US Tariff: ‘বন্ধু’ মোদীৰ বাবে বিশেষ ৰেহাই, কোনখন দেশৰ ওপৰত কিমান শুল্ক আৰোপ কৰিছে ট্ৰাম্পে?

US Imposed Tariffs on India: ভাৰত আৰু চীনৰ প্ৰতি কিছু নমনীয়তা দেখুৱাইছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ট্ৰাম্পে কয় যে, এই শুল্ক দুয়োখন দেশে আমেৰিকাৰ পৰা লোৱা শুল্কৰ আধা।

US Tariff: ‘বন্ধু’ মোদীৰ বাবে বিশেষ ৰেহাই, কোনখন দেশৰ ওপৰত কিমান শুল্ক আৰোপ কৰিছে ট্ৰাম্পে?

ড'নাল্ড ট্ৰাম্প

Updated On: 

03 Apr 2025 17:45 PM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সকলো দেশৰ ওপৰত শুল্ক আৰোপ কৰিছে। এই ক্ষেত্ৰত ভাৰতো বাদ পৰা নাই। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বন্ধুত্বৰ কথা উল্লেখ কৰি ট্ৰাম্পে ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক ঘোষণা কৰে ৷

ইয়াৰ পূৰ্বে তেওঁ ঘোষণা কৰিছিল যে, ২ এপ্ৰিলত শুল্কৰ হাৰ হ্ৰাস কৰা হ’ব। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰতিশ্ৰুতি অনুসৰি শুল্ক ঘোষণা কৰিছিল। এখন বৃহৎ ব’ৰ্ডত তেওঁ দেখুৱাইছে কোনবোৰ দেশৰ ওপৰত কিমান শতাংশ শুল্ক আৰোপ কৰা হৈছে। ন্যূনতম ১০ শতাংশলৈ শুল্ক আৰোপ কৰা হৈছে। সৰ্বোচ্চ শুল্ক ৪৯ শতাংশ, যিটো ট্ৰাম্পে কম্বোডিয়াৰ ওপৰত আৰোপ কৰিছে। ৯ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই নতুন শুল্ক।

ভাৰত আৰু চীনৰ প্ৰতি কিছু নমনীয়তা দেখুৱাইছে ৰাষ্ট্ৰপতি ট্ৰাম্পে। ট্ৰাম্পে কয় যে, এই শুল্ক দুয়োখন দেশে আমেৰিকাৰ পৰা লোৱা শুল্কৰ আধা। এতিয়াৰে পৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৬ শতাংশ আমদানি শুল্ক পৰিশোধ কৰিব লাগিব। চীনৰ সামগ্ৰীৰ ওপৰত ৩৪ শতাংশ আমদানি শুল্ক আৰোপ কৰিছে আমেৰিকাই।

জানক কোনখন দেশত কিমান শুল্ক আৰোপ কৰিছে…

  • ভাৰতৰ ওপৰত ২৬ শতাংশ আৰু চীনৰ ওপৰত ৩৪ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্পে। আন দেশতো শুল্ক আৰোপ কৰা হৈছে।
  • ইউৰোপীয় সংঘৰ ওপৰত ২০ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্পে।
  • ব্ৰিটেইনৰ ওপৰত ১০ শতাংশ শুল্ক আৰোপ।
  • জাপানৰ ওপৰত ২৪ শতাংশ শুল্ক আৰোপ কৰিছে।
  • দক্ষিণ কোৰিয়াৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে।
  • ব্ৰাজিল, তুৰস্ক, ইউক্ৰেইন, কাটাৰ, বাহৰিনৰ সামগ্ৰীৰ ওপৰতো ১০ শতাংশ শুল্ক আৰোপ কৰিছে।
  • পাকিস্তানৰ ওপৰত ২৯ শতাংশ শুল্ক আৰোপ কৰিছে।
  • শ্ৰীলংকাত ৪৪ শতাংশ শুল্ক আৰোপ কৰিছে ট্ৰাম্পে।
  • ট্ৰাম্পে এতিয়াৰ বাবে কানাডা আৰু মেক্সিকোৰ ওপৰত কোনো শুল্ক আৰোপ কৰা নাই।

উল্লেখ্য যে, কিছুদিন পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পে ঘোষণা কৰিছিল যে আমেৰিকাত নিৰ্মিত নোহোৱা, বিদেশত নিৰ্মিত সকলো গাড়ীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰা হ’ব।

ফাইব্ৰইড কি ? গৰ্ভাৱস্থাত এই সমস্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব?
অতিমাত্ৰা খাদ্য খোৱাৰ ফলত এই ৫ টা গুৰুতৰ ৰোগ হ'ব পাৰে...
ভাৰত নে পাকিস্তান? কাৰ ওচৰত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰ আছে জানেনে? জানক কোন আছে আগত...
পোকে খোৱা দাঁতত খুব বিষ হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা পাব সকাহ...