ভাৰত শান্তিপ্ৰিয় দেশ…বিশ্বৰ সকলো দেশকে অপাৰেশ্যন সেন্দূৰত যোগদান কৰিবলৈ আহ্বান বেলুচ আৰ্মিৰ
সমগ্ৰ দেশক ভাৰতৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে বেলুচ বিদ্ৰোহীয়ে। ভাৰতে লোৱা সিদ্ধান্তক সমৰ্থন কৰা উচিত বুলিও উল্লেখ কৰা হৈছে পত্ৰখনত ।

বেলুচ আৰ্মি
ক্ৰমাৎ উত্তেজনাপূৰ্ণ হৈ আহিছে ভাৰত-পাকৰ পৰিস্থিতি। ইফালে এই অশান্তিৰ পৰিৱেশৰ মাজতে কণ্ঠস্বৰত পৰিণত হৈছে বেলুচ বিদ্ৰোহী। বৃহস্পতিবাৰে নিশা পাকিস্তানে ধাৰাবাহিকভাৱে ড্ৰ’ন আক্ৰমণ চলোৱাৰ সময়তে এই বেলুচ বিদ্ৰোহীসকলে নিজৰ স্বাধীনতাৰ দাবী কৰিবলৈ আৰম্ভ কৰে। তাৰ পাছকতে বিশ্ববাসীলৈ এখন মুকলি চিঠি লিখিছে তেওঁলোকে।
সেই চিঠিখনত মুখা খুলি দিয়া হৈছে পাকিস্তানৰ। ভাৰতক শান্তিপ্ৰিয় দেশ বুলি অভিহিত কৰি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে বেলুচিস্তানে। বেলুচ বিদ্ৰোহীয়ে বিশ্ব সমগ্ৰ দেশক ভাৰতৰ কাষত থিয় দিবলৈ আহ্বান জনাইছে। ভাৰতে লোৱা সিদ্ধান্তক সমৰ্থন কৰা উচিত বুলিও উল্লেখ কৰা হৈছে পত্ৰখনত । তেওঁলোকে আন দেশকসমূহক ভাৰতৰ অপাৰেশ্যন সেন্দূৰত যোগদান কৰিবলৈ আহ্বান জনাইছে। বেলুচসকলে দাবী কৰে যে তেওঁলোক কেৱল ভাৰতৰে নহয়, পাকিস্তানৰো অত্যাচাৰৰ বলি হৈছে।
Message to the international community,
Dear citizens of the world,
Pakistan is an artificial entity, it has no ethnic, cultural, national and civilizational roots in the history. It was invented by the Britishers as buffer state to divide United India which resulted 77 years… pic.twitter.com/2ne31y9KNF— Mir Yar Baloch (@miryar_baloch) May 9, 2025
শেহতীয়াকৈ তেওঁলোকে ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি ৰাষ্ট্ৰসংঘক দাবী জনাইছে যে বেলুচিস্তান গণতান্ত্ৰিক গণৰাজ্যই স্বাধীনতা ঘোষণা কৰাক। বেলুচিস্তানত শান্তিৰক্ষী বাহিনীৰ উপস্থিতিৰো দাবী জনাইছে। লগতে তেওঁলোকে বিচাৰে যে পাকিস্তানী সেনা শীঘ্ৰে আঁতৰি যাওক।
উল্লেখ্য যে বেলুচিস্তানত আকৌ এবাৰ পাকিস্তানী সেনা আৰু নিৰাপত্তা বাহিনীক লক্ষ্য কৰি বৃহৎ আক্রমণ চলাইছে বেলুচ বিদ্ৰোহীয়ে৷ বেলুচিস্তানৰ স্বাধীনতাৰ দাবীত বেলুচ বিদ্ৰোহী সংগঠনে এই আক্ৰমণ সংঘটিত কৰিছে। বহু অঞ্চলত পাকিস্তানৰ নিৰাপত্তা বাহিনীক পিছুৱাই অহা থকা দেখা গৈছিল আৰু কোনো কোনো ঠাইত চৰকাৰী প্ৰতিষ্ঠানত জুই লগাই দিয়া হৈছিল।