শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ChatGPT News: AI যুদ্ধৰ নতুন বেছ কেম্পলৈ পৰিণত, আমেৰিকাৰ পাছতে ভাৰত!

ChatGPT News: AI যুদ্ধৰ নতুন বেছ কেম্পলৈ পৰিণত, আমেৰিকাৰ পাছতে ভাৰত!

manas-borah
Manas Borah | Published: 26 Aug 2025 22:23 PM

বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ সংখ্যাৰ ক্ষেত্ৰত ২য় স্থানত আছে ভাৰত। ক’ব পাৰি যে, কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰৰ ক্ষেত্ৰত আমেৰিকাৰ পিছতে আছে ভাৰত।

কৃত্ৰিম বুদ্ধিমত্তা এতিয়া বাস্তৱ। এই ভিত্তিতে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰতি আস্থা বাঢ়িছে ব্যৱহাকাৰীৰ। বিশেষকৈ ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰকাৰী সংখ্যাই গঢ়িছে অভিলেখ। বৰ্তমান কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰৰ সংখ্যাৰ ক্ষেত্ৰত ২য় স্থানত আছে ভাৰত। ক’ব পাৰি যে, কৃত্ৰিম বুদ্ধিমত্তাৰ বজাৰৰ ক্ষেত্ৰত আমেৰিকাৰ পিছতে আছে ভাৰত।

শেহতীয়াকৈ চাট-জিপিটিৰ মূল কোম্পানী অ’পেন এআইয়ে ভাৰতত নতুন কাৰ্যালয় মুকলি কৰাৰ পৰিকল্পনা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। Open AI ৰ বাবে এই পদক্ষেপটো একেবাৰেই প্ৰতীকী নহয়। কাৰণ, ইতিমধ্যে ভাৰত চাট-জিপিটিৰ দ্বিতীয় বৃহত্তম বজাৰ। আৰু আন দেশৰ তুলনাত ভাৰতত কৃত্ৰিম বুদ্ধিমত্তাৰ গ্ৰহণযোগ্যতা অতি দ্ৰুতগতিত বাঢ়িছে। এবছৰত সাপ্তাহিক ব্যৱহাৰকাৰীৰ গড় সংখ্যা চাৰিগুণ বৃদ্ধি পাইছে ভাৰতত।