চিৰদিনৰ বাবে বন্ধ হৈ পৰিব ডাকঘৰৰ এই সেৱা, জাননী জাৰি…
জাৰি কৰা অধিসূচনাত কোৱা হৈছে যে এই সিদ্ধান্ত ডাক সেৱাক অধিক স্বচ্ছ, দ্ৰুত আৰু সৰ্বোপৰি অনুসৰণযোগ্য কৰি তোলাৰ বাবে কৰা হৈছে। অৰ্থাৎ গ্ৰাহকৰ হাতত সদায় তেওঁৰ কুৰিয়াৰৰ খবৰ থাকিব।
আন বহুতো পুৰণি সেৱাৰ দৰে বয়স বৃদ্ধি হৈ আহিছে ডাকঘৰৰ । বছৰ বছৰ ধৰি এই দেশৰ প্ৰতিজন ব্যক্তিক সেৱা আগবঢ়াই আহিছে ডাকঘৰে। কিন্তু এতিয়া সময়ৰ পৰিৱৰ্তনৰ লগে লগে বন্ধ কৰিবলৈ আগবাঢ়িছে ডাকঘৰৰ আটাইতকৈ পুৰণি সেৱা। আগন্তুক ছেপ্টেম্বৰৰ পৰা সেই সেৱাসমূহ নিৰৱে বন্ধ কৰি দিয়া হ’ব। জুলাই মাহৰ আৰম্ভণিতে উচ্চ পদস্থ বিষয়াই দেশৰ ডাক বিভাগ বা ডাকঘৰৰ কৰ্মচাৰীৰ বাবে জাৰি কৰিছে আভ্যন্তৰীণ জাননী ।
আগন্তুক ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা, ডাকঘৰৰ স্পীড পোষ্টৰ সৈতে একত্ৰিত কৰি নিৰ্দিষ্ট ধৰণে ডাক সেৱা প্ৰদান কৰা হ’ব বুলি জনোৱা হৈছে। স্বাভাৱিকতে এই শব্দ দুটাৰ লগত বহুতে বিশেষভাৱে পৰিচিত নহয়। স্পীড পোষ্ট বহুলভাৱে শুনা যায় যদিও পঞ্জীয়নভুক্ত পোষ্ট কি হয়তো বহুতে নাজানে। সবিশেষ জানিবলৈ আমাৰ এই প্ৰতিবেদন চাওক…
Latest Videos