4 AUG 2025
TV9 ASSAM
খাদ্যৰ লগতে অন্য কামতো বিলাহী ব্যৱহাৰ হয়। বিলাহী ছালৰ বাবে ভাল। বিলাহীৰ ৰসে ছালৰ দাগ নোহোৱা কৰাত সহায় কৰে।
দৈ স্বাস্থ্যৰ লগতে ছালৰ বাবেও ভাল। ই ছালখন ঠাণ্ডা আৰু কোমল কৰি ৰখাত সহায় কৰে। বহুতে ছাল আৰু চুলিত দৈ ব্যৱহাৰ কৰে।
আপুনি যদি বিলাহী আৰু দৈৰ পেষ্ট বনাই ১০ মিনিট মুখত লগাই ৰাখে তেন্তে ছাল উজ্বল আৰু ধুনীয়া হৈ পৰে। অৱশ্যে এই পেষ্ট সদায় লগাব নালাগে।
আপুনি বিলাহীটো মিস্কিত ভালদৰে পেষ্ট কৰি ল'ব। তাৰ পাছত মুখত লগাব। ১০ মিনিটমান ৰাখি মুখখন ধুই দিব। সপ্তাহত ২-৩ বাৰ আপুনি এই পেষ্ট মুখত লগাব পাৰে।
যিসকল লোকৰ ছাল তেলেতীয়া, সেইসকল লোকে এই পেষ্ট ব্যৱহাৰ কৰিব পাৰে। অৱশ্যে ব্যৱহাৰৰ পাছত যদি কিবা অসুবিধা হয় তেন্তে এয়া নলগাব।
বহুতে শালমইনাৰ সমস্যাত ভোগা দেখা যায়। যিসকলৰ পিম্পল বা শালমইনা আছে সেইসকলে এই পেষ্ট মুখত লগাব পাৰে। ই শালমইমাৰ দাগো আঁতৰায়।
ই আপোনাৰ ছালত উজ্বল কৰি তোলাত সহায় কৰিব। মাত্ৰ কেইটামান দিনৰ ভিতৰতে আপুনি পাৰ্থক্য দেখিবলৈ পাব।
পঢ়িবলৈ ক্লিক কৰক