অহা ৰমজানৰ পূৰ্বেই বাংলাদেশত হ’ব নিৰ্বাচন, মহম্মদ ইউনুছৰ ঘোষণা
১৫ বছৰে ক্ষমতাত থকা শ্বেখ হাছিনাই যোৱা বছৰৰ আগষ্ট মাহত গণ প্ৰতিবাদৰ পিছত পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিছিল। তাৰ পিছত তেওঁৰ দল আৱামি লীগক অন্তৱৰ্তীকালীন প্ৰশাসনে নিষিদ্ধ কৰে আৰু নিৰ্বাচন আয়োগে ইয়াৰ পঞ্জীয়ন বাতিল কৰে। যাৰ ফলত নিষেধাজ্ঞা উঠাই নিদিয়ালৈকে ভৱিষ্যতৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আহি পৰে।

বাংলাদেশৰ অন্তৱৰ্তীকালীন মুখ্য উপদেষ্টা তথা শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে মঙলবাৰে ঘোষণা কৰে যে পবিত্ৰ ৰমজান মাহৰ পূৰ্বেই ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত বাংলাদেশৰ পৰৱৰ্তী সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক উৎখাত কৰা গণবিদ্ৰোহৰ প্ৰথম বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যিক টেলিভিছন, বিটিভি আৰু ৰেডিঅ’ৰ জৰিয়তে দেশবাসীক সম্বোধন কৰি এই ঘোষণা কৰে ইউনুছে।
তেওঁ কয়, “অন্তৱৰ্তীকালীন চৰকাৰৰ হৈ মই মুখ্য নিৰ্বাচন আয়ুক্তলৈ লিখিম, নিৰ্বাচন আয়োগক ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত, পবিত্ৰ ৰমজানৰ পূৰ্বেই ৰাষ্ট্ৰীয় নিৰ্বাচনৰ আয়োজন কৰিবলৈ অনুৰোধ কৰিম।”
এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব বুলি তেওঁ পূৰ্বে দিয়া ইংগিতৰ পৰা এই ঘোষণাৰ পৰিৱৰ্তন ঘটিছে। পূৰ্বে নিৰ্বাচনৰ আহ্বান জনোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ নেতৃত্বত গঠিত বাংলাদেশ জাতীয়তাবাদী দল (বিএনপি)কে ধৰি ডাঙৰ ডাঙৰ ৰাজনৈতিক দলসমূহৰ সৈতে আলোচনাৰ অন্তত সংশোধিত সময়সীমা প্ৰস্তুত কৰা হৈছে।
তেওঁ লগতে কয়, “আমি সকলোৱে কাইলৈৰ পৰা মানসিক প্ৰস্তুতি আৰু প্ৰতিষ্ঠানিক ব্যৱস্থা আৰম্ভ কৰিম, এইবাৰৰ নিৰ্বাচন যাতে আনন্দ-উদযাপন, শান্তি-শৃংখলা, ভোটাৰৰ ভোটদান আৰু আন্তৰিকতাৰ ক্ষেত্ৰত দেশৰ ইতিহাসত স্মৰণীয় হয়, তাৰ বাবে সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিব পাৰি।”
যুৱক-যুৱতীসকলক যাতে তেওঁলোকৰ ইস্তাহাৰ বা ভৱিষ্যতৰ শাসন পৰিকল্পনাৰ পৰা বাদ দিয়া নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজনৈতিক দলসমূহক আহ্বান জনায় ইউনুছে। ‘মনত ৰাখিব, বাংলাদেশক সলনি কৰা যুৱক-যুৱতীসকলৰ পৃথিৱীখন সলনি কৰাৰো ক্ষমতা আছে।’ ইউনুছে কয়।
ইয়াৰ পূৰ্বে মঙলবাৰে অন্তৱৰ্তীকালীন চৰকাৰে আনুষ্ঠানিকভাৱে “জুলাই ঘোষণাপত্ৰ”ও প্ৰকাশ কৰিছিল, যিটো হৈছে ২৬ দফীয়া নথি য’ত শাসন, সাংবিধানিক আৰু ৰাজনৈতিক বিষয়ত প্ৰস্তাৱিত সংস্কাৰৰ ৰূপৰেখা দাঙি ধৰা হৈছে।
বিদ্ৰোহৰ বৰ্ষপূৰ্তিৰ স্মৃতিত বাংলাদেশ সংসদ কমপ্লেক্সত আনুষ্ঠানিক উদযাপনৰ সময়ত বিএনপি, জামাত-ই-ই-ইছলামী আৰু নৱগঠিত ৰাষ্ট্ৰীয় নাগৰিক পাৰ্টিৰ দৰে ৰাজনৈতিক গোটৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে। এই ঘোষণাপত্ৰত ১৯৭১ চনত পাকিস্তানৰ বিৰুদ্ধে মুক্তিযুদ্ধৰ পিছত ১৯৭২ চনৰ সংবিধানক তীব্ৰ সমালোচনা কৰি জনসাধাৰণৰ ইচ্ছাৰ লগত সংগতি ৰাখি সংস্কাৰৰ আহ্বান জনায়।
জুলাই ঘোষণাপত্ৰত কোৱা হৈছে যে স্বাধীনোত্তৰ বাংলাদেশত আৱামি লীগ চৰকাৰে সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ পদ্ধতি আৰু গাঁথনিৰ দুৰ্বলতাৰ লগতে ইয়াৰ অনুপযুক্ত প্ৰয়োগৰ বাবে জনসাধাৰণৰ আকাংক্ষাক বাস্তৱায়িত কৰাত ব্যৰ্থ হৈছিল। ইয়াৰ উপৰিও শ্বেখ হাছিনাৰ প্ৰশাসনক গৰিহণা দি বাংলাদেশক কথিত স্বৈৰাচাৰী শাসন আৰু মানৱ অধিকাৰ উলংঘাৰ জৰিয়তে ফেচিষ্ট, মাফিয়া আৰু ব্যৰ্থ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰে।
ইয়াত লগতে কোৱা হৈছে যে, শ্বেখ হাছিনাৰ শাসনকালত তেওঁৰ নেতৃত্বত জনবিৰোধী, স্বৈৰাচাৰী আৰু মানৱ অধিকাৰৰ বিৰোধী চৰম শক্তিয়ে বাংলাদেশক ফেচিষ্ট, মাফিয়া আৰু ব্যৰ্থ ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিছিল আৰু তাৰ ফলত বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় ভাবমূৰ্তি কলংকিত হৈছিল।
এই নথিখনত ২০২৪ চনৰ বিদ্ৰোহক চৰকাৰী স্বীকৃতি দিয়াৰ আহ্বান জনোৱা হৈছে আৰু জুলাই ঘোষণাপত্ৰখন সংশোধিত সংবিধানত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।
হাছিনাৰ ক্ষমতাচ্যুতিৰ বৰ্ষপূৰ্তি উপলক্ষে ঢাকাৰ মানিক মিয়া এভিনিউত লাখ লাখ লোকে সমবেত হয়। চৰকাৰে এই দিনটো ৰাষ্ট্ৰীয় বন্ধ হিচাপে ঘোষণা কৰে। সমগ্ৰ ৰাজধানীত নিৰাপত্তা বৃদ্ধি কৰা হয়, স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীৰ চেকপইণ্ট স্থাপন কৰাৰ লগতে টহলৰ ব্যৱস্থা কৰা হয়।
১৫ বছৰে ক্ষমতাত থকা শ্বেখ হাছিনাই যোৱা বছৰৰ আগষ্ট মাহত গণ প্ৰতিবাদৰ পিছত পদত্যাগ কৰি ভাৰতলৈ পলায়ন কৰিছিল। তাৰ পিছত তেওঁৰ দল আৱামি লীগক অন্তৱৰ্তীকালীন প্ৰশাসনে নিষিদ্ধ কৰে আৰু নিৰ্বাচন আয়োগে ইয়াৰ পঞ্জীয়ন বাতিল কৰে। যাৰ ফলত নিষেধাজ্ঞা উঠাই নিদিয়ালৈকে ভৱিষ্যতৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাত বাধা আহি পৰে।
ইফালে হিউমেন ৰাইটছ ৱাচে (HRW) মানৱ অধিকাৰৰ ক্ষেত্ৰত অন্তৱৰ্তীকালীন চৰকাৰৰ অগ্ৰগতিৰ ওপৰত উদ্বেগ প্ৰকাশ কৰে। হিউমেন ৰাইটছ ৱাচৰ এছিয়াৰ উপ-সঞ্চালক মীনাক্ষী গাংগুলীয়ে কয় যে এবছৰৰ পূৰ্বে শ্বেখ হাছিনাৰ কঠোৰ শাসনৰ বিৰোধিতা কৰি মাৰাত্মক হিংসাৰ সন্মুখীন হোৱা হাজাৰ হাজাৰ লোকৰ আশা এতিয়াও পূৰণ হোৱা নাই।
বিগত বছৰৰ পৰিঘটনাসমূহৰ ওপৰত দেশখনে চিন্তা-চৰ্চা কৰাৰ লগে লগে বাংলাদেশ হাই এলাৰ্টত আছে। আগষ্ট মাহত ১৯৭৫ চনত দেশৰ প্ৰতিষ্ঠাপক তথা হাছিনাৰ পিতৃ শ্বেখ মুজিবুৰ ৰহমানৰ হত্যাকাণ্ডৰ বৰ্ষপূৰ্তিও পালন কৰা হয়।