খাদ্যৰসিকলৈ Swiggyৰ মন জুৰোৱা অফাৰ, মাত্ৰ ৯৯ টকাতে পাব অনন্য সোৱাদ
মাত্ৰ ১০০ টকাতকৈও কম মূল্যত Swiggy- এ আপোনাৰ দুৱাৰমুখত পছন্দৰ খাদ্য ডেলিভাৰী কৰিব। এই অনলাইন ফুড ডেলিভাৰী এপটোৱে এক নতুন শাখা ঘোষণা কৰিছে।
অনলাইন ফুড ডেলিভাৰী এপ Swiggy- এ খাদ্যৰসিকসকললৈ আনিছে এক অনন্য অফাৰ। Swiggy- ৰ এই অফাৰৰ জৰিয়তে কম খৰচতে এতিয়া খাদ্যৰসিকসকলে লাভ কৰিব নানা সুস্বাদু খাদ্যৰ সোৱাদ। সাধাৰণতে খাদ্যৰ অনলাইন অৰ্ডাৰ দিলে ৩০০-৪০০ টকা পৰ্যন্ত খৰচ হ’ব পাৰে। এতিয়া Swiggy- এ অধিক ধন খৰচৰ এই শংকা দূৰ কৰিছে। মাত্ৰ ১০০ টকাতকৈও কম মূল্যত Swiggy- এ আপোনাৰ দুৱাৰমুখত পছন্দৰ খাদ্য ডেলিভাৰী কৰিব। এই অনলাইন ফুড ডেলিভাৰী এপটোৱে এক নতুন শাখা ঘোষণা কৰিছে।
খাদ্যৰ এই নতুন শাখাটোৰ জৰিয়তে মাত্ৰ ৯৯ টকাত এজন ব্যক্তিয়ে নিজৰ পছন্দৰ সুস্বাদু খাদ্য লাভ কৰিব। দাম কম হ’লেও পিছে এই শাখাটোত খাদ্যৰ একাধিক বিকল্প থাকিব। ৰোল, বিৰিয়ানি, পিজ্জাৰ পৰা আৰম্ভ কৰি নুডলছ, মম’, বাৰ্গাৰ, কেক, ডোছালৈকে সকলো খাদ্য উপলব্ধ হ’ব এই শাখাটোত।
Latest Videos

বিজেপিৰ চিন্তন বৈঠকৰ পৰা গাজাত ইজৰাইলৰ আক্ৰমণলৈ দিনটোৰ শীৰ্ষ খবৰ

সলনি হৈছে ৰে'লৱেৰ নিয়ম, জানক কিদৰে কৰিব তৎকাল টিকট বুকিং

স্বামীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপনত অস্বীকাৰ! ন্যায়ালয়ে ক'লে

বিয়াৰ পাছত আপোনাৰো বৃদ্ধি পাইছে নেকি ওজন? জানক সবিশেষ...
