শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাংলাদেশত হিন্দুৰ অংগীকাৰ, সংসদত সংৰক্ষণ নাপালে বৰ্জন কৰিব ভোট

বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ে স্পষ্টকৈ ঘোষণা কৰিছে যে সংসদত সংৰক্ষিত আসন আৰু সুকীয়া নিৰ্বাচনী ব্যৱস্থা নোপোৱালৈকে কোনো ৰাষ্ট্ৰীয় নিৰ্বাচনত অংশগ্ৰহণ নকৰে।

বাংলাদেশত হিন্দুৰ অংগীকাৰ, সংসদত সংৰক্ষণ নাপালে বৰ্জন কৰিব ভোট
প্ৰতীকী ছবিImage Credit source: Maruf Rahman/NurPhoto via Getty Images
raj-saikia
Raj Saikia | Published: 05 Jul 2025 14:17 PM

বাংলাদেশত অহা বছৰ অনুষ্ঠিত হ’ব সাধাৰণ নিৰ্বাচন। কিছুদিন পূৰ্বে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা মঃ ইউনুছে এই সন্দৰ্ভত মত প্ৰকাশ কৰিছিল। বিগত বৰ্ষত হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশত গঠন হৈছিল অন্তৱৰ্তীকালীন চৰকাৰ, যাৰ নেতৃত্বত আছিল নোবেল বিজয়ী ইউনুছ। কিন্তু দিন বাগৰাৰ লগে লগে পদ্মাৰ পাৰত ইউনুছৰ বিৰুদ্ধেও ধ্বনি গুঞ্জৰিত হ’বলৈ আৰম্ভ কৰে। তাৰ মাজতে বিভিন্ন নেতাই নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ দাবী জনায়।

হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশত থকা সংখ্যালঘু হিন্দুৰ ওপৰত নিৰ্মম অত্যাচাৰ চলাৰ অভিযোগ উঠিছিল। লুট-পাত, হত্যা, ধৰ্ষণ আদি ঘটনাৰ তথ্যও পোহৰলৈ আহিছিল। মূলতঃ এক ভয়ৰ মাজত জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে বাংলাদেশৰ হিন্দুসকলে। এইবাৰ এইসকল হিন্দুৱে নিৰ্বাচন সন্দৰ্ভত চৰ্ত আৰোপ কৰিছে দেশৰ শাসকসকলক।

বাংলাদেশৰ সংখ্যালঘু হিন্দু সম্প্ৰদায়ে স্পষ্টকৈ ঘোষণা কৰিছে যে সংসদত সংৰক্ষিত আসন আৰু সুকীয়া নিৰ্বাচনী ব্যৱস্থা নোপোৱালৈকে কোনো ৰাষ্ট্ৰীয় নিৰ্বাচনত অংশগ্ৰহণ নকৰে। শুকুৰবাৰে ঢাকাৰ নেশ্যনেল প্ৰেছ ক্লাবৰ বাহিৰত আয়োজন কৰা মানৱ শৃংখল আৰু প্ৰতিবাদী সমাৱেশৰ সময়ত এই সতৰ্কবাণী দিয়া হৈছে।

বাংলাদেশ ৰাষ্ট্ৰীয় হিন্দু মহাসভাৰ নেতাসকলে কয় যে প্ৰতিটো ৰাষ্ট্ৰীয় নিৰ্বাচন হিন্দু সম্প্ৰদায়ৰ বাবে শাস্তিতকৈ কম নহয়। সংৰক্ষিত আসন আৰু সুকীয়া নিৰ্বাচনী ব্যৱস্থাৰ অভাৱত সংসদত হিন্দুৰ কোনো উপস্থিতি নাই। ইয়াৰ বাবে বছৰ বছৰ ধৰি তেওঁলোকে অত্যাচাৰৰ সন্মুখীন হৈ আহিছে। তেওঁলোকৰ দাবীৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিলে হিন্দু সমাজে ভোটকেন্দ্ৰ বৰ্জন কৰি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰাখিব বুলি মন্তব্য কৰিছে নেতাসকলে।

আক্ৰমণ, গ্ৰেপ্তাৰ আৰু সম্পত্তি দখলৰ অভিযোগ

এই প্ৰতিবাদী কাৰ্যসূচীত হিন্দু মহাসভাৰ সভাপতি দীনবন্ধু ৰায়, কাৰ্যকৰী সভাপতি প্ৰদীপ কুমাৰ পাল, সাধাৰণ সম্পাদক গোবিন্দ চন্দ্ৰ প্ৰমানিককে ধৰি সংগঠনটোৰ অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে। প্ৰতিবাদী সভাত বক্তাসকলে ধৰ্মক অপমান কৰাৰ অভিযোগত পৰেশ চন্দ্ৰ শীল আৰু বিষ্ণুপদ শীলক লালমণিৰহাটত গ্ৰেপ্তাৰ কৰা ঘটনাক গৰিহণা দিয়ে। তেওঁলোকে ইয়াক মিছা গোচৰ আৰু হিন্দুৰ ওপৰত বৃদ্ধি পোৱা অত্যাচাৰৰ উদাহৰণ বুলি আখ্যা দিয়ে। সভাত মন্দিৰ আৰু মূৰ্তি ভাঙি পেলোৱা, হিন্দু ঘৰত আক্ৰমণ, মহিলাৰ ওপৰত হিংসা, ভূমি দখল আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণ আদি ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।

“আমাৰ মাটি, আমাৰ মন্দিৰ- সকলো কাঢ়ি লোৱা হৈছে”

বক্তাসকলে অভিযোগ কৰে যে এই পৰ্যন্ত ‘শত্ৰু সম্পত্তি আইন’ৰ অধীনত হিন্দু সম্প্ৰদায়ৰ প্ৰায় ২৬ লাখ একৰ সম্পত্তি জব্দ কৰা হৈছে। ঢাকাৰ বহু মন্দিৰ আৰু দেৱতাৰ সৈতে জড়িত সম্পত্তিও অবৈধভাৱে দখল কৰা হৈছে। হিন্দু মহাসভাৰ নেতাসকলে কয় যে বাংলাদেশৰ স্বাধীনতাৰ পাছত ৰাইজে আশা কৰিছিল যে সকলো ধৰ্মই সম অধিকাৰ পাব, কিন্তু সত্যটো হ’ল প্ৰশাসনিক গাঁথনিৰ পৰা আৰম্ভ কৰি সাংবিধানিক সংস্কাৰলৈকে ক’তো হিন্দু সম্প্ৰদায়ৰ অংশগ্ৰহণ নাই। আনকি তেওঁলোকৰ মতামতকো সাংবিধানিক সংশোধনীত গুৰুত্ব দিয়া নহয়।