এইদৰে কাণ পৰিষ্কাৰ কৰিলে হেৰুৱাব পাৰে শ্ৰৱণ ক্ষমতা! 

6 Aug 2025

TV9 ASSAM

 Credit:Getty Images

কাণত লেতেৰা জমা হোৱাটো এটা অতি সাধাৰণ কথা। কিছুমানৰ কাণত হালধীয়া ৰঙৰ , আন কিছুমানৰ শুকান বগা বস্তু জমা হয়। যিবোৰ পৰিষ্কাৰ নকৰিলে কাণৰ বিষৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

কাণৰ লেতেৰা

যদিও কিছুমান বিশেষজ্ঞই কয় যে ‘কাণৰ মলি’ আচলতে শৰীৰৰ এক প্ৰাকৃতিক সুৰক্ষা ব্যৱস্থা। এই পদাৰ্থই কাণৰ ভিতৰৰ অংশ ধূলি, বীজাণু, পোক-পৰুৱাৰ পৰা ৰক্ষা কৰে আৰু ছালখন আৰ্দ্ৰ কৰি ৰাখে।

বিশেষজ্ঞই কয়

কিন্তু সেই মলি দিনৰ পিছত দিন জমা হোৱাটোও বিপদজনক। এতিয়া কিছুমানে সেই মলি পৰিষ্কাৰ কৰিবলৈ বিভিন্ন বস্তু ব্যৱহাৰ কৰে, কিছুমানে জুইশলা কাঠিও ব্যৱহাৰ কৰে। আৰু তাতেই বিপদ নিহিত হৈ আছে।কাণ কেনেকৈ চাফা কৰিব...

বিপদজনক নেকি?

সাধাৰণতে অলপ গৰম পানীত তিয়াই থোৱা কোমল কাপোৰ বা কপাহেৰে কাণৰ বাহিৰৰ অংশটো লাহে লাহে মচিলেই যথেষ্ট হয়। মনত ৰাখিব কাণেই একমাত্ৰ অংগ যিয়ে নিজকে পৰিষ্কাৰ কৰাৰ ক্ষমতা ৰাখে।

কেনেকৈ চাফা কৰিব

কাণে নিজেই লাহে লাহে লেতেৰা বাহিৰলৈ ঠেলি দিয়ে। কাণৰ গভীৰত একো সুমুৱাই দিব নালাগে। যদি কাণত অত্যধিক মলি জমা হয় আৰু শ্ৰৱণত অসুবিধা হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লৈ ব্যৱস্থা গ্ৰহণ কৰিব।

এই কাম কৰক

মনত ৰাখিব কাণৰ ভিতৰৰ ছালখন অতি সংবেদনশীল। কাঠি বা পিনেৰে চাফা কৰিলে ছালখন ফাটি সংক্ৰমণ হ’ব পাৰে। বিষ, ৰক্তক্ষৰণ আনকি পূজো ওলাব পাৰে। ইয়াৰ ফলত কাণৰ পৰ্দা ফাটি শ্ৰৱণ ক্ষমতাত সাময়িক বা স্থায়ীভাৱে প্ৰভাৱ পৰিব পাৰে।

শ্ৰৱণ ক্ষমতাত প্ৰভাৱ

মনত ৰাখিব, কাণৰ যত্ন লোৱাটো যিদৰে গুৰুত্বপূৰ্ণ, সজাগতাও প্ৰয়োজন। অপ্ৰয়োজনীয়ভাৱে কাণত কোনো বস্তু সোমোৱাৰ পৰা বিৰত থাকক আৰু কোনো সমস্যা হ’লে ইএনটি বিশেষজ্ঞৰ পৰামৰ্শ লওক।

কাণৰ যত্ন

পঢ়িবলৈ ক্লিক কৰক

যকৃত বিকল হোৱাৰ লক্ষণ