গাদীৰ খক! এইবাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে…

শীঘ্ৰেই ডাঙৰ পৰিবৰ্তন ঘটিব পাৰে বাংলাদেশৰ ৰাজনীতিত। গাদী হেৰুৱাব পাৰে মহম্মদ ইউনুছে। কিয়নো এইবাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দেশখনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে।

গাদীৰ খক! এইবাৰ সাধাৰণ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে...

বাংলাদেশ

Published: 

31 Jul 2025 10:04 AM

গাদী সংকটত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ। কিয়নো বাংলাদেশৰ ৰাজনীতিত পুনৰ প্ৰৱেশ কৰিছে খালেদা জিয়াই।  প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বাংলাদেশ ৰাষ্ট্ৰীয় দলৰ অধ্যক্ষগৰাকীয়ে পুনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। বুধবাৰে এই কথা ঘোষণা কৰে দলটোৱে আৰু তেতিয়াৰ পৰাই বাংলাদেশৰ ৰাজনীতিত হুলস্থুলৰ সৃষ্টি হৈছে।

শ্বেখ হাছিনা ক্ষমতাত থকাৰ সময়ত খালেদা জিয়া শাৰীৰিক অসুস্থতাৰ বাবে প্ৰায় সকলোৰে পৰা আঁতৰত আছিল। তেওঁৰ অৱস্থাত কেইবাবাৰো সংকটজনক হৈ পৰিছিল। এক কথাত মৃত্যুৰ মুখৰ পৰা ঘূৰি অহা খালেদাই পুনৰ এবাৰ পোনপটীয়াকৈ নিৰ্বাচনী ৰণ যুঁজিবলৈ সাজু হৈছে।

দ্য ডেইলী ষ্টাৰৰ এক প্ৰতিবেদন অনুসৰি বিএনপিৰ ভাইচ চেয়াৰমেন আব্দুল আৱাল মিণ্টোৱে বুধবাৰে কয় যে দলৰ অধ্যক্ষগৰাকী বৰ্তমান সুস্থ অৱস্থাত আছে আৰু তেওঁ ৰাষ্ট্ৰীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। কোনখন আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা আগঢ়াব সেই কথাও উল্লেখ কৰে। তেওঁ কয় যে, খালেদা জিয়াই ফেনীৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। ইতিমধ্যে জিলা প্ৰশাসনৰ সৈতে এখন বৈঠক অনুষ্ঠিত হৈছে।

ইফালে খালেদা জিয়াৰ পুত্ৰ তথা বিএনপিৰ অন্তৱৰ্তীকালীন অধ্যক্ষ তাৰিক ৰহমান লণ্ডনৰ পৰা বাংলাদেশলৈ ঘূৰি আহিব পাৰে বুলিও তীব্ৰ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। অৱশ্যে বিএনপিৰ ভাইচ চেয়াৰমেন আব্দুল মিণ্টোৱে কয় যে তেওঁলোকৰ মতে অহা বছৰৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে।

এই সময়চোৱা তেওঁ মহম্মদ ইউনুছ তথা চৰকাৰৰ কামত তীব্ৰ সমালোচনা কৰে। তেওঁ কয়, দেশৰ বৰ্তমানৰ পৰিস্থিতি চালে কব পাৰি যে অহা ফেব্ৰুৱাৰী মাহৰ আগত নিৰ্বাচন অনুষ্ঠিত হব পাৰে। কাৰণ উচ্চতম ন্যায়ালয়ত অন্তৱৰ্তীকালীন চৰকাৰৰ বিৰুদ্ধে গোচৰ আছে।অন্তৱৰ্তীকালীন চৰকাৰ গঠন হ’লে ৯০ দিনৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা বছৰৰ আগষ্ট মাহত শ্বেখ হাছিনাক পদচ্যুত কৰা হৈছিল। তাৰ ঠিক আগতেই যোৱা বছৰৰ মে’ মাহত লণ্ডনৰ পৰা উভতি আহিছিল খালেদা জিয়া। প্ৰায় ৪ মাহ ধৰি লণ্ডনত চিকিৎসাধীন হৈ আছিল তেওঁ।  খালেদা জিয়াৰ লিভাৰ চিৰ’ছিছ, বৃক্কৰ সমস্যা, হৃদৰোগ আৰু বাতবিষ আদি আছে।

জিয়াই অনাথ আশ্ৰম ট্ৰাষ্টৰ দুৰ্নীতিৰ বাবে ২০১৮ চনলৈকে কাৰাবাস খাটিছিল। কিন্তু হাছিনা চৰকাৰে কোৰোনা কালত তেওঁক জেলৰ পৰা সাময়িকভাৱে মুকলি কৰি দিছিল। তাৰ পিছত ২০২০ চনত তেওঁৰ শাস্তি চৰ্তসাপেক্ষে হ্ৰাস কৰা হৈছিল। যোৱা বছৰ হাছিনা চৰকাৰৰ পতনৰ পিছত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিন চুপ্পুৱে তেওঁক মুকলি কৰি দিয়াৰ নিৰ্দেশ দিছিল। চলিত বৰ্ষৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়েও নিম্ন ন্যায়ালয়ৰ ৰায়ক সমৰ্থন কৰি দুৰ্নীতিৰ গোচৰৰ পৰা তেওঁক দোষমুক্ত কৰিছিল।

 

অন্য খবৰ পঢ়কঃ ভাৰতক শিৰ নত কৰাৰ চেষ্টা! পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি স্বাক্ষৰ আমেৰিকাৰ, ট্ৰাম্পে ক’লে…

অভেলত চিৰাজৰ চমক, ইংৰাজ বাহিনীক শলঠেকত পেলাই অৰ্জন কৰিলে ‘দ্বিশতক’
বিবাহৰ পূৰ্বে সংগীক সোধক এই ৫টা প্ৰশ্ন, নহ'লে সৰ্বনাশ!
শৃংখলা হেৰুৱাব নেকি ভাৰতে! অভেলৰ পৰা আহিছে ভাৰতৰ জয়ৰ আশা ভংগ কৰা খবৰ!
চুলি দীঘল নহয় নেকি? তেন্তে ঘৰতে প্ৰস্তত কৰি লগাওক এই বিশেষ উপকৰণ