4 AUG 2025
TV9 ASSAM
Credits: Getty Images
বৰ্তমান সময়ত যুৱক-যুৱতীসকলৰ মাজত কৰ্মৰ চাপ বাঢ়িছে। এফালে ব্যক্তিগত সমস্যা, আনফালে সামাজিক চাপ বৃদ্ধি। ফলত উদ্বিগ্নতা, হতাশাৰ লগতে হৃদৰোগে দেখা দিয়ে।
বহু ল’ৰা-ছোৱালী কম বয়সতে বেয়া অভ্যাসৰ প্ৰতি আসক্ত হৈ পৰে। ধূমপান আৰু অত্যধিক মদ্যপানে ৰক্তচাপ বৃদ্ধি কৰে। হৃদযন্ত্ৰৰ পেশী দুৰ্বল হৈ পৰে। ফলত হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায়।
নিয়মিতভাৱে কোকেইন আৰু এম্ফেটামাইনৰ দৰে ড্ৰাগছ সেৱন কৰিলে প্ৰত্যক্ষভাৱে হাৰ্ট এটেক হ’ব পাৰে। এইবোৰে হৃদস্পন্দনৰ ছন্দত ব্যাঘাত জন্মায়।
লগতে উচ্চ ৰক্তচাপ, ডায়েবেটিছ, উচ্চ কলেষ্টেৰল আৰু মেদবহুলতাৰ দৰে দীৰ্ঘদিনীয়া সমস্যাই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে।
যদি পৰিয়ালটোৰ কোনোবাই কম বয়সতে হৃদৰোগত আক্ৰান্ত হৈছে, তেন্তে পৰিয়ালৰ বাকী সদস্যসকলো হৃদৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক।
কম বয়সতে প্ৰায়সকল লোকে সৰু সৰু স্বাস্থ্যজনিত সমস্যাক সকলোৱে আওকাণ কৰে। সময়মতে চিকিৎসা নকৰিলে অৱস্থা বেয়া হৈ পৰে। ফলত জীৱন হেৰুৱাৰ আশংকা অত্যধিক বাঢ়ি যায়।
যদি কম বয়সতে কাৰোবাৰ হৃদৰোগ ধৰা পৰে, তেন্তে চিকিৎসকৰ সঠিক পৰামৰ্শ মানি চলাটো প্ৰয়োজনীয়।
চাবলৈ ক্লিক কৰক