UNSC ৰ অধ্যক্ষ পদ লাভৰ পাছতেই পাকিস্তানৰ আচল স্বৰূপ পোহৰলৈ! ক’লে- এতিয়া কাশ্মীৰৰ ওপৰত কাম কৰাৰ সময়…

জুলাই মাহৰ বাবে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে। ইয়াৰ পাছতে দেশখনে কাশ্মীৰ বিষয়টো উত্থাপন কৰে। পাকিস্তানে কয় যে, কাশ্মীৰ বিষয়ৰ ওপৰত কাম কৰাৰ সময় আহি পৰিছে।

UNSC ৰ অধ্যক্ষ পদ লাভৰ পাছতেই পাকিস্তানৰ আচল স্বৰূপ পোহৰলৈ! কলে- এতিয়া কাশ্মীৰৰ ওপৰত কাম কৰাৰ সময়...

শ্বেহবাজ শ্বৰীফ

Updated On: 

02 Jul 2025 20:39 PM

সন্ত্ৰাসবাদৰ মালিকখ্যাত পাকিস্তানে জুলাই মাহত লাভ কৰিলে এক ডাঙৰ দায়িত্ব। জুলাই মাহৰ বাবে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষ হোৱাৰ সুযোগ লাভ কৰে পাকিস্তানে। ইয়াৰ পাছতে এতিয়া পাকিস্তানে নিজৰ আচল ৰূপ দেখুৱাবলৈ আৰম্ভ কৰিছে। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা পাকিস্তানে পুনৰ উত্থাপন কৰিছে কাশ্মীৰ বিষয়। নিৰাপত্তা পৰিষদৰ অধ্যক্ষ অসীম ইফটিয়াৰ আহমেদে কয় যে, এই সমস্যা অতি সোনকালে সমাধান কৰিব লাগিব। দীৰ্ঘদিন ধৰি কাশ্মীৰৰ ওপৰত বহু প্ৰস্তাৱ আহিছে, এতিয়া এইবোৰৰ ওপৰত কাম কৰা প্ৰয়োজন।

নিউয়ৰ্কত উপস্থিত থকা অসীম ইফতিখাৰ আহমেদে কয় যে, স্থায়ী সমিতিৰ সদস্যসকলৰ দায়িত্ব এই প্ৰস্তাৱসমূহৰ ওপৰত কাম কৰা আৰু ইয়াৰ বাবে সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰা। আমি ডাঙৰ কৰ্তব্য পালন কৰি আৰু বহু বিশ্বাস ৰাখি অধ্যক্ষ পদ গ্ৰহণ কৰিছো। পাকিস্তানে ৰাষ্ট্ৰসংঘৰ চনদৰ নীতি, যিকোনো বিবাদৰ শান্তিপূৰ্ণ সমাধান, সমতা আৰু আইনত বিশ্বাস কৰে।

তেওঁ কয় যে, এতিয়া কাশ্মীৰ সন্দৰ্ভত দীৰ্ঘদিনীয়া প্ৰস্তাৱৰ ওপৰত কাম কৰাৰ সময় আহি পৰিছে। ইয়াৰ বোজা কেৱল পাকিস্তানে বহন কৰিব নোৱাৰে। ইয়াৰ বাবে সকলোৱে একেলগে আগবাঢ়ি আহি দায়িত্ব পালন কৰিব লাগিব। এই বিবাদৰ বাবেই ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা সৃষ্টি হৈছে। ইয়ে দুই দেশৰ শান্তি আৰু স্থিতিশীলতাক প্ৰভাৱিত কৰে।

উল্লেখ্য যে, এই পাকিস্তানে অহৰহ ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আহিছে। জম্মু-কাশ্মীৰত পাকিস্তানে কেনে ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আহিছে সেয়া বিশ্বই দেখিছে। পহলগাম সন্ত্ৰাসবাদী আক্ৰমণেই হওক বা পুলৱামা আক্ৰমণেই হওক, প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণ পাকিস্তান আৰু ইয়াৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ সৈতে জড়িত। ভাৰতে কৈ আহিছে যে পাকিস্তানৰ শাসক আৰু সন্ত্ৰাসবাদীৰ ভাষা একে।

পাকিস্তানে ভাৰতৰ বিৰুদ্ধে কৰি অহা ষড়যন্ত্ৰ বহু পুৰণি। কিন্তু তাৰ পাছতো বহু দেশ এতিয়া পাকিস্তানৰ সমৰ্থনত আহিছে। বিশেষকৈ পহলগাম আক্ৰমণত পাকিস্তানৰ হাত থকা বুলি স্পষ্ট হৈ পৰাৰ পাছতো বহু দেশে পাকিস্তানক সমৰ্থন কৰাৰ লগতে দেশখনৰ সৈতে বহু কূটনৈতিক সম্পৰ্ক গঢ়ি তুলিছে।  সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক পাকিস্তানৰ এনে দায়িত্বই এতিয়া ভাৰতক কিছু প্ৰভাৱিত কৰিব বুলি অনুমান কৰিব পাৰি।

উল্লেখ কৰা প্ৰয়োজন, জুলাই মাহৰ বাবে পাকিস্তানে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে। অধ্যক্ষতা, ৰাষ্ট্ৰসংঘৰ অস্থায়ী সদস্য হিচাপে পাকিস্তানৰ দুবছৰীয়া কাৰ্যকালৰ অংশ। ইয়াৰ উপৰিও পাকিস্তানে তালিবান নিষেধাজ্ঞা সমিতিৰ অধ্যক্ষতাও কৰিব। ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ সন্ত্ৰাসবাদ বিৰোধী সমিতিৰ উপ-সভাপতি হিচাপেও কাম কৰিব।

 

অন্য খবৰ পঢ়কঃ শীঘ্ৰেই হ’ব বাণিজ্যিক চুক্তি! মোদী- ট্ৰাম্পৰ বন্ধুত্বৰ কথা উল্লেখ হোৱাইট হাউছৰ…

শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ! পূজা কৰিলে পাব সুফল...
শিৱৰ প্ৰিয় ৩ ৰাশি! শাওণ মাহত লাভ কৰিব বিশেষ কৃপা...
ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই