শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ট্ৰাম্পৰ সকীয়নিৰ পিছতো উত্তৰ নাই মস্কোৰ, কোনো গোপন অভিসন্ধি নেকি?

ট্ৰাম্পৰ সকীয়নিৰ পিছতো উত্তৰ নাই মস্কোৰ, কোনো গোপন অভিসন্ধি নেকি?

barasha-sarma
Barasha Sarma | Published: 05 Aug 2025 22:46 PM

ট্ৰাম্পে সকিয়নী প্ৰদান কৰাৰ পাছতো কোনো উত্তৰ নাই ৰাছিয়াৰ। শেহতীয়াকৈ আমেৰিকাই দুখন পাৰমাণৱিক চাবমেৰিন ৰাছিয়াৰ দিশে নিয়োগ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। কিন্তু তাৰ পাছতো পুটিনে একো সঁহাৰি দিয়া নাই।

ছ’চিয়েল মিডিয়াত এটা উত্তপ্ত পোষ্টে সূচনা কৰিব নেকি আন এক বিশ্বযুদ্ধৰ, য’ত দুই মহাশক্তিয়ে উভয়ৰ বিৰুদ্ধে বিধ্বংসী পাৰমাণৱিক আক্ৰমণ চলাব? ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি, বৰ্তমান ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ ডেপুটি চেয়াৰমেন দিমিত্ৰী মেডভেডেভৰ পোষ্টত ক্ষুব্ধ হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। লগে লগে তেওঁ কমেও দুখন পাৰমাণৱিক চাবমেৰিন ৰাছিয়াৰ দিশে নিয়োগ কৰাৰ নিৰ্দেশ দিয়ে। এই পদক্ষেপ দেশবাসীৰ নিৰাপত্তাৰ স্বাৰ্থত বুলি কোৱা হয়। হোয়াইট হাউছৰ লনত থিয় হৈ ট্ৰাম্পে এই কথা কয়।

ট্ৰাম্পৰ ভাবুকিৰ প্ৰায় তিনিদিন পাৰ হৈ গ’ল। কিন্তু পুটিন বা তেওঁৰ কাৰ্যালয়ৰ পৰা কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই। কিয় এই মৌনতা?

মস্কোৰ পৰা প্ৰকাশিত কেইবাখনো বাতৰি কাকতত ৰাছিয়াৰ কেইবাজনো সামৰিক বিষয়াই ট্ৰাম্পৰ এই ভাবুকিৰ সমালোচনা কৰিছে। নাম প্ৰকাশৰ পৰা বিৰত থকা এজন সামৰিক বিষয়াই মস্কোভস্কি কমছমোলেটছক জনোৱা মতে, তেওঁলোকে বৰ্তমান ট্ৰাম্পৰ ভাবুকিক ‘টেনট্ৰাম’ বুলি ভাবে। ট্ৰাম্পে খঙত অতিশয় ক্ষোভজনক মন্তব্য কৰাৰ ইতিহাস বহু পুৰণি। এইটোও তাৰ ভিতৰত এটা। ৰাছিয়াৰ আন এজন প্ৰাক্তন সামৰিক বিষয়াই এখন বাতৰি কাকতক কয়, ট্ৰাম্পৰ এই দাবী অৰ্থহীন। এইবোৰ কথা কৈ ট্ৰাম্পে মনত কিছু শান্তি পায়। আমেৰিকানসকলে যিটোক ‘কিক’ বুলি কয়।

ৰাছিয়াৰ প্ৰতিৰক্ষা বিশেষজ্ঞসকলে কয় যে ট্ৰাম্পে প্ৰকৃততে কোনো ছাবমেৰিনক নিজৰ স্থান সলনি কৰিবলৈ নিৰ্দেশ দিয়া নাছিল। মস্কোৰ বিশেষজ্ঞসকলে কিয় এই কথা কৈছে?

দৰাচলতে তেওঁলোকৰ এই দাবীৰ আঁৰত ২০১৭ চনত ট্ৰাম্পে লোৱা এটা পদক্ষেপৰ প্ৰেক্ষাপট উন্মোচিত হৈছে। সেই সময়ত ট্ৰাম্প প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল। ট্ৰাম্পে উত্তৰ কোৰিয়াক শাস্তি প্ৰদানৰ বাবে একেধৰণে দুখন পাৰমাণৱিক চাবমেৰিন কোৰিয়া উপদ্বীপলৈ প্ৰেৰণ কৰাৰ সতৰ্কবাণী দিছিল। কিন্তু এবছৰৰ ভিতৰতে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ সৈতে ট্ৰাম্পে সাক্ষাৎ কৰে।

মস্কো বিশেষজ্ঞৰ ভৱিষ্যদ্বাণী, ইয়াৰ দ্বাৰা আমেৰিকা-ৰাছিয়াৰ আলোচনাৰ প্ৰসংগ প্ৰস্তুত কৰা হৈছেনে? যদিও ইমান নহয়, মস্কোৰ মৌনতাই আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক বিশেষজ্ঞসকলক আচৰিত কৰি তুলিছে।