ভয়ানক জাহাজ দুৰ্ঘটনাত প্ৰাণ গ’ল ৬৮ জনৰ, এতিয়াও সন্ধানহীন ৭০ জনতকৈ অধিক লোক
বেয়া বতৰৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত জাহাজখনত ১৫৭ জন লোক আছিল বুলি জানিব পৰা গৈছে।

এক ভয়ংকৰ জাহাজ দুৰ্ঘটনাই বিশ্বজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। এই দুৰ্ঘটনাই এতিয়ালৈকে প্ৰাণ কাঢ়ি নিছে ৬৮ জন লোকৰ। আনহাতে প্ৰায় ৭৪ জন লোক এতিয়াও সন্ধানহীন হৈ আছে বুলি তথ্য পোহৰলৈ আহিছে। অৰ্থাৎ এই দুৰ্ঘটনাৰ ফলত নিহত লোকৰ সংখ্যা বৃদ্ধিৰ পূৰ্ণ সম্ভাৱনা আছে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে য়েমেনৰ উপকূল অঞ্চলত। বেয়া বতৰৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। দুৰ্ঘটনাগ্ৰস্ত জাহাজখনত ১৫৭ জন লোক আছিল বুলি জানিব পৰা গৈছে।
য়েমেনৰ আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাৰ মুৰব্বীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰা মতে, দেওবাৰে য়েমেনৰ দক্ষিণ প্ৰদেশ আবিয়ানৰ ওচৰত জাহাজখন দুৰ্ঘটনাত পতিত হয়। ইতিমধ্যে ১২ জন লোকক উদ্ধাৰ কৰা হৈছে যদিও কেইবা ডজন লোক সন্ধানহীন হৈ থকা বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে।
নাওখনত থকা অধিকাংশ যাত্ৰীয়েই ইথিওপিয়াৰ নাগৰিক বুলি ধাৰণা কৰা হৈছে। আফ্ৰিকান ৰাষ্ট্ৰৰ পৰা কামৰ সন্ধানত উপসাগৰীয় ৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰা লোকসকলৰ বাবে য়েমেন এক গুৰুত্বপূৰ্ণ পথ হিচাপে পৰিগণিত হৈ আহিছে। যোৱা কেইমাহমানত এই অঞ্চলত জাহাজ দুৰ্ঘটনাত বহু লোকৰ মৃত্যু হৈছে বা নিৰুদ্দেশ হৈছে বুলি বিষয়াগৰাকীয়ে কয়।
ইতিমধ্যে দুৰ্ঘটনাস্থলী উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলা হৈছে আৰু বহু মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলিও কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে বিগত মাৰ্চ মাহত য়েমেনৰ ধুবাব উপকূলত ১৮০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীক কঢ়িয়াই অনা দুখন জাহাজ দুৰ্ঘটনাত পতিত হৈছিল।
এই দুৰ্ঘটনাত মাত্ৰ দুজন ক্ৰুৰ সদস্যকহে উদ্ধাৰ কৰিব পৰা হৈছিল। আন্তৰ্জাতিক প্ৰব্ৰজন সংস্থাৰ ‘Missing Migrants Project’ ৰ তথ্য মতে যোৱা দশকত এই পথটোত ৩৪০০ৰো অধিক লোকৰ মৃত্যু আৰু নিৰুদ্দেশ হোৱাৰ তথ্য লাভ কৰা হৈছে। ইয়াৰ পিছতো অৱশ্যে এই বিপদসংকুল পথেৰে কৰ্মসংস্থানৰ বাবে প্ৰব্ৰজন অব্যাহত আছে।