5 JULY 2025
TV9 ASSAM
Credits: Getty Images
অফিচেই হওক বা ঘৰেই হওক, দুপৰীয়াৰ আহাৰ খোৱাৰ লগে লগে বহুতৰে টোপনি লাগে। অৱশ্যে বহুতে টোপনি যাব নোৱাৰে। বহুতে ভাবে যে দুপৰীয়া শুলে ওজন বৃদ্ধি হয়। কিন্তু এয়া সঁচা নে?
দুপৰীয়া শোৱাটো একেবাৰে বেয়া অভ্যাস নহয়। বিপৰীতে এই অভ্যাস অতি স্বাস্থ্যকৰ। যদি কম সময়ৰ বাবে হয় তেন্তে শৰীৰৰ বাবে ভাল।
একাংশ বিশেষজ্ঞৰ মতে ইয়াৰ ফলত গোটেই দিনটোৰ ভাগৰ নিমিষতে নাইকিয়া হৈ যায়।
দুপৰীয়া ভাত খোৱাৰ পিছত টোপনি যোৱাটোৱে স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে।
তাৰোপৰি গোটেই দিনটোৰ কামৰ গুৰুতৰ চাপত থকাৰ পিছত যদি দুপৰীয়া অলপ সময় টোপনি যাব পাৰে, তেন্তে মানসিক চাপ কমি যায়।
দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত শুলে শৰীৰে শক্তিলাভ কৰে। যদি আপোনাৰ ভালদৰে টোপনি নাহে তেন্তে শৰীৰত ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ নিঃসৰণ বৃদ্ধি পায়। দুপৰীয়া ভাত খোৱাৰ পিছত ভাল টোপনি আহে।
উচ্চ ৰক্তচাপ থাকিলে খাদ্য খোৱাৰ পিছত আধা ঘণ্টা টোপনি যাব পাৰে। ইয়াৰ ফলত ৰক্তচাপ নিয়ন্ত্ৰণত থাকে। শুলে মানসিক চাপ কমি যায়, যাৰ বাবে ৰক্তচাপও নিয়ন্ত্ৰণত থাকে।
চাবলৈ ক্লিক কৰক