আপোনাৰ এনে অভ্যাস হৈ পৰিব পাৰে ডায়েবেটিছ বৃদ্ধিৰ কাৰণ

4 August 2025

TV9 ASSAM

কেৱল মিঠাই খালেহে যে ডায়েবেটিছ বাঢ়ে, তেনে নহয়। আমাৰ দৈনন্দিন কিছুমান অভ্যাসো দেহত ডায়েবেটিছ বৃদ্ধিৰ কাৰণ হ’ব পাৰে।

ডায়েবেটিছ

পৰ্যাপ্ত টোপনিৰ অভাৱত শৰীৰৰ ইনচুলিনৰ প্ৰতি সংবেদনশীলতা হ্ৰাস পায়। যদি আপুনি ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব বিচাৰে, প্ৰতিদিনে পৰ্যাপ্ত সময় শুবলৈ চেষ্টা কৰক।

টোপনিৰ অভাৱ

মানসিক চাপৰ সময়ত শৰীৰে কৰ্টিছল হৰম’ন নিৰ্গত কৰে, ই তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে। গতিকে অত্যধিক মানসিক চাপ লোৱাৰ পৰা বিৰত থাকক।

মানসিক চাপ

শৰীৰত পানী কম হ’লে তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায়। সেয়ে দেহ হাইড্ৰেট কৰি ৰাখিবলৈ দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খোৱা উচিত।

ডিহাইড্ৰেচন

ষ্টেৰইড বা কিছুমান এণ্টিডিপ্ৰেছন ঔষধে তেজৰ চেনিৰ নিয়ন্ত্ৰণত ব্যাঘাত জন্মাব পাৰে। গতিকে যিকোনো ঔষধ গ্ৰহণৰ পূৰ্বে চিকিৎসকৰ পৰা ভালদৰে পৰামৰ্শ লওক।

কিছুমান ঔষধ

সময়মতে খাদ্য নাখালে যকৃতে জমা হোৱা গ্লুক’জ নিৰ্গত কৰে। গতিকে নিৰ্দিষ্ট সময়ত ফাইবাৰ, প্ৰটিন আৰু স্বাস্থ্যকৰ কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰক।

খাদ্য নোখোৱা

বহু সময়ত প্ৰচেছড খাদ্যৰ পেকেটৰ ওপৰত স্বাস্থ্যকৰ বুলি লিখা হয়, কিন্তু ইয়াত বহু পৰিমাণে কৃত্ৰিম চেনি থাকে। গতিকে প্ৰচেছড খাদ্য গ্ৰহণৰ সময়ত সাৱধান হওক।

প্ৰচেছড খাদ্য

পঢ়িবলৈ ক্লিক কৰক 

প্রেমানন্দ মহাৰাজে ক'লে ভয়ানক সপোনৰ অৰ্থ