TV9 ASSAM
Credits: Getty Images
এগৰাকী মহিলা গৰ্ভৱতী হ’লে তেওঁৰ শৰীৰত বহু পৰিৱৰ্তন ঘটে। কিছুমান মহিলাৰ গৰ্ভাৱস্থাত ফাইব্ৰইডৰ সমস্যাও হ’ব পাৰে।
এইবিধ জৰায়ুত গঠন হোৱা এক প্ৰকাৰৰ Non-Cancerous গোট। প্ৰতিটো ফাইব্ৰইড বিপদজনক নহয় ।
কিন্তু যদি ই ডাঙৰ হয় বা দ্ৰুতগতিত বৃদ্ধি পায়, তেন্তে ই মাতৃ আৰু শিশু উভয়ৰে বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।
ইয়াৰ লক্ষণ তলপেটৰ গধুৰ বা বিষ, সঘনাই প্ৰস্ৰাৱ কৰা, কোষ্ঠকাঠিন্য আৰু জৰায়ু স্বাভাৱিকতকৈ ডাঙৰ হ’ব পাৰে।
যদি ফাইব্ৰইড অতি ডাঙৰ বা ভুল ঠাইত থাকে তেন্তে গৰ্ভপাতৰ আশংকা, অকাল প্ৰসৱ, প্ৰসৱৰ সময়ত জটিলতা সৃষ্টি হ’ব পাৰে।
গৰ্ভাৱস্থাত ফাইব্ৰইড নিয়ন্ত্ৰণ কৰিবলৈ নিয়মীয়া আল্ট্ৰাছাউণ্ড, চিকিৎসকৰ পৰামৰ্শ, বিষ নিৰাময়ৰ ঔষধ গ্ৰহণ, জিৰণি লোৱাটো অতি প্ৰয়োজন ।
গৰ্ভাৱস্থাত ফাইব্ৰইড নিয়ন্ত্ৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপ পৰিহাৰ কৰিব লাগিব ।
পঢ়িবলৈ ক্লিক কৰক