গায়ানাত ভাৰতীয় সৰ্বদলীয় প্ৰতিনিধি দল, আছে অসমৰ ভুৱনেশ্বৰ কলিতা, উপ-ৰাষ্ট্ৰপতিয়ে ক’লে- আমি ভাৰতৰ পক্ষত
ভাৰতৰ প্ৰতিনিধি দলটোৱে সন্ত্ৰাসবাদৰ সকলো ৰূপতে প্ৰতিহত কৰাৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় ঐকমত্য আৰু দৃঢ় স্থিতি প্ৰকাশ কৰিব। তেওঁৰ প্ৰচাৰৰ সময়ত তেওঁ ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বলিষ্ঠ বাৰ্তা বিশ্ব সমাজলৈ কঢ়িয়াই নিব।

গায়ানাত ভাৰতীয় সৰ্বদলীয় প্ৰতিনিধি দল
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত এটা সৰ্বদলীয় প্ৰতিনিধি দলে দেওবাৰে (স্থানীয় সময় অনুসৰি) গায়ানাৰ উপ-ৰাষ্ট্ৰপতি ভৰত জগদেউক সাক্ষাৎ কৰে। কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলটোৱে গায়ানাৰ জৰ্জটাউনত উপস্থিত হয়। প্ৰৱাসী ভাৰতীয়সকলে অতি উৎসাহ আৰু উদ্যমেৰে আদৰণি জনায় দলটোক। বৈঠকৰ অন্তত গায়ানাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “মই প্ৰতিনিধি দলটোক আশ্বাস দিলোঁ যে গায়ানা সম্পূৰ্ণৰূপে ভাৰতৰ সৈতে থিয় হৈ আছে। আমি সন্ত্ৰাসবাদৰ বিৰোধী আৰু বিশ্বাস কৰোঁ যে সন্ত্ৰাসবাদী কাৰ্যকলাপ সংঘটিত কৰা সকলোকে ন্যায়ৰ কাঠগড়াত থিয় কৰাৰ লাগে।”
এই সময়তে শশী থাৰুৰে গিয়ানাৰ জনসাধাৰণক স্বাধীনতা দিৱস উদযাপনৰ বাবে আগতীয়াকৈ অভিনন্দন জনোৱাৰ লগতে সৰ্বদলীয় প্ৰতিনিধি দলটোৰ ভ্ৰমণৰ উদ্দেশ্যও ব্যাখ্যা কৰে। শশী থাৰুৰে তেওঁৰ বক্তব্যত কয় যে, “আমাৰ বাৰ্তা অতি স্পষ্ট, আমি সন্ত্ৰাসবাদৰ বিৰুদ্ধে থিয় দিব লাগিব, সি য’তেই নহওক কিয়। কেৱল হত্যাকাৰীক ন্যায়ৰ ওচৰলৈ অনাই নহয়, যিসকলে তেওঁলোকক তেওঁলোকৰ কু-কৰ্ম চলাবলৈ ধন আগবঢ়াইছে, প্ৰশিক্ষণ দিছে আৰু নিৰ্দেশনা দিছে তেওঁলোককো আমি গুৰুতৰভাৱে প্ৰত্যাহ্বান জনাইছো।”
#WATCH | Georgetown: After meeting the all-party delegation led by Congress MP Shashi Tharoor, Vice-President of Guyana says, ” It was an excellent visit. I assured the delegation that Guyana stands unequivocally with India. We are against terrorism and we believe that all those… pic.twitter.com/6niSiFaxuU
— ANI (@ANI) May 25, 2025
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰৰ নেতৃত্বত যোৱা সৰ্বদলীয় প্ৰতিনিধি দলটোক গায়ানাৰ ভাৰতীয় জনগোষ্ঠী আৰু প্ৰবাসী ভাৰতীয়ই হাতচাপৰি আৰু উৎসাহেৰে আদৰণি জনায়। পাকিস্তানত সংঘটিত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি ভাৰতৰ সঁহাৰিৰ শলাগ লৈ ভাৰতীয় সমাজৰ সদস্যসকলে আন্তৰিক সমৰ্থন প্ৰকাশ কৰে। ভাৰতীয় সমাজৰ এজন সদস্যই কয়, “আমি সকলোৱে এই সন্ত্ৰাসবাদক গৰিহণা দিওঁ আৰু আমি সকলোৱে ভাৰতৰ নাগৰিকৰ সৈতে আছো। আমাৰ সমবেদনা তেওঁলোকৰ সৈতে আছে আৰু পাকিস্তানৰ এই সন্ত্ৰাসবাদী কাৰ্যৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী মোদীয়ে লোৱা প্ৰতিটো পদক্ষেপত আমি সমৰ্থন জনাইছো।”
কংগ্ৰেছৰ সাংসদ শশী থাৰুৰ নেতৃত্বত সৰ্বদলীয় প্ৰতিনিধি দলটোত আছে শম্ভৱী চৌধুৰী (লোক জনশক্তি পাৰ্টি), সৰফৰাজ আহমেদ (ঝাৰখণ্ড মুক্তি মৰ্চা), জি এম হৰিশ বালায়াগী (তেলেগু দেশম পাৰ্টি), শশাংক মণি ত্ৰিপাঠী, তেজস্বী সূৰ্য, ভুৱনেশ্বৰ কলিতা (বিজেপি), মল্লিকাৰ্জুন দেওৰা (শিৱসেনা) আৰু আমেৰিকাত প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত তৰঞ্জিত সিং সন্ধু।
Georgetown | All-party delegation led by Congress MP Shashi Tharoor meets Vice-President of Guyana, Bharrat Jagdeo pic.twitter.com/cAynfSERXq
— ANI (@ANI) May 25, 2025
সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতা
সন্ত্ৰাসবাদৰ সকলো প্ৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ভাৰতৰ ৰাষ্ট্ৰীয় ঐকমত্য আৰু দৃঢ় স্থিতি প্ৰকাশ কৰিব এই প্ৰতিনিধি দলটোৱে। প্ৰচাৰৰ সময়ত তেওঁলোকে ভাৰতৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ বলিষ্ঠ বাৰ্তা বিশ্ব সমাজলৈ কঢ়িয়াই নিব।
২২ এপ্ৰিলৰ পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি ভাৰতৰ প্ৰত্যুত্তৰ আৰু সীমা অতিক্ৰম কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ সৰ্বাংগীন যুঁজৰ বিষয়ে আন্তঃৰাষ্ট্ৰীয় অংশীদাৰসকলক অৱগত কৰাটোৱেই এই প্ৰতিনিধি দলটোৰ উদ্দেশ্য। ২২ এপ্ৰিলৰ পহলগামত পাক পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ নিৰ্ণায়ক সামৰিক প্ৰত্যুত্তৰ হিচাপে যোৱা ৭ মে’ত অপাৰেশ্যন সেন্দূৰ আৰম্ভ হৈছিল। ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদী আন্তঃগাঁথনি লক্ষ্য কৰি জইছ-ই-মহম্মদ, লস্কৰ-ই-টাইবা আৰু হিজবুল মুজাহিদীনৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ ১০০ৰো অধিক সন্ত্ৰাসবাদীক হত্যা কৰে।