পাকিস্তান এখন ব্যৰ্থ দেশ, তেওঁলোকে নাজানে ইছলামৰ অৰ্থঃওৱেছী
পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে পাকিস্তানে ভাৰতক বিভিন্ন ভাবুকি প্ৰদান কৰি আহিছে। পাকিস্তানৰ নেতা-মন্ত্ৰীসকলৰ উচতনিমূলক মন্তব্যৰ উচিত প্ৰত্যুত্তৰ দি সাংসদ ওৱেছীয়ে কয় যে পাকিস্তানে নাজানে ইছলামৰ অৰ্থ।

আছাদুদ্দিন ওৱেছী
পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। বিশেষকৈ সিন্ধু জল চুক্তি বাতিল কৰাৰ পাছত দেশখন জটিল সংকটৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত পাকিস্তানৰ বহু নেতা-মন্ত্ৰীয়ে ভাৰতক আক্ৰমণ কৰাৰ ভাবুকি প্ৰদান কৰি আহিছে। এই নেতা-মন্ত্ৰীসকলৰ ভাবুকিৰ উচিত প্ৰত্যুত্তৰ দিলে হায়দৰাবাদৰ সাংসদ তথা AIIMM ৰ মুৰব্বী আছাদুদ্দিন ওৱেছীয়ে। তেওঁ কয় যে, পাকিস্তান এখন ব্যৰ্থ দেশ, পাকিস্তানে নাজানে ইছলামৰ অৰ্থ।
পাকিস্তান সেনা প্ৰধান জেনেৰেল অসীম মুনিৰৰ আক্ৰোশমূলক মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, ‘১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত ভাৰতীয় মুছলমানসকলে দেশ এৰি নযোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আমি মহম্মদ আলী জিন্নাৰ আহ্বানক নাকচ কৰিছিলো। ভাৰত আমাৰ মাতৃভূমি আছিল, আছে আৰু সদায় হৈ থাকিব। । মই ক’ব বিচাৰো যে যিসকলে পাকিস্তানত অৰ্থহীন কথা কৈছে, তেওঁলোকে ইছলামক নাজানে। তেওঁলোক ইছলামৰ শিক্ষাৰ পৰা বঞ্চিত হৈছে।”
ওৱেছীয়ে কয় যে, ১৯৪৭ চনত ভাৰতৰ পৰা পাকিস্তানলৈ যোৱা মুছলমানসকল সেই দেশতে বৈষম্যৰ বলি হৈছিল। পাকিস্তান ইমানেই দুখীয়া দেশ যে তাত থকা মানুহবোৰে প্ৰতিদিনে বিপদত পৰিছে, প্ৰতিদিনে কষ্টৰে জীৱন নিৰ্বাহ কৰিবলগীয়াত পৰিছে।পাকিস্তানৰ সৈতে আফগানিস্তানৰ সমস্যা আছে। ইৰাণ পাকিস্তানৰ মাজত সীমা বিবাদ আছে।পাকিস্তান এখন ব্যৰ্থ দেশ।”
উল্লেখ্য যে, ২২ এপ্ৰিলত জম্মু–কাশ্মীৰৰ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ পাছতে দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এই ঘটনাত ২৬ জন লোকৰ মৃত্যু হোৱাৰ উপৰি আহত হৈছিল প্ৰায় ১৪ জন। এই নৃশংস কাণ্ডৰ পাছতে ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কূটনৈতিক দিশত কেইবাটাও ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে।
ভাৰতৰ এনে সিদ্ধান্তৰ ফলত চুবুৰীয়া ৰাষ্ট্ৰখন যথেষ্ঠ সংকটৰ সন্মুখীন হৈছে। এনে পৰিস্থিতিত দেশখনৰ নেতা-মন্ত্ৰীসকলে ভাৰতক বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰি আহিছে। আনকি ভাৰতক পাৰমাণৱিক শক্তিৰো ভাবুকি দিছে পাকিস্তানৰ মন্ত্ৰীয়ে। সিন্ধু জল চুক্তি বাতিল সন্দৰ্ভত পাকিস্তানে কৈছে যে এই কাৰ্য যুদ্ধসদৃশ। ভাৰতে একপক্ষীয়ভাৱে বন্ধ কৰিব নোৱাৰে এই চুক্তি।
ইফালে পাকিস্তানে যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি পহলগাম আক্ৰমণৰ পাছত প্ৰতিদিনে LOC ক গুলীচালনা কৰি আছে। পাকিস্তানৰ এনে কাৰ্যৰ প্ৰত্যুত্তৰ ভাৰতীয় সেনাই দিছে। অৱশ্যে এই ঘটনাত এতিয়ালৈকে কোনো হতাহতি হোৱা নাই। এই সকলোবোৰৰ মাজতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ ক্ষেত্ৰত কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছিল যে এই কাৰ্যত জড়িত থকাসকলক এনে শাস্তি প্ৰদান কৰা হ’ব যি তেওঁলোকে কেতিয়াও কল্পনাও কৰা নাই। অৱশ্যে ভাৰতে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ’ব লক্ষণীয়।
অন্য খবৰ পঢ়কঃ প্ৰতিটোপাল পানীৰ বাবে হাহাকাৰ কৰিব পাকিস্তানে!ভাৰতে বগলীহাৰ বান্ধৰ পৰা বন্ধ কৰিলে চেনাব নদীৰ পানী