এয়াই ৰঙা চীনৰ প্ৰকৃত স্বৰূপ! ভাৰতৰ পৰাস্ত কৰিবলৈ পাকিস্তানক সহায় কৰাৰ ১০টা প্ৰমাণ

ভাৰতৰ সৈতে উত্তেজনাৰ সময়ত চীনে কেৱল অস্ত্ৰ-শস্ত্ৰই নহয়, পাকিস্তানক কাৰিকৰী, চোৰাংচোৱা আৰু কৌশলগত সহায় আগবঢ়াইছিল। ইয়াৰ ১০টা প্ৰমাণ পোহৰলৈ আহিছে। কিন্তু সেই সময়ত চীনে সহযোগিতাৰ প্ৰস্তাৱ সম্পূৰ্ণৰূপে নাকচ কৰিছিল। কোৱা হৈছে যে চীনে যদি পাকিস্তানক সমৰ্থন নকৰিলেহেঁতেন তেন্তে পাকিস্তানৰ পৰিস্থিতি আৰু বেয়া হ’লহেঁতেন।

এয়াই ৰঙা চীনৰ প্ৰকৃত স্বৰূপ! ভাৰতৰ পৰাস্ত কৰিবলৈ পাকিস্তানক সহায় কৰাৰ ১০টা প্ৰমাণ

চীনে পাকিস্তানক সহায় কৰাৰ ১০টা প্ৰমাণ

Updated On: 

20 May 2025 14:26 PM

ভাৰত আৰু পাকিস্তানৰ মাজত চাৰিদিনীয়া সংঘাতৰ সময়ত বহু সামৰিক আৰু কৌশলগত ঘটনা সংঘটিত হৈছিল, য’ত চীনৰ ভূমিকা অতি গুৰুতৰ আছিল। চীন কেৱল অস্ত্ৰ যোগান ধৰাত সীমাবদ্ধ নাছিল যদিও প্ৰতিৰক্ষা সূত্ৰৰ মতে চীনে প্ৰত্যক্ষভাৱে পাকিস্তানক কাৰিকৰী, চোৰাংচোৱা আৰু কৌশলগত সহায় আগবঢ়াইছিল। যদিও চীনে প্ৰত্যক্ষভাৱে মানি লোৱা নাই, কিন্তু এনে ১০টা প্ৰমাণ আছে যিবোৰ চীনে অস্বীকাৰ কৰিব নোৱাৰে। এই প্ৰমাণসমূহ বিতংভাৱে জানো আহক…

পাকিস্তানে চীনৰ পৰা প্ৰত্যক্ষ সমৰ্থন লাভ কৰিছিল

১) চীনা উপগ্ৰহৰ জৰিয়তে পাকিস্তানক লাইভ ISRৰ ডাটা যোগান – চীনে নিজৰ চোৰাংচোৱা উপগ্ৰহ নেটৱৰ্কৰ জৰিয়তে পাকিস্তানক লাইভ Intelligence, Surveillance & Reconnaissance (ISR) ডাটা প্ৰদান কৰিছে। এই তথ্য ভাৰতৰ সামৰিক কাৰ্যকলাপৰ বাস্তৱ সময়ৰ নিৰীক্ষণত ব্যৱহাৰ কৰা হৈছিল।

২) HQ-9/P বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ যোগান – চীনে পাকিস্তানক উচ্চ প্ৰযুক্তিৰ HQ-9/P বায়ু প্ৰতিৰক্ষা ক্ষেপণাস্ত্ৰ ব্যৱস্থা স্থাপন কৰাত সহায় কৰিছিল। ভাৰতীয় বিমান আক্ৰমণ বন্ধ কৰিবলৈ এই ব্যৱস্থা কাৰ্যকৰী কৰা হৈছিল।

৩) চীনা সামৰিক বিশেষজ্ঞৰ নিয়োগ – সংঘাতৰ সময়ত পাকিস্তানৰ সামৰিক ঘাটিত চীনৰ সামৰিক উপদেষ্টা আৰু কাৰিকৰী বিশেষজ্ঞক দেখা গৈছিল, যিয়ে ব্যৱস্থাসমূহৰ নিৰীক্ষণ আৰু আন্তঃপৃষ্ঠত সহায় কৰিছিল।

৪) চীন-পাকিস্তান জইণ্ট কমাণ্ড মডিউল – প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে এই সমগ্ৰ অভিযানৰ বাবে চীন আৰু পাকিস্তানৰ মাজৰ ভাৰ্চুৱেল লিংকৰ জৰিয়তে যৌথ কমাণ্ড মডিউল চলোৱা হৈছিল, য’ত কৌশলগত সিদ্ধান্ত লোৱা হৈছিল।

৫) চাইবাৰ সহায় আৰু GPS জামিং – ভাৰতীয় যোগাযোগ আৰু GPS সংকেতত ব্যাঘাত জন্মাবলৈ চীনে পাকিস্তানক চাইবাৰ-কাৰিকৰী সহায় আগবঢ়াইছিল। ইয়াৰ মূল উদ্দেশ্য আছিল ভাৰতীয় ড্ৰোন আৰু বিমানৰ অৱস্থান বিঘ্নিত কৰা।

৬) চীনা ড্ৰোন সমৰ্থন – পাকিস্তান সেনাই PNS Mianwali  ঘাটিৰ ওচৰত চীনা MALE (Medium Altitude Long Endurance) ড্ৰোন ব্যৱহাৰ কৰিছিল। তেওঁলোকৰ কমাণ্ড এণ্ড কণ্ট্ৰল সহায় বেইজিঙৰ পৰা প্ৰদান কৰা হৈছিল।

৭) ট্ৰেকিং চিষ্টেমৰ লাইভ ফিডিং – ভাৰতীয় বিমানৰ গতিবিধি অনুসৰণ কৰিবলৈ চীনে পাকিস্তানক উচ্চমানৰ ইলেক্ট্ৰনিক ফিড দিছিল, যাতে ভাৰতৰ আক্ৰমণৰ স্থানৰ বিষয়ে ভৱিষ্যদ্বাণী কৰিব পাৰে।

৮) JDAMsৰ বাবে চীনৰ সমন্বয় – লক্ষ্য নিৰ্ধাৰণৰ সঠিকতা বৃদ্ধিৰ বাবে পাকিস্তানে JDAMs (Joint Direct Attack Munitions) ব্যৱহাৰৰ বাবে চীনে সমন্বয়ৰ সমৰ্থন আগবঢ়াইছিল।

৯) CPECৰ জৰিয়তে লজিষ্টিক চেনেল – চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC)ৰ অধীনত বহুতো স্পৰ্শকাতৰ সঁজুলি আৰু ৰাডাৰ ব্যৱস্থা ৰাতিটোৰ ভিতৰতে পাকিস্তানলৈ পৰিবহণ কৰা হৈছিল। বিশেষকৈ গ্ৱাদাৰ আৰু বেলুচিস্তান অঞ্চলৰ পৰা।

১০) চীনৰ সংবাদ মাধ্যমৰ মানসিক যুদ্ধ – চীনে নিজৰ মিডিয়া নেটৱৰ্কৰ জৰিয়তে ভাৰতৰ বিৰুদ্ধে মানসিক যুদ্ধ চলাইছিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ প্ৰতিৰক্ষামূলক স্থিতি ন্যায্যতা প্ৰদান কৰাত ব্যস্ত আছিল চীনৰ সংবাদ মাধ্যম।

ৰুদ্ৰৰ ট্ৰেইলাৰ মুকলি অনুষ্ঠানত ৰবি শৰ্মাৰ ষ্টান্ট, সামাজিক মাধ্যমত ভাইৰেল এই ভিডিঅ'...
গ্ৰীষ্মকালত কিদৰে সন্তানক নিৰোগী কৰি ৰাখিব?
ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে নেকি ? ত্যাগ কৰক পুৱাৰ এই বদ-অভ্যাস..
শুক্ৰাণুৰ সংখ্যা বৃদ্ধিৰ বাবে কেনেধৰণৰ খাদ্য খাব লাগে জানক...