শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পৰা গুৱাহাটীৰ অগ্নিকাণ্ডলৈ, দিনটোৰ খবৰ...

ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ পৰা গুৱাহাটীৰ অগ্নিকাণ্ডলৈ, দিনটোৰ খবৰ…

Barasha Sarma
Barasha Sarma | Published: 16 Nov 2025 22:46 PM

Top9: আজি সমগ্ৰ দেশত পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। বছৰ বছৰ ধৰি ১৬ নৱেম্বৰৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। এই উপলক্ষে আজি সাংবাদিকসকলক বিভিন্নজনে শুভকামনা জ্ঞাপন কৰে।

আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন ঘটনা সংঘটিত হয়। আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতিবছৰে ১৬ নৱেম্বৰৰ দিনটোত এই দিৱস পালন কৰা হয়। বছৰ বছৰ ধৰি এই দিৱস পালন কৰি অহা হৈছে।

আজি গুৱাহাটীৰ ভৰলুত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। য’ত স্বামী-স্ত্ৰী নিহত হয়। ইফালে কথমপি প্ৰাণ ৰক্ষা পৰে এটি কনমানিৰ। জানিব পৰা মতে, আজি শিশুটিৰ জন্মদিন আছিল। সেই উপলক্ষে খাদ্য বনাই থাকোতে গেছ লিক হৈ অগ্নিকাণ্ড সংঘটিত হয়।

ইফালে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ চাকৰি সন্দৰ্ভত নতুন ঘোষণা কৰে। তেওঁ কয় যে, অসম আৰক্ষীত পুনৰ ৪ হাজাৰ চাকৰি ওলাব। চৰকাৰে এইবাৰ ২ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতিৰ দিশে আগবাঢ়িছে।

সবিশেষৰ বাবে চাওক ভিডিঅ’