সঁচাকৈ পাকিস্তানৰ বিমান ঘাটিত মিছাইল আক্ৰমণ কৰিছিল ভাৰতে… শ্বাহবাজ শ্বৰীফৰ লজ্জাজনক স্বীকাৰোক্তি
১০ মে’ত ভাৰতীয় বেলিষ্টিক মিছাইল আক্ৰমণৰ কথা স্বীকাৰ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে। য’ত নুৰ খান বিমান ঘাটিও আছিল। এই আক্ৰমণ ভাৰতৰ অপাৰেশ্যন সেন্দূৰৰ পিছত সংঘটিত হৈছিল। পাকিস্তানে প্ৰথমে অস্বীকাৰ কৰিছিল যদিও এতিয়া মানি লৈছে। এই আক্ৰমণৰ ফলত পাকিস্তানে যুদ্ধবিৰতিৰ বাবে আবেদন কৰিবলৈ বাধ্য হয়।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ
পহলগাম আক্ৰমণৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ৬-৭ মে’ৰ নিশা ভাৰতে অপাৰেশ্যন সেন্দূৰ আৰম্ভ কৰাৰ পিছত পাকিস্তানে অস্থিৰ হৈ আক্ৰমণৰ বিফল চেষ্টা চলাইছিল। পাকিস্তানে ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰি ভাৰতক আক্ৰমণ কৰিছিল যদিও ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰি পেলাইছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ভাৰতীয় সেনাই ১৩টা পাকিস্তানৰ বিমানঘাটিৰ ভিতৰত ১১টাক লক্ষ্য কৰি লয়। এই ক্ষেত্ৰতো বৃহৎ লোকচান হৈছিল পাকিস্তানৰ। যদিও প্ৰথমে পাকিস্তানে এই আক্ৰমণক অস্বীকাৰ কৰিছিল, কিন্তু আক্ৰমণৰ প্ৰায় ৮ দিনৰ পিছত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফেও মানি লৈছে যে ভাৰতে পাকিস্তানক বেয়াকৈ পৰাস্ত কৰিছে।
পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে স্বীকাৰ কৰিছে যে ১০ মে’ত ভাৰতীয় বেলিষ্টিক ক্ষেপণাস্ত্ৰই নূৰ খান এয়াৰবেছ আৰু অন্যান্য স্থানক লক্ষ্য কৰি লৈছিল। শ্বৰীফে কয়, “সেনা প্ৰধান জেনেৰেল অসীম মুনিৰে তেওঁক এই আক্ৰমণৰ বিষয়ে অৱগত কৰিছে।”
পাকিস্তানৰ স্বীকাৰোক্তি
অপাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয়, “৯-১০ মে’ৰ নিশা প্ৰায় ২:৩০ বজাত জেনেৰেল চৈয়দ অসীম মুনিৰে মোক ফোন কৰি ভাৰতৰ বেলিষ্টিক ক্ষেপণাস্ত্ৰ নূৰ খান এয়াৰবেছ আৰু আন কিছু এলেকাত পৰাৰ কথা জনাইছিল। আমাৰ বায়ুসেনাই আমাৰ দেশক সুৰক্ষা দিবলৈ থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰিছিল আৰু চীনৰ যুদ্ধ বিমানত আধুনিক গেজেট আৰু প্ৰযুক্তি ব্যৱহাৰ কৰিছিল।” পাকিস্তানে প্ৰথমে দাবী কৰিছিল যে ভাৰতীয় আক্ৰমণত পাকিস্তানৰ কোনো ক্ষতি হোৱা নাই। অৱশ্যে এই ক্ষতিৰ ছবি সমগ্ৰ বিশ্বই দেখিছে। ইয়াৰ পাছতো পাকিস্তান, সেনা আনকি পি এম শ্বাহবাজেও ভাৰতীয় আক্ৰমণৰ বাবে লোকচানৰ সন্মুখীন হোৱা বুলি মানি ল’বলৈ সাজু নাছিল।
ভাৰতৰ এই দাবী শুদ্ধ বুলি প্ৰমাণিত হ’ল
ভাৰত-পাকিস্তানৰ উত্তেজনাৰ পিছত ১০ তাৰিখে যুদ্ধবিৰতি সন্দৰ্ভত আলোচনা আৰম্ভ কৰে পাকিস্তানে। ইয়াৰ পূৰ্বে ভাৰতে বিমান ঘাটিক লক্ষ্য কৰি লৈছিল। এই আক্ৰমণত পাকিস্তানৰ নূৰ খান এয়াৰবেছ বেয়াকৈ ধ্বংস হৈছিল। ভাৰতে সেইদিনা এই কথা কৈছিল যে পাকিস্তানে শান্তিৰ কথা কৈছিল কাৰণ নূৰ খান ধ্বংস হৈ গৈছে। এতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়েও এই কথা মানি লৈছে।
তাৰে মাত্ৰ কেইঘণ্টামানৰ ভিতৰতে ভাৰতৰ আগত আঁঠু ল’বলৈ বাধ্য হৈছিল পাকিস্তান। পৰিস্থিতি এনেকুৱা হৈ পৰিল যে পাকিস্তানে শান্তিৰ বাবে আৰু যুদ্ধ নকৰিবলৈ আবেদন কৰিবলৈ আৰম্ভ কৰিলে। পাকিস্তানৰ অৱস্থা এনেকুৱা হৈছে যে কালিলৈকে চকুত চকু থৈ কথা কোৱা প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আজি নিজৰ পৰাজয় মানি লৈছে। ভাৰতৰ বিমান আক্ৰমণ আৰু প্ৰতিশোধ পাকিস্তানে কেতিয়াও পাহৰিব নোৱাৰে। ভাৰতে পাকিস্তানক আক্ৰমণ কৰিবলৈ ১৫ টা ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰিছিল।
পাকিস্তানে নিজৰ বেছিভাগ অস্ত্ৰ-শস্ত্ৰ নূৰ খান বিমানঘাটিত ৰাখে আৰু ইয়াৰ ধ্বংস হোৱাৰ পিছত পাকিস্তানী সেনাৰ বহু গুৰুত্বপূৰ্ণ যুদ্ধ বিমান উৰিব পৰা নাছিল, এই কাৰণেই যুদ্ধবিৰতিৰ বাবে আবেদন জনাইছিল পাকিস্তানে।