ইজৰাইলৰ আক্ৰমণে কঁকাল ভাঙিলে ইৰাণৰ, খামেনেইৰ দুই বিশ্বস্ত সেনা প্ৰধান নিহত
ইৰাণে পাৰমাণৱিক শক্তি লাভৰ অভিযান আৰম্ভ কৰিছিল, ইফালে ইজৰাইলে ইৰাণক মোক্ষম আঘাত হানিছে। ১৩ জুনত সংঘটিত হোৱা এই আক্ৰমণত ইৰাণৰ সেনা প্ৰধান, পাৰমাণৱিক বিজ্ঞানীকে ধৰি বহু শীৰ্ষ বিষয়া নিহত হোৱা বুলি দাবী কৰা হৈছে।

শুকুৰবাৰে ইৰাণৰ ওপৰত এক ভয়ংকৰ আক্ৰমণ কৰে ইজৰাইলে। এই আক্ৰমণেৰে ইজৰাইলে ইৰাণৰ কঁকাল ভাঙি পেলালে। ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিত আক্ৰমণ চলাইছিল ইজৰাইলে। এই আক্ৰমণত ইৰাণৰ দুজন জেনেৰেলো নিহত হয়। ইজৰাইলে এই আক্ৰমণত ইৰাণৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰা বুলি দাবী কৰিছে। এই আক্ৰমণে ইৰাণক জোকাৰি গৈছে।
ইৰাণে পাৰমাণৱিক শক্তি লাভৰ অভিযান আৰম্ভ কৰিছিল, ইফালে ইজৰাইলে ইৰাণক মোক্ষম আঘাত হানিছে। ১৩ জুনত সংঘটিত হোৱা এই আক্ৰমণত ইৰাণৰ সেনা প্ৰধান, পাৰমাণৱিক বিজ্ঞানীকে ধৰি বহু শীৰ্ষ বিষয়া নিহত হোৱা বুলি দাবী কৰা হৈছে।
যথেষ্ট লোকচানৰ সন্মুখীন হ’ল ইৰাণ
এই আক্ৰমণৰ পিছত ইৰাণৰ সামৰিক বিষয়াসকলে কেইবাজনো বিশিষ্ট লোকৰ মৃত্যু হোৱাটো নিশ্চিত কৰিছে
- আই আৰ জি চিৰ মুখ্য বিষয়া জেনেৰেল হোছেইন চালামী
- আই আৰ জি চিৰ জেনেৰেল গোলাম-আলী ৰছিদ
- দুজন পাৰমাণৱিক বিজ্ঞানী
তথ্য অনুসৰি আই আৰ জি চিৰ এৰোস্পেচ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জেনেৰেল আমিৰালি হাজিজাদে সুৰক্ষিত আছে। ইৰাণৰ সকলো সশস্ত্ৰ বাহিনীৰ মুৰব্বী মেজৰ জেনেৰেল মহম্মদ বাঘেৰীও সুৰক্ষিত আছে।
খামেনেইৰ দুজন সেনাপতি নিহত
ইজৰাইলে আৰম্ভণিৰে পৰাই কৈ আহিছে যে ইৰাণক পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিবলৈ নিদিয়ে। এতিয়া ইজৰাইলে এই কথা সঁচা বুলি প্ৰমাণ কৰি ইৰাণক তীব্ৰ আক্ৰমণ কৰিছে। এই আক্ৰমণত ইৰানে নিজৰ দুজন জেনেৰেলক হেৰুৱাইছে।
আই আৰ জি চিৰ মুৰব্বী সেনাধ্যক্ষ জেনেৰেল হোছেইন চালামীৰ মৃত্যু নিশ্চিত হৈছে। ইৰাণৰ স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি, শুকুৰবাৰে ইৰাণৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণত মৃত্যু হয় দেশখনৰ শক্তিশালী ৰিভল্যুচনেৰী গাৰ্ডৰ মুৰব্বী হোছেইন চালামীৰ।
স্থানীয় তাছনিম সংবাদ সংস্থাই প্ৰকাশ কৰা অনুসৰি ইজৰাইলী শাসনে আই আৰ জি চিৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলাই, য’ত নিহত হয় ইছলামিক ৰিভল্যুচনেৰী গাৰ্ড কৰ্পছৰ মুৰব্বী মেজৰ জেনেৰেল হোছেইন চালামীৰ। এই আক্ৰমণত আই আৰ জি চিৰ জেনেৰেল গোলাম-আলী ৰছিদেও প্ৰাণ হেৰুৱায়।
পাৰমাণৱিক বিজ্ঞানীসকলক লক্ষ্য কৰি লোৱা হৈছে
ইৰাণে পাৰমাণৱিক অস্ত্ৰ প্ৰস্তুত কৰিবলৈ দীৰ্ঘদিন ধৰি কঠোৰ পৰিশ্ৰম কৰি আছিল। ইৰাণে পাৰমাণৱিক শক্তিৰ দেশ হ’বলৈ অভিযান আৰম্ভ কৰা বুলি অহৰহ খবৰ আহিছিল আৰু এই দিশত বহু কাম কৰা হৈছিল । কিন্তু ইৰাণ পাৰমাণৱিক শক্তি হোৱাটো ইজৰাইলে একেবাৰেই সহ্য কৰিব নোৱাৰিলে। যাৰ ফলত ইজৰাইলে ১৩ জুনত ইৰাণক আক্ৰমণ কৰিছিল।
য’ত ইজৰাইলে ইৰাণৰ পাৰমাণৱিক ঘাটিসমূহক লক্ষ্য কৰি লৈ বৃহৎ ক্ষতিসাধন কৰাত সফল হৈছিল। আনহাতে ইজৰাইলেও দুজন পাৰমাণৱিক বিজ্ঞানীক লক্ষ্য কৰি ইমানেই আঘাত কৰিছে যে ইৰাণৰ পাৰমাণৱিক শক্তি হোৱাৰ গতি যথেষ্ট লেহেমীয়া হৈছে। এই আক্ৰমণত দুজন পাৰমাণৱিক বিজ্ঞানী ড° মহম্মদ তেহৰাঞ্চি আৰু ড° ফেৰেইদুন আব্বাছিৰ মৃত্যু হৈছে।
কিমান দিনলৈ চলিব ইজৰাইলৰ অভিযান
ইজৰাইলে এই অভিযান আৰম্ভ কৰাৰ পিছত প্ৰধানমন্ত্ৰী নেতান্যেহুৱে কয় যে কিছু সময়ৰ পূৰ্বে ইজৰাইলে অপাৰেচন “ৰাইজিং লায়ন” আৰম্ভ কৰিছিল, যিটো ইজৰাইলৰ অস্তিত্বৰ প্ৰতি ইৰাণৰ ভাবুকি হ্ৰাস কৰাৰ বাবে এক লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা সামৰিক অভিযান।
একে সময়তে আঙুলিয়াই দি যে এইটোৱেই একমাত্ৰ আক্ৰমণ নাছিল আৰু ভৱিষ্যতে আৰু আক্ৰমণ হ’ব পাৰে। নেতান্যেহুৱে কয় যে, এই ভাবুকি দূৰ কৰিবলৈ যিমান দিন লাগিব সিমান দিনলৈকে এই অভিযান চলি থাকিব।