আই টি সম্পৰ্কীয় কাম সস্তাতে কৰিবলৈ ভাৰত বা মেক্সিকোৰ দৰে দেশৰ ওপৰত নিৰ্ভৰশীল। আমেৰিকাত বাস কৰা মানুহে যেতিয়া আই টি কোম্পানী এটালৈ ফোন কৰে, তেতিয়া শুনিবলৈ পায়, ‘স্পেনিছ ভাষাত শুনিবলৈ ১ টিপক, ইংৰাজীত শুনিবলৈ ২ টিপক।’ আচলতে সেই দেশবোৰত আমেৰিকাৰ কোম্পানীয়ে কল চেণ্টাৰ চলায়।

সেই কল চেণ্টাৰসমূহৰ জৰিয়তে ভাৰতীয়সকলে আমেৰিকানসকলক ফোন বা ইমেইলযোগে কাৰিকৰী কামত সহায় কৰে। ইয়াৰ ফলত আমেৰিকাৰ কোম্পানীসমূহৰ খৰচ কমি যায়। কাৰণ, একে কামৰ দৰমহা এজন আমেৰিকান নাগৰিকক বহুত বেছি হ’লহেঁতেন। আনহাতে ভাৰতৰ দৰে কল চেণ্টাৰ চলি থকা দেশত কৰ্মসংস্থাপনৰ সৃষ্টি হয়।

কিন্তু  এতিয়া ট্ৰাম্পে ইয়াৰ বিৰুদ্ধেও পদক্ষেপ ল’ব নেকি? এতিয়াৰ বাবে এই প্ৰশ্নক লৈ চিন্তিত হৈ পৰিছে ভাৰতীয় আই টি কোম্পানী। কাৰণ, যদি তেনেকুৱা হয়, তেন্তে বহু কোম্পানীয়ে কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগিব। যাৰ প্ৰত্যক্ষ প্ৰভাৱ দেশৰ অৰ্থনীতিত পৰিব।

চুলি ফণিয়াবলৈ লেতেৰা ফণি ব্যৱহাৰ কৰে নেকি? হ’ব পাৰে এনে সমস্যা
হঠাতে বৃদ্ধি পাব পাৰে ৰক্তচাপ...এই তিনিটা লক্ষণ কেতিয়াও আওকাণ নকৰিব
প্ৰায় সকলোৰে পাকঘৰত ব্যৱহাৰ হোৱা এই মচলা হ'ব পাৰে বৃক্ক নষ্টৰ কাৰণ...
মনৰ কামনা হ'ব পূৰণ!এনেকৈ সন্তুষ্ট কৰক হনুমানক...