ঈদত গৰুৰ পৰিৱৰ্তে ছাগলী কোৰবানী দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ
ইছলামিক প্ৰথাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুক্তি আগবঢ়ায় যে ইছলামত গৰু বলি দিয়াটো বাধ্যতামূলক নহয়। তেওঁ লগতে কয়, কোৰবানী আন জীৱ-জন্তুৰো হ’ব পাৰে। বিজেপিয়ে মানুহক আহ্বান জনোৱাৰ সাহস কৰে যে- পৰৱৰ্তী ঈদত অনুগ্ৰহ কৰি গৰু নহয়, ছাগলী এটা আগবঢ়াওক।
গৰু কোৰবানী তথা গো-মাংসক লৈ শেহতীয়াকৈ গৰম হৈ আছে ৰাজ্যৰ ৰাজনীতি। বিভিন্ন সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো গো-মাংস আৰু কোৰবানীক লৈ মন্তব্য কৰি আহিছে। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাংসদ-বিধায়কেও। ঈদৰ সময়ত ধুবুৰী আৰু শ্ৰীভূমিত হিন্দুসকলৰ ধৰ্মীয় স্থানত পেলোৱা হৈছিল গো-মাংস। ইয়াকে লৈ সৃষ্টি হৈছিল উত্তেজনাৰ। সমাজত অশান্তি বিয়পোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল বহু কেইজন লোকক।
শেহতীয়াভাৱে ৰাজ্যত গো-মাংস বিক্ৰী হৈ থকাৰ ঘটনাও পোহৰলৈ আহিছে। দুদিনত প্ৰায় ২০০ লোকক গো-মাংস বিক্ৰীৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সমগ্ৰ ৰাজ্যত। কোৰবানী বা মাংস বিক্ৰীৰ বাবে গো-হত্যা ৰোধ কৰিবলৈ ৰাজ্যত প্ৰণয়ন কৰা হৈছিল অসম গো-সুৰক্ষা আইন ২০২১। হিন্দু বসতিপূৰ্ণ অঞ্চলত বিশেষকৈ হিন্দু ধৰ্মীয় অনুষ্ঠান থকা ঠাইৰ ৫ কিলোমিটাৰ ব্যাসাৰ্ধত গো-মাংস বিক্ৰী আৰু ভক্ষণ নিষিদ্ধ কৰা হৈছিল। কিন্তু তাৰ পাছতো লুকাই-চুৰকৈ যে গো-মাংসৰ প্ৰচলন অব্যাহত আছে সেই কথা ইতিমধ্যেই পোহৰলৈ আহিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো-মাংস সন্দৰ্ভত বৃহস্পতিবাৰে কেবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। ওদালগুৰিত এক জনসভাত অংশ লোৱাৰ সময়ত তেওঁ সাংবাদিকৰ আগত কয়, “মই কংগ্ৰেছক প্ৰত্যাহ্বান জনাব পাৰো। কোৰবানীৰ ওপৰত তেওঁলোকৰ মাত মতাৰ সাহস নাই। বিজেপিয়ে গৰুৰ কোৰবানীক মান্যতা নিদিয়ে। সেয়ে আমি ক’ব পাৰো যে, অহাবাৰ গৰু নহয় , ছাগলীৰ কোৰবানী দিয়ক। আমাৰ সাহস আছে, কংগ্ৰেছৰ নাই । এনেকৈ কবলৈ কংগ্ৰেছক ৭ জনম লাগিব”।
ইছলামিক প্ৰথাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে যুক্তি আগবঢ়ায় যে ইছলামত গৰু বলি দিয়াটো বাধ্যতামূলক নহয়। তেওঁ লগতে কয়, কোৰবানী আন জীৱ-জন্তুৰো হ’ব পাৰে। বিজেপিয়ে মানুহক আহ্বান জনোৱাৰ সাহস কৰে যে- পৰৱৰ্তী ঈদত অনুগ্ৰহ কৰি গৰু নহয়, ছাগলী এটা আগবঢ়াওক। ইয়াৰোপৰি মন্দিৰ, নামঘৰ, ৰাজহুৱা স্থানৰ ওচৰত গো-মাংস বিক্ৰী হোৱা বিষয়টোত কংগ্ৰেছে মৌনতা অৱলম্বন কৰাৰো অভিযোগ উত্থাপন কৰে মুখ্যমন্ত্ৰী শৰ্মাই।