শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Video: আমেৰিকাৰ সৈতে ভাৰতৰ আলোচনা, হ’ব পাৰে শুল্ক হ্ৰাস!

Video: আমেৰিকাৰ সৈতে ভাৰতৰ আলোচনা, হ’ব পাৰে শুল্ক হ্ৰাস!

Barasha Misra
Barasha Misra | Published: 04 Jul 2025 19:29 PM

ভাৰতৰ ওপৰত প্ৰস্তাৱিত আমেৰিকাৰ শুল্ক ৯০ দিনৰ স্থগিতাদেশ অহা ৯ জুলাইত শেষ হ’ব। তাৰ পূৰ্বে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ভাৰতৰ সৈতে চুক্তিবদ্ধ হ’বলৈ বিচাৰিছে। অৱশ্যে বহুকেইটা বিষয়ক লৈ দুয়োখন দেশৰ মাজত আছে মতানৈক্য।

এপ্ৰিল মাহত ড’নাল্ড ট্ৰাম্পে কেইবাখনো দেশৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল। ভাৰতো আছিল তাৰ ভিতৰত। আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ ওপৰত প্ৰায় ২৬ শতাংশ শুল্ক আৰোপ কৰিছিল। কিন্তু পিছত এই শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰখা হয়। এতিয়া এটা সংবাদ সংস্থাৰ মতে অহা ৪৮ ঘন্টাত ভাৰত আৰু আমেৰিকাৰ মাজত অন্তৱৰ্তীকালীন বাণিজ্যিক চুক্তি চূড়ান্ত হ’ব পাৰে।

ভাৰতৰ ওপৰত প্ৰস্তাৱিত আমেৰিকাৰ শুল্ক ৯০ দিনৰ স্থগিতাদেশ অহা ৯ জুলাইত শেষ হ’ব। তাৰ পূৰ্বে ড’নাল্ড ট্ৰাম্প প্ৰশাসনে ভাৰতৰ সৈতে চুক্তিবদ্ধ হ’বলৈ বিচাৰিছে। অৱশ্যে বহুকেইটা বিষয়ক লৈ দুয়োখন দেশৰ মাজত আছে মতানৈক্য।

আমেৰিকাই বিচাৰে ভাৰতত জেনেটিক্যালি পৰিৱৰ্তিত খাদ্য শস্যৰ বাবে বজাৰ মুকলি কৰিবলৈ। কিন্তু এনে হ’লে আমাৰ কৃষকৰ ক্ষতি হ’ব। সেইবাবেই ভাৰতে এই বিষয়ত আগবাঢ়িব নিবিচাৰে। ইয়াৰ উপৰিও আমেৰিকাই ভাৰতীয় কৃষি আৰু দুগ্ধ বজাৰত প্ৰৱেশ কৰিব বিচাৰিছে। এনে হ’লে গ্ৰাম্য জীৱিকা আৰু খাদ্য সুৰক্ষাৰ চিন্তা বাঢ়িব। কেন্দ্ৰই এনে হোৱাটো নিবিচাৰে।