5 JULY 2025
TV9 ASSAM
Credits: Getty Images
হৃদযন্ত্ৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশ আৰু ইয়াৰ যত্ন আমাৰ খাদ্যাভ্যাসৰ পৰাই আৰম্ভ হয়। আমি খোৱা বস্তুবোৰে আমাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ প্ৰত্যক্ষ প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত সুষম, পুষ্টিকৰ আৰু প্ৰাকৃতিক খাদ্যই হৃদযন্ত্ৰক শক্তিশালী কৰি তোলে।
ডায়েটিচিয়ান ডাঃ ৰক্ষিতা মেহৰাই কয় যে পালেং, মেথি, সৰিয়হ, বন্ধাকবি আদি শাক-পাচলিত প্ৰচুৰ পৰিমাণে আঁহ, আইৰণ, পটাছিয়াম আৰু ভিটামিন কে থাকে।
অলিভ অইলত প্ৰচুৰ পৰিমাণে মনো-অনচেচুৰেটেড ফেট থাকে, যিয়ে ভাল কলেষ্টেৰল বৃদ্ধি কৰে আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰে। ই ৰক্তবাহী নলীবোৰক নমনীয় কৰি ৰাখে আৰু প্ৰদাহৰ বিৰুদ্ধে যুঁজ দিয়ে। ৰন্ধা-বঢ়াৰ বাবে ৰিফাইন অইলতকৈ অলিভ অইল উত্তম বিকল্প।
ছালমন, টুনা বা চাৰ্ডিনৰ দৰে মাছত ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে হৃদস্পন্দনৰ ভাৰসাম্য ৰক্ষা কৰে, প্ৰদাহ কমায় আৰু বেয়া কলেষ্টেৰল হ্ৰাস কৰে।
আলমণ্ড, আখৰোট আৰু খিচমিচৰ দৰে শুকান ফলত এন্টিঅক্সিডেন্ট আৰু স্বাস্থ্যকৰ চৰ্বি থাকে। দৈনিক ৪-৫ টা বাদাম খালে হৃদযন্ত্ৰৰ বাবে উপকাৰী।
নহৰুত এলিচিন নামৰ মৌল থাকে, যিয়ে সিৰাত জমা হোৱা চৰ্বি ক্ৰমান্বয়ে হ্ৰাস কৰাত সহায় কৰে। কেঁচাই খালে অধিক উপকাৰ পোৱা যায়।
হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে দৈনিক ৩০ মিনিট খোজ কাঢ়িব লাগে আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। লগতে ধূমপান আৰু মদৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকক। সময়ে সময়ে বি পি, চুগাৰ আৰু লিপিড প্ৰফাইল পৰীক্ষা কৰাওক।
চাবলৈ ক্লিক কৰক