দাঁতত পোকে খাইছে নেকি? এই ঘৰুৱা উপায় আপোনাৰ বাবে...

30 April 2025

TV9 ASSAM

সকলোৱে বিচাৰে ধুনীয়া আৰু সুন্দৰ দাঁত। কিন্তু আজিকালি খাদ্য বা বিভিন্ন কাৰণত দাঁতৰ কিছুমান সমস্যা হোৱা দেখা যায়। যাৰ ফলত দাঁতৰ বিষ, ফুলা আদি সমস্যাৰ সৃষ্টি হয়।

দাঁত

বেছি মিঠা বস্তু খালে দাঁতৰ সমস্যা বৃদ্ধি পাব পাৰে। ইয়াৰ ফলত দাঁতৰ বিষ বা দাঁতত পোকে খোৱাৰ দৰে সমস্যা হোৱাৰ সম্ভাৱনা আছে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কিছুমান বিশেষ উপায় আছে।

মিঠা

লং দাঁতৰ বাবে ভাল। এটুকুৰা তুলাত ২-৩ টোপাল লঙৰ তেল দি পোকে খোৱা দাঁতটোক লগাই কিছু সময় তেনেকে  ৰাখিব পাৰে। পাছত মুখখন ভালদৰে ধুই দিব পাৰে। ইয়ে আপোনাৰ সকাহ দিব।

লং

এক চামুচ নিমখত ২-৩ টোপাল সৰিয়হ তেল দি ভালদৰে মিহলাই দাঁত আৰু গুড়িত হাতেৰে ৫ মিনিট লগাই ৰাখিব। পাছত কুহুমীয়া পানীৰে কুলকুলা কৰি মুখ ধুই দিব।

নিমখ-সৰিয়হ

নিম পাতৰ বহু উপকাৰী গুণ আছে। ৪- ৫ টা  নিমৰ পাত উতলাই সেই পানীখিনিৰে কুলকুলা কৰিব। এয়া কৰিলে কিছু সময় সকাহ পাব। বেছি বিষ হ'লে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

নিম

ইয়াৰোপৰি আপুনি দিনত এবাৰ বা দুবাৰ মাউথৱাছ কৰিব পাৰে। দোকানত মাউথৱাছ কৰা বিভিন্ন ধৰণ সামগ্ৰী পায়। অথবা কুহুমীয়া পানীত সামান্য নিমখ মিহলাই কুলকুলা কৰিলেও সকাহ লাভ কৰিব।

মাউথৱাছ

এয়া কিছুমান সাধাৰণ উপায় যিয়ে আপোনাক কিছু সময়ৰ বাবে সকাহ দিব। বিষ বেছি হৈ থাকিলে এই ক্ষেত্ৰত আপুনি পলম নকৰি চিকিৎসকৰ পৰামৰ্শ লোৱাৰ দৰকাৰ।

চিকিৎসক

পঢ়িবলৈ ক্লিক কৰক 

ছালৰ যত্ন