শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিন বেয়ালৈ আহিছে নেকি সন্ত্ৰাসবাদীৰ? মুকলি আকাশৰ তলত খেদি খেদি প্ৰহাৰ লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰক

অপাৰেচন মহাদেৱত নিহত হোৱা হাবিব তাহিৰ ওৰফে ছোটুৰ জানাজা অনুষ্ঠিত লস্কৰ সন্ত্ৰাসবাদী সংগঠনৰ এগৰাকী নেতাক প্ৰহাৰ কৰা হয়। পাক অধিকৃত কাশ্মীৰৰ কুইয়াঁ গাঁৱত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত JQM কমাণ্ডাৰ ৰিজৱান হানিফ গাঁওবাসীৰ তীব্ৰ বিৰোধৰ সন্মুখীন হয়।

দিন বেয়ালৈ আহিছে নেকি সন্ত্ৰাসবাদীৰ? মুকলি আকাশৰ তলত খেদি খেদি প্ৰহাৰ লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰক
সন্ত্ৰাসবাদী (প্ৰতীকী ছবি)Image Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 04 Aug 2025 15:49 PM

ভাৰতীয় সেনাৰ অপাৰেচন মহাদেৱৰ পাচত পাক অধিকৃত কাশ্মীৰৰ এগৰাকী সাংবাদিকৰ এক চাঞ্চল্যকৰ দাবী পোহৰলৈ আহিছে। LeT, HM, HUJI সহ অলকায়ডাই প্ৰশিক্ষণ শিবিৰ স্থাপন কৰিছে উক্ত অঞ্চলত। অপাৰেচন সেন্দূৰত ব্যাপক ক্ষতিৰ সন্মুখীন হোৱাৰ পাছত স্থানীয় লোকৰ মাজত সন্ত্ৰাসবাদী সংগঠনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ দেখা গৈছে।

পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনত ভৰ্তি হ’বলৈ মুকলি বিৰোধ কৰা দেখা গৈছে স্থানীয় লোকৰ মাজত। আনকি সন্ত্ৰাসবাদী নেতাকো মুকলি আকাশৰ তলত প্ৰহাৰ কৰা দেখা গৈছে একাংশ লোকে।

অপাৰেচন মহাদেৱত নিহত হোৱা হাবিব তাহিৰ ওৰফে ছোটুৰ জানাজা অনুষ্ঠিত লস্কৰ সন্ত্ৰাসবাদী সংগঠনৰ এগৰাকী নেতাক প্ৰহাৰ কৰা হয়। পাক অধিকৃত কাশ্মীৰৰ কুইয়াঁ গাঁৱত লস্কৰ-ই-তৈবাৰ সৈতে জড়িত JQM কমাণ্ডাৰ ৰিজৱান হানিফ গাঁওবাসীৰ তীব্ৰ বিৰোধৰ সন্মুখীন হয়।

নিজৰ সশস্ত্ৰ বাহিনীৰ সৈতে গাঁওখনৰ পৰা পলায়ন কৰিবলৈ বাধ্য হয় হানিফ। গাঁৱৰ লোকে এক সাৰ্বজনীন জিৰগা (স্থানীয় পঞ্চায়ত) আহ্বানৰ প্ৰস্তুতি চলাইছে, যাতে সন্ত্ৰাসবাদী সংগঠনত অন্তৰ্ভুক্তি আৰু গতিবিধিৰ উচিত প্ৰত্যুত্তৰ দিব পাৰে।

লস্কৰ সন্ত্ৰাসবাদীক চৰ-ভুকু-লাঠেৰে সম্ভাষণ

শ্ৰীনগৰৰ হৰৱানত নিহত হোৱা সন্ত্ৰাসবাদী হাবিব তাহিৰ লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আছিল, সেই সংগঠনৰ অধীনত প্ৰশিক্ষণো লাভ কৰিছিল হাবিবে। ৩০ জুলাইত বিয়লি ৪ বজাত পাক অধিকৃত কাশ্মীৰত মৃতদেহ অবিহনেই তেওঁৰ জানাজা সম্পন্ন কৰা হয়। পৰিয়ালৰ লোকে স্পষ্ট কৰি দিছিল যে লস্কৰ বা তেনে সংগঠনৰ সৈতে জড়িত কোনো লোকে এই অনুষ্ঠানত অংশ ল’ব নোৱাৰিব।

কিন্তু ৰিজৱান হানিফে নিজৰ অস্ত্ৰৰে সজ্জিত সহযোগীৰ সৈতে জানাজাৰ স্থানত উপস্থিত হয়। সেই সময়তেই উপস্থিত ৰাইজে বাধা প্ৰদান কৰাত হানিফৰ ভতিজাকে লোকসকলক বন্দুক দেখুৱাই ভাবুকি দিয়ে। ইতিমধ্যে ক্ষোভিত হৈ থকা লোকসকলে ৰিজৱানক প্ৰহাৰ কৰে।

সষ্টম প্ৰশাসন

পাক অধিকৃত কাশ্মীৰৰ নিবাসী নৌমান শ্বাহজানে খুৰাহটত এক সন্মিলনৰ বাবে অনুমতি বিচাৰিছিল। তথ্য পোৱা গৈছিল যে, এই সন্মিলনত একাংশ সশস্ত্ৰ লোকেও অংশ লোৱাৰ কথা আছিল। সুৰক্ষাৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে এই কাৰ্যসূচীৰ বাবে অনুমতি দিবলৈ অস্বীকাৰ কৰে আৰু ইয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হয়।

ইয়াৰ বাহিৰেও এনে কোনো কাৰ্যসূচী আয়োজন নকৰিবলৈ আয়োজকসকলক স্পষ্ট নিৰ্দেশ দিয়া হৈছিল। এছডিএম হৰি গেহল আৰু এছএইচঅ’ চিটি বাগক এই নিৰ্দেশ সম্পূৰ্ণৰূপে পালন কৰাটো নিশ্চিত কৰিবলৈ কোৱা হৈছে।