শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মুখত কাশ্মীৰৰ প্ৰসংগ, ক’লে ভাৰত-পাকিস্তানৰ উত্তেজনাৰ কাৰণ

শ্বাহবাজ শ্বৰীফে কয় যে, কাশ্মীৰ বিষয়টো দুয়োখন দেশৰ মাজত উত্তেজনাৰ মূল কাৰণ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংকল্প অনুযায়ী কাশ্মীৰৰ জনসাধাৰণৰ ইচ্ছা আৰু আকাংক্ষাইহে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ বুলিও কয়।

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মুখত কাশ্মীৰৰ প্ৰসংগ, ক’লে ভাৰত-পাকিস্তানৰ উত্তেজনাৰ কাৰণ
পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মুখত কাশ্মীৰৰ প্ৰসংগ!Image Credit source: TV9 Bharatvarsh
barasha-misra
Barasha Misra | Updated On: 06 Aug 2025 07:48 AM

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে মঙলবাৰে কয় যে, কাশ্মীৰ বিষয়টো ভাৰতৰ সৈতে উত্তেজনাৰ মূল কাৰণ। নতুন দিল্লীয়ে জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা শেষ কৰাৰ সিদ্ধান্তক সমালোচনা কৰে। ভাৰত চৰকাৰে ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ অনুচ্ছেদ বাতিল কৰি পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখনক দুটা কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰ আৰু লাডাখত বিভক্ত কৰে।

ভাৰতৰ এই পদক্ষেপৰ বিৰুদ্ধে প্ৰতিবাদ পঞ্জীয়ন কৰিবলৈ পাকিস্তানে ইউম-ই-ইষ্টেহছাল হিচাপে এই দিনটো পালন কৰি আহিছে। শ্বাহবাজে কয় যে, কাশ্মীৰৰ সমস্যাই দুয়োখন দেশৰ মাজত উত্তেজনাৰ মূল কাৰণ। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সংকল্প অনুযায়ী কাশ্মীৰী জনসাধাৰণৰ ইচ্ছা আৰু আকাংক্ষাইহে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ বুলি কয়।

কাশ্মীৰ সমস্যা সমাধান নোহোৱালৈকে উত্তেজনা থাকিব

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বৰীফে কয় যে, যেতিয়ালৈকে কাশ্মীৰ সমস্যা সমাধান নহয় তেতিয়ালৈকে ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা থাকিব। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱ অনুসৰি কাশ্মীৰীৰ ইচ্ছা আৰু আকাংক্ষাক সন্মান জনোৱা উচিত। এইটোৱেই একমাত্ৰ আগবাঢ়ি যোৱাৰ পথ।

ভাৰতৰ সিদ্ধান্ত বাতিল কৰিবলৈ আবেদন

ইয়াৰোপৰি তেওঁ কয় যে, কাশ্মীৰ সমস্যাৰ ন্যায্য সমাধান পাকিস্তানৰ বৈদেশিক নীতিৰ এক গুৰুত্বপূৰ্ণ অগ্ৰাধিকাৰ। তেওঁ আন্তৰ্জাতিক সমাজক আহ্বান জনায় যে, ভাৰতৰ ৫ আগষ্ট, ২০১৯ৰ একপক্ষীয় সিদ্ধান্ত সলনি কৰাত ভূমিকা ল’বলৈ ।

পাকিস্তানে বিচাৰে বন্ধুত্বপূৰ্ণ সম্পৰ্কঃ দাৰ

ইয়াৰ উপৰিও উপ-প্ৰধানমন্ত্ৰী ইছহাক দাৰে ইছলামবাদত এক সমাৱেশত ভাষণ দি কয় যে, পাকিস্তানে চুবুৰীয়া সকলো দেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক বিচাৰে। ইয়াৰ উপৰিও ই সংঘাতৰ পৰিৱৰ্তে আলোচনা আৰু কূটনীতিক বেছি পছন্দ কৰে। ইয়াৰ মাজতে তেওঁ ভাবুকিও দিলে। দাৰে কয় যে পাকিস্তানৰ সশস্ত্ৰ বাহিনী আৰু ইয়াৰ জনসাধাৰণে যিকোনো আগ্ৰাসী কাৰ্য্যৰ প্ৰতি সবল সঁহাৰি দিবলৈ সম্পূৰ্ণ সক্ষম।