ভাৰতীয় সম্পত্তিৰ কোনোধৰণৰ ক্ষতি নহয়: ঢাকাৰ পৰা নতুন দিল্লীলৈ ফোন…

এই পৰিৱেশত বাংলাদেশৰ সেনাধ্যক্ষ ৱাকাৰ-উজ-জামানে আশ্বাস দিছে যে ‘কোনো ভাৰতীয় সম্পত্তিৰ ক্ষতি নহয়’। লগতে তেওঁ লগতে কয় যে, ভাৰতীয়ৰ সম্পত্তি যিকোনো প্ৰকাৰে সুৰক্ষিত কৰা হ’ব। অৱশ্যে এই বাৰ্তাৰ পিছতো শান্তি বজাই ৰখা সম্ভৱ হৈছেনে?

ভাৰতীয় সম্পত্তিৰ কোনোধৰণৰ ক্ষতি নহয়: ঢাকাৰ পৰা নতুন দিল্লীলৈ ফোন...

ভাৰত-বাংলাদেশৰ সেনা প্ৰধান

Published: 

21 Dec 2025 12:47 PM

কেতিয়াবা যদি সাত ভনীক পৃথক কৰাৰ ভাবুকি, কেতিয়াবা আকৌ ভাৰতক ধ্বংস কৰি ‘বৃহত্তৰ বাংলাদেশ’ সৃষ্টিৰ সপোন দেখিছে তেওঁলোকে। নিৰ্বাচনী হুলস্থূলৰ মাজতে পদ্মৰ পাৰত এয়া ‘বেনজিৰ’ৰ প্ৰতিচ্ছবি । ইফালে বিদ্ৰোহৰ অন্যতম নেতা শ্বৰীফ ওছমান হাদিৰ মৃত্যুৰ পিছত  নিশাটোৰ ভিতৰতে যিদৰে পৰিস্থিতি সলনি হৈছে, তাক লৈও যথেষ্ট চিন্তিত নতুন দিল্লী।

শনিবাৰে এই পৰিৱেশৰ মাজতে বাংলাদেশৰ সেনা প্ৰধান ৱাকাৰ-উজ-জামানে ভাৰতৰ সেনাধ্যক্ষ বা সহজ ভাষাত সেনা প্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক ফোন কৰে। ঢাকাৰ পৰা নতুন দিল্লীলৈ, এটা আন্তঃৰাষ্ট্ৰীয় ফোন কল। কিন্তু তেওঁলোকে কি কথা পাতিলে?

সৰ্বভাৰতীয় সংবাদ সংস্থা নিউজ 18ৰ এক প্ৰতিবেদন অনুসৰি বাংলাদেশৰ সেনা প্ৰধানগৰাকীয়ে জেনেৰেল দ্বিবেদীক জনাইছে যে, বাংলাদেশত সকলো ভাৰতীয় সম্পত্তি সুৰক্ষিত হৈ আছে। বিগত তিনিদিন ধৰি  ভয়ংকৰ হৈ পৰিছে ঢাকাকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰিস্থিতি। উগ্ৰপন্থীৰ এটা দলে ধ্বংস কৰিছে দেশৰ ঐতিহ্য।  ধ্বংসাৱশেষত পৰিণত হৈছে ছায়ানৌট। দেশৰ দুটা আগশাৰীৰ সংবাদ মাধ্যমৰ কাৰ্যালয়তো অগ্নিসংযোগ কৰা হৈছে।

এই পৰিৱেশত বাংলাদেশৰ সেনাধ্যক্ষ ৱাকাৰ-উজ-জামানে আশ্বাস দিছে যে ‘কোনো ভাৰতীয় সম্পত্তিৰ ক্ষতি নহয়’। লগতে তেওঁ লগতে কয় যে, ভাৰতীয়ৰ সম্পত্তি যিকোনো প্ৰকাৰে সুৰক্ষিত কৰা হ’ব। অৱশ্যে এই বাৰ্তাৰ পিছতো শান্তি বজাই ৰখা সম্ভৱ হৈছেনে? স্থানীয় সূত্ৰ অনুসৰি বাংলাদেশৰ মৈমনছিঙত দিপু চন্দ্ৰ দাসৰ হত্যাকাণ্ডৰ পিছত অধিক  ‘প্ৰভাৱিত’ হৈছে সংখ্যালঘু হিন্দুসকল।

তাৰ পিছতে বাংলাদেশত পোহৰলৈ আহিছে হিন্দুৰ ওপৰত অত্যাচাৰৰ আন এক ঘটনা। ভুক্তভোগী লোকজনৰ নাম গোবিন্দ বিশ্বাস। পেছাত তেওঁ এজন ৰিক্সা চালক। শনিবাৰে জামাত-ই-ইছলামীৰ একাংশ নেতা-কৰ্মীয়ে তেওঁৰ হাতত ৰঙা সূতা দেখা পাই তীব্ৰ প্ৰহাৰ কৰে। তেওঁক মাৰপিট কৰে একাংশ লোকে। আৰক্ষীয়ে ততাতৈয়াকৈ তেওঁক উদ্ধাৰ কৰে । সম্প্ৰতি ৰিক্সাচালকজন চিকিৎসালয়ত ভৰ্তি হৈ আছে। তেওঁৰ চকু আৰু বুকুত গুৰুতৰভাৱে আঘাত পাইছে। তাৰ পিছৰে পৰা দুয়োপক্ষৰ মাজত চলি আছে সংঘৰ্ষ।

মগজুৰ বাবে অতি উপকাৰী এইসমূহ শাক-পাচলি, বৃদ্ধি পাব স্মৃতিশক্তি-একাগ্ৰতা
ঘৰৰ ভিতৰত মানি প্লাণ্ট ৰাখিলে সচাঁকৈ টকা আহে নেকি? কি হয় জানক...
এচিডিটিৰ সমস্যা হোৱাৰ ৪ টা প্ৰধান কাৰণ, কেনেকৈ উপশম পাব ?
বৃক্কৰ পাথৰ হোৱাৰ আঁৰত লুকাই থকা শীৰ্ষ ৫টা কাৰণ
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...