Indian navy attack on Pak: পাকিস্তানক আক্ৰমণ ভাৰতীয় নৌ সেনাৰ, ধ্বংস কৰাচী বন্দৰ

Indian navy attack on pak: ভাৰতীয় বায়ু সেনাৰ সমান্তৰালকৈ ভাৰতীয় নৌ সেনাইও আৰম্ভ কৰিছে আক্ৰমণ। তথ্য অনুসৰি INS বিক্ৰান্তৰ পৰা পাকিস্তানৰ দুখনকৈ বন্দৰ চহৰত আক্ৰমণ চলে।

Indian navy attack on Pak: পাকিস্তানক আক্ৰমণ ভাৰতীয় নৌ সেনাৰ, ধ্বংস কৰাচী বন্দৰ

আই এন এছ বিক্ৰান্ত

Updated On: 

09 May 2025 00:53 AM

ভাৰতীয় বায়ু সেনাৰ পাছত এইবাৰ ভাৰতীয় নৌ সেনাই আক্ৰমণ আৰম্ভ কৰিছে। আৰৱ সাগৰত মোতায়েন থকা INS বিক্ৰীন্তে কৰাচীক উদ্দেশ্যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে। এই আক্ৰমণত কৰাচী বন্দৰগাহত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। প্ৰতিৰক্ষা সূত্ৰ অনুসৰি, INS বিক্ৰান্তৰ পৰা পাকিস্তানৰ কৰাচী আৰু অৰমাৰা বন্দৰত কেইবাটাও মিছাইল আক্ৰমণ সংঘটিত হয়। যাৰ ফলত বন্দৰটোত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ইয়াৰ পাছতে বন্দৰ চহৰখনৰ চাৰিওফালে ধোঁৱা ধোঁৱা হৈ পৰে।

তথ্য অনুসৰি কৰাচী আৰু অৰমোৰাত পাকিস্তানী নৌ সেনাৰ কেম্প আছে। ইয়াত বহু বিশিষ্ট বিষয়াৰ মুখ্য কাৰ্যালয়। যুদ্ধজাহাজ আৰু চাবমেৰিন নিয়োগ কৰা হয়। এই দুটা নৌ সেনা ঘাটি ধ্বংস কৰি আই এন এছ বিক্ৰান্তে পাকিস্তানী নৌ সেনাক এক প্ৰকাৰ পংগু কৰি তুলিছে।

উল্লেখ্য যে, আই এন এছ বিক্ৰান্তক নিয়োগ কৰাক লৈ ইতিমধ্যে পাকিস্তান ভয় খাই আছিল। এই বিমানবাহী জাহাজখন নিয়োগ কৰাৰ অৰ্থ আছিল ৩০খন মিগ ২৯কে যুঁজাৰু বিমান ওপৰেৰে নিয়োগ কৰা। ই হৈছে পানীত ওপঙি থকা ভাৰতৰ বিশাল এয়াৰ বেছ। আই এন এছ বিক্ৰান্তৰ লগত কেইবাখনো জাহাজ, ফ্ৰিগেটছ, ৰিফুৱেলাৰ জাহাজ আৰু চাবমেৰিন আছে।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে সাগৰৰ পৰাই পাকিস্তানক আক্ৰমণ কৰে ভাৰতে। আই এন এছ বিক্ৰান্তৰ পৰা সংঘটিত হয় এই ড্ৰ’ন আক্ৰমণ। আই এন এছ বিক্ৰান্ত ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজ। ই ইমানেই শক্তিশালী যে ই পাকিস্তানক ধ্বংস কৰিব পাৰে। ৪৫ হাজাৰ টন ওজনৰ এই যুদ্ধজাহাজখন, যি ২৬২ মিটাৰ দীঘল ।

 

 

অন্য খবৰ পঢ়কঃ Drone attack in jammu: ভাৰতে ধ্বংস কৰিলে পাকিস্তানৰ ড্ৰ’ন, মিছাইল আৰু JF-17S বিমান…

বতৰৰ ফল আম ঠিকেই খাওঁ, পিছে আমি অধিকাংশই নাজানো আমৰ এইসমূহ দিশৰ বিষয়ে…
আই পি এলত হয়তো আপোনাৰো আছে প্ৰিয় দল! পিছে জানেনে দলৰ স্বত্বাধিকাৰীসকলৰ বিষয়ে…
আপুনিও নিশা দেৰিলৈকে নুশুৱে নেকি? তেন্তে জানক ইয়াৰ ফলত কি বিপদ হ'ব পাৰে...
জিম নোযোৱাকৈ কম কৰক শৰীৰৰ ওজন, কেইটামান সাধাৰণ উপায়...