শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শ্ৰমিক আন্দোলনৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈ এগৰাকী ৪৪ বছৰীয়া মহিলা

৪৪ বছৰীয়া এগৰাকী মহিলা। ৰহস্যঘন কাহিনীসমৃদ্ধ কিতাপ পঢ়ি ভাল পায় এইগৰাকী মহিলাই। এতিয়া তেওঁ হ'ব এখন দেশৰ প্ৰধানমন্ত্ৰী। শ্ৰমিক আন্দোলনেৰে আৰম্ভ হোৱা তেওঁৰ যাত্ৰা এতিয়া যেন উপনীত হৈছে শিখৰত। কোন এইগৰাকী মহিলা, চাওক সবিশেষ-

শ্ৰমিক আন্দোলনৰ পৰা প্ৰধানমন্ত্ৰীৰ আসনলৈ এগৰাকী ৪৪ বছৰীয়া মহিলা
লিথুৱেনিয়াৰ নতুন প্ৰধানমন্ত্ৰীImage Credit source: Tv9 Bharatvarsh
raj-saikia
Raj Saikia | Published: 27 Aug 2025 14:07 PM

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ইউৰোপত ৪৪খন দেশ আছে। ইয়াৰ ভিতৰত ফ্ৰান্স, জাৰ্মানী, ইটালীৰ দৰে ডাঙৰ দেশৰ বিষয়ে প্ৰায়ে আলোচনা কৰা হয়। কিন্তু ইয়াৰ ভিতৰত শেহতীয়াকৈ লিথুৱেনিয়া নামৰ এখন সৰু দেশ চৰ্চালৈ আহিছে। ইউৰোপীয় সংঘ আৰু নাটোৰ সদস্য তথা ৰাছিয়াৰ সীমান্তৰ লগত সংলগ্ন এখন দেশ লিথুৱেনিয়া। বাতৰিত দেশখনক লৈ চৰ্চা হোৱাৰ কাৰণ নতুন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন।

লিথুৱেনিয়াৰ সংসদে ৪৪ বছৰীয়া ইংগা ৰুগিনিনক দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিছে। পেছাত ট্ৰেড ইউনিয়নৰ নেত্ৰী আৰু ৰাজনীতিত তেওঁক তুলনামূলকভাৱে নতুন মুখ হিচাপে গণ্য কৰা হয়। এইগৰাকী নেত্ৰীৰ বিষয়ে সকলো কথা বিতংভাৱে জানো আহক।

কেনেকৈ প্ৰধানমন্ত্ৰী হ’ল?

সংবাদ মাধ্যমত তেওঁৰ ব্যৱসায়িক আৰু আৰ্থিক লেনদেনৰ বাতৰি প্ৰকাশ পোৱাৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী জিনটাউটাছ পালুকাছে পদত্যাগ কৰিবলগীয়া হৈছিল। ইয়াৰ পিছত ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টিয়ে প্ৰধানমন্ত্ৰীৰ পদৰ বাবে ইংগা ৰুগিনিনৰ নাম প্ৰস্তাৱ কৰে। সংসদত অনুষ্ঠিত ভোটদানত তেওঁ ৭৮টা ভোট লাভ কৰাৰ বিপৰীতে ৩৫জন সাংসদে তেওঁৰ বিৰুদ্ধে ভোটদান কৰে।

শ্ৰমিক আন্দোলনৰ পৰা ক্ষমতাৰ শিখৰলৈকে

ইংগা ৰুগিনিনৰ ৰাজনৈতিক কেৰিয়াৰ এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছে। ২০২৩ চনৰ সাধাৰণ নিৰ্বাচনৰ ঠিক আগতেই কেন্দ্ৰীয় বাওঁপন্থী ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টিত যোগদান কৰে ৰুগিনিনে। দলটোৱে তেওঁক সামাজিক সুৰক্ষা আৰু শ্ৰম মন্ত্ৰী হিচাপে নিযুক্তি দিয়ে, য’ত তেওঁ নিজৰ অভিজ্ঞতা ব্যৱহাৰ কৰে। ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে লিথুৱেনিয়াৰ ফেডাৰেচন অৱ লেবাৰ ইউনিয়নৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ লগতে ইউৰোপীয় শ্ৰমিক সংগঠনসমূহতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে তেওঁ।

ৰাছিয়া আৰু ইউক্ৰেইনৰ সৈতে বিশেষ সংযোগ

১৯৮১ চনৰ ২৪ মে’ত ট্ৰাকাইত জন্মগ্ৰহণ কৰিছিল ৰুগিনিনে। শৈশৱৰ বেছিভাগ সময় তেওঁ ৰাজধানী ভিলনিয়াছত কটায়। গ্ৰীষ্মকালীন ছুটীৰ সময়ত তেওঁ প্ৰায়ে পূব ইউক্ৰেইনৰ ক্ৰমাটৰ্স্ক চহৰলৈ গৈছিল, য’ত তেওঁৰ পৰিয়ালৰ আত্মীয়-স্বজনে বাস কৰিছিল। এই কাৰণেই তেওঁৰ জীৱনৰ শিপা তিনিওখন ঠাইৰ লগত সংযোগ হৈ আছে – লিথুৱেনিয়া, ইউক্ৰেইন আৰু ৰাছিয়া। অৱশ্যে ৰুগিনিনে ৰাছিয়াৰ আগ্ৰাসী নীতিক সমালোচনা কৰি ইউক্ৰেইনৰ সমৰ্থনত কণ্ঠস্বৰ উত্থাপন কৰি আহিছে।

অনুসন্ধানমূলক কিতাপ পঢ়ি ভাল পায়

ৰাজনীতিৰ বাহিৰেও ৰুগিনিন পঢ়াৰ প্ৰতি আকৰ্ষিত। বিশেষকৈ অনুসন্ধানমূলক আৰু ৰহস্য-থ্ৰিলাৰ কিতাপ তেওঁ ভাল পায়। তেওঁ প্ৰিয় কিতাপৰ ভিতৰত দ্য লিটল প্ৰিন্সক গণ্য কৰিছে। ইয়াৰ উপৰিও ভ্ৰমণ আৰু চিত্ৰকলাৰ বাবেও সময় দিয়ে, যাৰ ফলত ব্যস্ত ৰাজনৈতিক জীৱনৰ পৰা সকাহ পায়।

শক্তিশালী সংখ্যাগৰিষ্ঠতা, স্থিতিশীলতাৰ প্ৰত্যাহ্বান

সোমবাৰে ছ’চিয়েল ডেম’ক্ৰেটিক পাৰ্টিয়ে আন দুটা দলৰ সৈতে নতুন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ চুক্তিত স্বাক্ষৰ কৰে। এই মিত্ৰজোঁটৰ সমৰ্থন আছে সংসদৰ ১৪১খন আসনৰ ভিতৰত ৮২খন আসনৰ (ছেইমাছ)। এতিয়া নতুন প্ৰধানমন্ত্ৰীৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে চৰকাৰক স্থিতিশীলতাৰ দিশত আগুৱাই নিয়া আৰু ভোটাৰৰ আশা অনুসৰি কাৰ্যনিৰ্বাহ কৰা। অহা ১৫ দিনত তেওঁ সংসদত চৰকাৰৰ কাৰ্যসূচী দাঙি ধৰিব লাগিব, য’ত নিৰাপত্তা, অৰ্থনৈতিক উন্নয়ন আৰু সমাজ কল্যাণৰ দৰে বিষয়সমূহ প্ৰধান হ’ব।