দিনতেই আন্ধাৰত ডুব যাব পৃথিৱী! এই দিনটোত বিশ্ববাসী সাক্ষী হ’ব শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণৰ
আৰু মাত্ৰ কেইটামান দিনৰ পিছতে শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। স্বাভাৱিকতেই এয়া হ’ব এক বিৰল আৰু অবিস্মৰণীয় পৰিঘটনা, কিয়নো এই দিনটোত বিশ্বৰ কিছুমান স্থানত দিনৰ ভাগতে ৰাতিৰ দৰে আন্ধাৰে আৱৰি ৰাখিব। পিছে কেতিয়া দেখা যাব এই বিৰল পৰিঘটনা, জানো আহক এই বিষয়ে।

মাজত আৰু মাত্ৰ কেইটামান দিন, তাৰ পিছতে শতিকাৰ দীৰ্ঘতম সূৰ্যগ্ৰহণৰ সাক্ষী হ’ব বিশ্ববাসী। স্বাভাৱিকতেই এয়া হ’ব এক বিৰল আৰু অবিস্মৰণীয় পৰিঘটনা, কিয়নো এই দিনটোত বিশ্বৰ কিছুমান স্থানত দিনৰ ভাগতে ৰাতিৰ দৰে আন্ধাৰে আৱৰি ৰাখিব। গতিকে এই দিনটো জ্যোতিৰ্বিজ্ঞান প্ৰেমী আৰু বিশ্বৰ কোটি কোটি মানুহৰ বাবে এক ঐতিহাসিক দিন হৈ পৰিব। পিছে কেতিয়া দেখা যাব এই বিৰল পৰিঘটনা, নিশ্চিতভাৱে এয়া সকলোৰে মনত উদয় হোৱা প্ৰশ্ন। প্ৰকাশিত খবৰ অনুসৰি, অহা বৰ্ষত অৰ্থাৎ ২০২৭ চনৰ ২ আগষ্টত এই ক্ষণৰ সাক্ষী হ’ব বিশ্ববাসী।
সুদীৰ্ঘ ১০০ বছৰৰ পিছত এই দৃশ্য দেখিবলৈ পোৱা যাব। এয়া হ’ব শতিকাৰ আটাইতকৈ দীঘলীয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ। এই সূৰ্যগ্ৰহণ প্ৰায় ৬ মিনিট ২৩ ছেকেণ্ড সময় ধৰি চলিব। এই সময়ছোৱাত দুপৰীয়া আকাশখন আন্ধাৰে ঢাকি ৰাখিব। উল্লেখ্য যে যেতিয়া চন্দ্ৰ পৃথিৱী আৰু সূৰ্যৰ সম্পূৰ্ণ মাজলৈ আহে, তেতিয়াই সম্পূৰ্ণ সূৰ্যগ্ৰহণ হয়। চন্দ্ৰৰ এই অৱস্থানৰ বাবে সূৰ্যৰ পোহৰ পৃথিৱীলৈ যাব নোৱাৰে আৰু দিনতে আন্ধাৰ হৈ পৰে।
জ্যোতিৰ্বিজ্ঞানীসকলৰ মতে, ২০২৭ চনৰ ২ আগষ্টৰ সূৰ্যগ্ৰহণ বহুসময় ধৰি চলিব। এই সম্পূৰ্ণ সূৰ্যগ্ৰহণ মূলতঃ উত্তৰ আফ্ৰিকা, মধ্যপ্ৰাচ্য আৰু ইউৰোপৰ কিছুমান দেশত দেখা যাব। ইজিপ্তৰ লুক্সৰ চহৰ এই সূৰ্যগ্ৰহণৰ বাবে এক প্ৰধান পৰ্যবেক্ষণ স্থান হ’ব। এই চহৰৰ পৰা সৰ্বাধিক সময়ৰ বাবে সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব। ইয়াৰ উপৰিও স্পেইন, মৰক্কো, আলজেৰিয়া, টিউনিছিয়া, লিবিয়া, চুডান, চৌদি আৰব আৰু য়েমেনৰ কিছু অংশতো সম্পূৰ্ণ সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰিব।
কিন্তু ভাৰতৰ দিল্লী, মুম্বাই, চেন্নাই, কলকাতাৰ দৰে চহৰত আংশিক সূৰ্যগ্ৰহণ হিচাপেহে দেখিবলৈ পোৱা যাব। ২০২৭ চনৰ ২ আগষ্টৰ পিছত পৰৱৰ্তী সময়ত কিছু দীঘলীয়া সম্পূৰ্ণ সূৰ্যগ্ৰহণ ২০৩৭ চনৰ ১৩ জুলাইত দেখা যাব। অৱশ্যে সেয়াও কেৱল কিছুমান ঠাইতহে সম্পূৰ্ণৰূপে দেখা যাব।
সাধাৰণতে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ সময়ত কিছুমান সাৱধানতা অৱলম্বন কৰা হয়। মূলতঃ খালী চকুৰে সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰাৰ পৰা বিৰত থাকিব লাগে, অন্যথা চকুত ইয়াৰ বিপদজনক প্ৰভাৱ পৰিব পাৰে। সদায় সৌৰ ফিল্টাৰযুক্ত চশমা বা টেলিস্কোপ ব্যৱহাৰ কৰি সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব লাগে।