প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ জেল! অপৰাধ কি? প্ৰতিক্ৰিয়া প্ৰকাশ ড’নাল্ড ট্ৰাম্পৰ…

এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিক অভ্যুত্থানৰ ষড়যন্ত্ৰ আৰু হত্যাৰ পৰিকল্পনা কৰাৰ অপৰাধত ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ড বিহা হৈছে। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ে তেওঁক এই শাস্তি প্ৰদান কৰে।

প্ৰাক্তন ৰাষ্ট্ৰপতিক ২৭ বছৰৰ জেল! অপৰাধ কি? প্ৰতিক্ৰিয়া প্ৰকাশ ডনাল্ড ট্ৰাম্পৰ...

বোলছনাৰো

Published: 

12 Sep 2025 | 09:00 AM

এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতিক শাস্তি বিহিলে এখন দেশৰ সৰ্বোচ্চ ন্যয়ালয়ে। অভ্যুত্থানৰ ষড়যন্ত্ৰ আৰু হত্যাৰ পৰিকল্পনা কৰাৰ অপৰাধত তেওঁক ২৭ বছৰ ৩ মাহৰ কাৰাদণ্ড বিহা হৈছে। ব্ৰাজিল উচ্চ ন্যায়ালয়ে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোক এই শাস্তি প্ৰদান কৰিছে।

১১ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ৰ ৫ জনীয়া বিচাৰপীঠৰ চাৰিজনে তেওঁক দোষী সাব্যস্ত কৰে। অভিযোগ অনুসৰি, ৭০ বছৰীয়া বলছ’নাৰো ২০২২ চনৰ নিৰ্বাচনত পৰাজয় বৰণ কৰাৰ পাছত নতুন ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ’ লুলা দা চিলভাৰ চৰকাৰ উফৰাই দিয়াৰ পৰিকল্পনা কৰিছিল।

তথ্য অনুসৰি, এই ষড়যন্ত্ৰৰ সৰ্বোচ্চ শাস্তি ৪৩ বছৰ লাভ কৰিলেহেতেন, কিন্তু বয়স আৰু স্বাস্থ্যৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ শাস্তি হ্ৰাস কৰি ২৭ বছৰ ৩ মাহ কৰা হয়। বৰ্তমান প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী ঘৰতেই আছে আৰু তেওঁ কৈছে যে এনে কোনো পৰিকল্পনাত তেওঁ জড়িত নাই। এই সিদ্ধান্তৰ বিৰোধিতা কৰি তেওঁ এতিয়া উচ্চতম ন্যায়ালয়ৰ ১১ জনীয়া বিচাৰপীঠত আবেদন কৰিব।

৩ জনত হত্যাৰ ষড়যন্ত্ৰ

জানিব পৰা মতে, প্ৰাক্তন ৰাষ্ট্ৰপতি হোৱাৰ লগতে তেওঁ আছিল সেনাৰ প্ৰাক্তন অধিনায়ক। তেওঁক এটা অপৰাধিক সংগঠনৰ নেতৃত্ব কৰাৰ ক্ষেত্ৰতো দোষী সাব্যস্ত হৈছে। এই সংগঠনটোৰ উদ্দেশ্য আছিল ২০২৩ চনৰ আৰম্ভণিতে লুলাক কাৰ্যভাৰ গ্ৰহণ কৰাত বাধা আৰোপ কৰা। এই সময়চোৱাত তেওঁ ৰাষ্ট্ৰপতি লুলা, উপ-ৰাষ্ট্ৰপতি গোৰাল্ডো আলকমিন আৰু আলেকজেণ্ডাৰ ডি ম’ৰেছক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল বুলি অভিযোগ আছে।

ইয়াৰোপৰি অভ্যুত্থানৰ চেষ্টা, সশস্ত্ৰ অপৰাধী সংগঠনৰ অশং হোৱা, হিংসাৰ সহায়ত গণতান্ত্ৰিক আইনৰ শাসন শেষ কৰাৰ চেষ্টা, হিংসাত্মক কাৰ্যত লিপ্ত হোৱা, ৰাষ্ট্ৰৰ সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাকে কৰি মুঠ ৫ টা অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল।

ট্ৰাম্পে কি ক’লে

এই সন্দৰ্ভত  আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ এই সিদ্ধান্তত অসন্তুষ্টি ব্যক্ত কৰি এয়া ৰাজনৈতিক প্ৰতিশোধ আৰু ব্ৰাজিলৰ বাবে ক্ষতিকাৰক বুলি কয়। ইয়াৰোপৰি ট্ৰাম্পে কৈছে যে তেওঁ ব্ৰাজিলৰ আমদানি সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ চিন্তা কৰিব। ট্ৰাম্পৰ এই সিদ্ধান্তৰ ফলত দুই দেশৰ মাজত কূটনৈতিক উত্তেজনা বৃদ্ধি পাব বুলি আশা কৰা হৈছে।

উল্লেখ্য যে, আন  এটা সুকীয়া গোচৰত ইতিমধ্যে ২০৩০ চনলৈকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ক্ষেত্ৰত ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক বাধা দিয়া হৈছে। এনে ক্ষেত্ৰত একাংশই কৈছে যে, তেওঁ এনে এজন প্ৰতিনিধি তৈয়াৰ কৰিব যিয়ে লুলাক পৰৱৰ্তী নিৰ্বাচনত প্ৰত্যাহ্বান জনাব।

 

অন্য খবৰ পঢ়কঃ পত্নী-প্ৰেমিকক আপত্তিজনক অৱস্থাত উদ্ধাৰ! তাৰ পাছতে এক ভয়ংকৰ কাণ্ড, মোনা লৈ থানাত উপস্থিত স্বামী…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...