ষড়যন্ত্ৰ বিফল! ভাৰতীয় চোৰাংচোৱাই প্ৰাণ বচালে বাংলাদেশৰ সেনা প্ৰধানৰ

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানক অপসাৰণ কৰাৰ পৰিকল্পনা কৰিছিল । এই কাৰণতে বাংলাদেশৰ সেনাৰ কেইবাজনো কঠোৰপন্থী আৰু পাকিস্তানী সমৰ্থক বিষয়াক বাছনি কৰা হৈছিল । এই অভ্যুত্থানৰ মূল দায়িত্ব লেফটেনেণ্ট জেনেৰেল মহম্মদ ফৈজুৰ ৰহমানক দিয়া হৈছিল । কিন্তু বিফল হ'ল প্ৰচেষ্টা ।

ষড়যন্ত্ৰ বিফল! ভাৰতীয় চোৰাংচোৱাই প্ৰাণ বচালে বাংলাদেশৰ সেনা প্ৰধানৰ

Bangladesh Army Chief

raj-saikia
Published: 

17 Mar 2025 15:10 PM

যোৱা সপ্তাহত অভ্যুত্থানৰ চেষ্টা চলিছিল বাংলাদেশত । সেনা প্ৰধান জেনেৰেল ৱাকাৰ-উজ-জামানৰ বিৰুদ্ধে চেষ্টা চলিছিল অভ্যুত্থানৰ । কিন্তু ভাৰতে সেই প্ৰচেষ্টা বিফল কৰে । বাংলাদেশৰ চোৰাংচোৱা সংস্থা বাহিনী Directorate General of Forces Intelligence-ৰ জ্যেষ্ঠ বিষয়াৰ পৰা কেইবাটাও তথ্য লাভ কৰা গৈছে । জেনেৰেল ৱাকাৰ-উজ-জামানে বাংলাদেশৰ কট্টৰপন্থীৰ হেঁচাত সেও মনা নাছিল । বৰঞ্চ তেওঁ মৌলবাদীসকলক এবাৰতকৈ অধিক সকীয়াই দিছে । তেওঁ কথা-কাৰ্যৰ জৰিয়তে বুজাবলৈ চেষ্টা কৰিছিল যে সেনাক আইন-শৃংখলাত হস্তক্ষেপ কৰিবলৈ বাধ্য কৰাব নালাগে । একে সময়তে তেওঁ পাকিস্তানৰ সৈতে সামৰিক চুক্তিৰ ফাইলত ক্ষিপ্ৰতাৰে স্বাক্ষৰ কৰিব বিচৰা নাছিল ।

পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইয়ে তেওঁক অপসাৰণ কৰাৰ পৰিকল্পনা কৰিছিল । এই কাৰণতে বাংলাদেশৰ সেনাৰ কেইবাজনো কঠোৰপন্থী আৰু পাকিস্তানী সমৰ্থক বিষয়াক বাছনি কৰা হৈছিল । এই অভ্যুত্থানৰ মূল দায়িত্ব লেফটেনেণ্ট জেনেৰেল মহম্মদ ফৈজুৰ ৰহমানক দিয়া হৈছিল । অৱশ্যে ভাৰতীয় চোৰাংচোৱাই এই খবৰ লাভ কৰে । তেওঁলোকে ব্যক্তিগতভাৱে বাংলাদেশৰ সেনা প্ৰধানক সকীয়াই দিয়ে ।

এই বিষয়ে আমেৰিকা আৰু ইউৰোপৰ কেইবাখনো দেশতো খবৰ দিয়া হৈছিল । দিল্লীৰ কথা শুনি তেওঁলোকে বিষয়টোৰ গুৰুত্ব বুজি পায় । পশ্চিমীয়া বিশ্বৰ পৰা মহম্মদ ইউনুছলৈ এটা বাৰ্তা আহে, যে আপোনাৰ সেনা প্ৰধানৰ বিৰুদ্ধে অভ্যুত্থান হ’বলৈ ওলাইছে । আপুনি বাধা দিয়ক । ঢাকাৰ পৰা ভাৰতীয় চোৰাংচোৱা এজেণ্টে ৱাকাৰ-উজ-জামানক আমেৰিকাৰ সেনা বিষয়াৰ সৈতে চিনাকি কৰাই দিছিল ।

জানিব পৰা মতে বাংলাদেশৰ সেনা প্ৰধানৰ যোগাযোগ যন্ত্ৰত টেপ কৰিবলৈ আৰম্ভ কৰিছে । ভাৰতৰ পৰামৰ্শ মতে জেনেৰেল ৱাকাৰ-উজ-জামানে ১৩ মাৰ্চত মধ্য আফ্ৰিকান গণৰাজ্য ভ্ৰমণ কৰিছিল । দেখা গৈছে যে তেওঁ তাত নিয়োজিত বাংলাদেশী শান্তিৰক্ষী বাহিনীৰ সৈতে কথা পাতিবলৈ গৈছিল । দৰাচলতে মধ্য আফ্ৰিকান ৰিপাব্লিকত তেওঁৰ সৈতে মুখামুখিকৈ ​​কথা পাতিছিল আমেৰিকান সেনাৰ শীৰ্ষ বিষয়াসকলে ।

ম্যানমাৰৰ দৰে পৰিস্থিতি যাতে হাতৰ পৰা নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব । জেনেৰেল ৱাকাৰ-উজ-জামানে আমেৰিকাৰ সেনাবাহিনীক এই আশ্বাস দিছিল । তাৰ পিছত সেনাধ্যক্ষক সুৰক্ষা দিবলৈ ইউনুছ চৰকাৰৰ ওপৰত হেঁচা বাঢ়িল । অৱশ্যে বাংলাদেশত থকা পাকিস্তানী সমৰ্থক সেনা বিষয়াসকলে সকলো জানে । সিদ্ধান্ত লোৱা হৈছিল যে ৬ মাৰ্চত ঢাকালৈ উভতি অহাৰ পিছত ৱাকাৰ-উজ-জামানক গ্ৰেপ্তাৰ কৰা হ’ব ।

অৱশ্যে এইবাৰো ভাৰতীয় চোৰাংচোৱাই এই খবৰ আগতীয়াকৈ লাভ কৰিলে । তেওঁলোকৰ পৰামৰ্শ মতে বাংলাদেশৰ সেনা প্ৰধানজনে ঢাকাৰ সলনি তেজগাঁও এয়াৰবেছত অৱতৰণ কৰে । তাত তেওঁক তেওঁৰ নিষ্ঠাবান সেনা বিষয়াসকলে সাক্ষাৎ কৰে । সেই সময়ত সেই বিষয়াসকলে নিৰ্দেশ দিয়া মতে যিকোনো কাৰ্যৰ বাবে জোৱানসকলক সাজু কৰি ৰখা হৈছিল । তাৰ পিছত বিশাল নিৰাপত্তা বাহিনী লৈ ৱাকাৰ-উজ-জামান ঢাকালৈ আহে ।

নিষ্ঠাবান বিষয়াসকলে তেওঁৰ ঘৰ আৰু কাৰ্যালয় ঘেৰি ধৰে । একে সময়তে আমেৰিকাৰ পৰা ইউনুছলৈ এটা আলটিমেটাম আহি পৰে । মুঠতে অভ্যুত্থানৰ পৰিকল্পনা বিফল হয় । অৱশ্যে বাংলাদেশৰ সেনাধ্যক্ষৰ জীৱনৰ ভয় এতিয়াও নোহোৱা হোৱা নাই । ভৱিষ্যতে কি হ’ব সেয়া গুৰুত্বপূৰ্ণ কথা । এই খবৰ ভাৰত বা বাংলাদেশত চৰকাৰী পৰ্যায়ত কোনেও নিশ্চিত কৰা নাই ।

যকৃত বিকল হ'লে চকু, হাত আৰু ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক...
এইসমূহ খাদ্য গ্ৰহণ কৰে নেকি? হ'ব পাৰে বৃক্ক পৰ্যন্ত বিকল...
ওলোটাকৈ খোজ কাঢ়িলে শৰীৰৰ কি কি লাভ হয়?
কোষ্ঠকাঠিন্যৰ সৈতে যুঁজি আছে নেকি? আজিয়েই এই প্ৰাকৃতিক ঘৰুৱা উপায় গ্ৰহণ কৰক