শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

India Maldives relation: মুইজুৰ মনোভাৱ সলনি, মুক্ত বাণিজ্যৰ লগতে ভাৰতে মালদ্বীপক দিব ৪৮৫০ কোটিৰ লোন

India Maldives relation: শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপক ৪৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট দিয়াৰ চুক্তিত স্বাক্ষৰ কৰে। ভাৰতে মালদ্বীপক ঋণ দিছে। ইয়াৰ সমান্তৰালকৈ দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভতো আলোচনা আৰম্ভ হৈছে।

India Maldives relation: মুইজুৰ মনোভাৱ সলনি, মুক্ত বাণিজ্যৰ লগতে ভাৰতে মালদ্বীপক দিব ৪৮৫০ কোটিৰ লোন
প্ৰধানমন্ত্ৰী মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুImage Credit source: X handle @narendramodi
raj-saikia
Raj Saikia | Published: 26 Jul 2025 11:51 AM

বৰ্তমান মালদ্বীপ ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। মালদ্বীপৰ ৬০ সংখ্যক স্বাধীনতা দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। এই ভ্ৰমণৰ সময়ত দুয়োখন দেশৰ মাজত উচ্চ পৰ্যায়ৰ বৈঠক আৰু গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক চুক্তি অনুষ্ঠিত হয়।

ঋণ, মুক্ত বাণিজ্য চুক্তি (এফটিএ), মীন আৰু জলজ কৃষি, ডিজিটেল ৰূপান্তৰ, ফাৰ্মাকোপিয়া আৰু ইউপিআইকে ধৰি মুঠ ৮খন চুক্তিত স্বাক্ষৰিত হৈছে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি মুইজুৰ মাজত।

প্ৰধানমন্ত্ৰী মোদীৰ মালদ্বীপ ভ্ৰমণে পুনৰবাৰ দুয়োখন দেশৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিছে। এই বৈঠকৰ সময়ত ৪৮৫০ কোটি টকাৰ ঋণৰ সুবিধা ঘোষণা কৰা হয়, যিটো মালদ্বীপৰ আন্তঃগাঁথনিৰ উন্নয়নত ব্যৱহাৰ কৰা হ’ব। মালদ্বীপে ভাৰতক নিজৰ আটাইতকৈ বিশ্বাসযোগ্য বন্ধু বুলি অভিহিত কৰিছে।

বৈঠকৰ অন্তত কি ক’লে দুয়োগৰাকী নেতাই?

২০২৩ চনৰ নৱেম্বৰ মাহত মুইজুৰ “ইণ্ডিয়া আউট” মন্তব্যৰ পিছত ভাৰত আৰু মালদ্বীপৰ মাজৰ সম্পৰ্ক উত্তেজিত হৈ পৰে। এই বৈঠকৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয় যে পৰিস্থিতি যিয়েই নহওক কিয়, ভাৰত আৰু মালদ্বীপৰ মাজৰ বন্ধুত্ব সদায় “উজ্জ্বল আৰু স্পষ্ট” হৈ থাকিব। সংকট হওক বা মহামাৰী হওক, ভাৰত সদায় তেওঁলোকৰ সৈতে প্ৰথমে থিয় দি আহিছে। ভাৰত-মালদ্বীপৰ ৬০ বছৰীয়া সম্পর্ক সম্পূর্ণ হোৱাৰ উপলক্ষে মালদ্বীপৰ ডাক ষ্টাম্প প্রকাশ কৰে ৷

মুইজুৱে কয়, “ভাৰত দীৰ্ঘদিন ধৰি মালদ্বীপৰ অন্যতম ঘনিষ্ঠ আৰু বিশ্বাসযোগ্য অংশীদাৰ। আমাৰ সহযোগিতা নিৰাপত্তা আৰু বাণিজ্যৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱা, শিক্ষা আৰু অন্যান্য ক্ষেত্ৰলৈকে বিস্তৃত যিয়ে আমাৰ নাগৰিকসকলৰ দৈনন্দিন জীৱনত প্ৰভাৱ পেলায়।”

তেওঁ আৰু কয়, “চিকিৎসা, শিক্ষা আৰু ব্যৱসায়ৰ বাবে প্ৰতিদিনে শতাধিক মালদ্বীপৰ লোক ভাৰতলৈ আহে, ঠিক তেনেকৈ আমাৰ অৰ্থনীতি আৰু সমাজলৈ অৰ্থপূৰ্ণ অৱদান আগবঢ়োৱা ভাৰতীয় পৰ্যটকক আমি উষ্ম আদৰণি জনাইছো।”

মালদ্বীপলৈ ৪৮৫০ কোটি টকাৰ ঋণ

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইজুৰ মনোভাৱ এতিয়া শান্ত হৈছে। যোৱা কেইমাহমানৰ পৰা ভাৰত আৰু মালদ্বীপৰ মাজত চলি থকা অশান্তিৰ মাজতে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মালদ্বীপক ৪৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট দিয়াৰ চুক্তিত স্বাক্ষৰ কৰে। ভাৰতে মালদ্বীপক ঋণ দিছে। ইয়াৰ সমান্তৰালকৈ দুয়োখন দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি সন্দৰ্ভতো আলোচনা আৰম্ভ হৈছে।

শুকুৰবাৰে ভাৰতে মালদ্বীপক ৪৮৫০ কোটি টকা (৫৬৫ মিলিয়ন মাৰ্কিন ডলাৰ) ঋণ দিয়াৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে এই ধন দেশৰ জনসাধাৰণৰ অগ্ৰাধিকাৰ অনুসৰি মালদ্বীপৰ আন্তঃগাঁথনি উন্নয়নৰ সৈতে জড়িত প্ৰকল্পৰ বাবে ব্যৱহাৰ কৰা হ’ব।

মুক্ত বাণিজ্য চুক্তিৰ ওপৰত আলোচনা আৰম্ভ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মালদ্বীপ ভ্ৰমণ সন্দৰ্ভত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে কয় যে এই ভ্ৰমণৰ সময়ত স্বাক্ষৰিত চুক্তিৰ ফলত মালদ্বীপে ভাৰতক বাৰ্ষিক ঋণ প্ৰদানৰ পৰিমাণ ৪০ শতাংশ হ্ৰাস কৰিব। মিশ্ৰীয়ে কয় যে ভাৰতে মালদ্বীপৰ সৈতে এনে বিষয়ত কাম কৰি যাব যিয়ে “কেৱল আমাৰ নিৰাপত্তাকে নহয়, অঞ্চলটোৰ নিৰাপত্তাকো প্ৰভাৱিত কৰিব পাৰে।”

প্ৰধানমন্ত্ৰী মোদীয়ে নিশ্চিত কৰিছে যে অতি সোনকালে দুয়োপক্ষই দ্বিপাক্ষিক বিনিয়োগ চুক্তি চূড়ান্ত কৰিব আৰু মুক্ত বাণিজ্য চুক্তিৰ আলোচনা আৰম্ভ হৈছে।