আমেৰিকাক প্ৰত্যাহ্বান জনাবলৈ চীনৰ নতুন অস্ত্ৰ কে ভিছা, কোনে পাব ইয়াৰ সুবিধা?

কে ভিছাক আমেৰিকাৰ এইচ-১বি ভিছাৰ চীনা সংস্কৰণ বুলি কোৱা হৈছে। যেনেকৈ প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে এইচ-১বি লৈ আমেৰিকালৈ পঢ়িবলৈ বা কাম কৰিবলৈ যায়, ঠিক তেনেদৰে চীনৰ কে ভিছাতো একেখিনি সুবিধা উপলব্ধ হ’ব।

আমেৰিকাক প্ৰত্যাহ্বান জনাবলৈ চীনৰ নতুন অস্ত্ৰ কে ভিছা, কোনে পাব ইয়াৰ সুবিধা?

চীনৰ নতুন অস্ত্ৰ কে ভিছা

Published: 

23 Sep 2025 14:37 PM

H-1B ভিছাক লৈ কঠোৰ হৈছে আমেৰিকা। য’ত ভিছাৰ বাবে এক লাখ মাৰ্কিন ডলাৰ বিচাৰিছে দেশখনে। আনফালে চীনে দিছে ইয়াৰ প্ৰত্যুত্তৰ। আমেৰিকাত থকা বৃহৎ সংখ্যক দক্ষ আৰু প্ৰতিভাৱান বিদেশী শ্ৰমিকক নিজৰ দেশলৈ অনাৰ বাবে চীনে নতুন ভিছা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিছে। এই ভিছা কি, কাৰ বাবে, কি সুবিধা লাভ কৰিব, জানি লওক –

এতিয়া আমেৰিকাক প্ৰত্যাহ্বান জনাই কে ভিছা (K visa) প্ৰৱৰ্তন কৰিবলৈ ওলাইছে চীনে। এই ভিছা মূলতঃ বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণনাৰ দৰে ক্ষেত্ৰত কাম কৰা বা গৱেষণা কৰা যুৱক-যুৱতীসকলৰ বাবে, যাতে তেওঁলোকে চীনলৈ আহি অধ্যয়ন আৰু কাম কৰিব পাৰে। চীন প্ৰশাসনে জনোৱা মতে, এই নতুন ভিছা প্ৰৱৰ্তনৰ সিদ্ধান্ত যোৱা আগষ্ট মাহত লোৱা হৈছিল, আৰু ১ অক্টোবৰৰ পৰা এই নতুন ভিছা প্ৰৱৰ্তন কৰা হ’ব।

কোনে আবেদন কৰিব পাৰে?

কে ভিছাক আমেৰিকাৰ এইচ-১বি ভিছাৰ চীনা সংস্কৰণ বুলি কোৱা হৈছে। যেনেকৈ প্ৰতি বছৰে হাজাৰ হাজাৰ লোকে এইচ-১বি লৈ আমেৰিকালৈ পঢ়িবলৈ বা কাম কৰিবলৈ যায়, ঠিক তেনেদৰে চীনৰ কে ভিছাতো একেখিনি সুবিধা উপলব্ধ হ’ব। চীনৰ আইন মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত জড়িত যুৱক-যুৱতীসকলে চীন বা বিদেশৰ কোনো প্ৰখ্যাত বিশ্ববিদ্যালয় বা গৱেষণা প্ৰতিষ্ঠানৰ পৰা স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা যুৱক-যুৱতীসকলে কে ভিছাৰ বাবে আবেদন কৰিব পাৰিব। পাঠদান বা গৱেষণাৰ লগত জড়িতসকলেও আবেদন কৰিব পাৰে।

কে ভিছাৰ সুবিধা-

বৰ্তমান চীনত ১২ প্ৰকাৰৰ ভিছা আছে। কে ভিছা সেইবোৰৰ কিছু পৃথক হ’ব। এই ভিছাৰ জৰিয়তে একাধিক প্ৰৱেশৰ সুবিধা, দীৰ্ঘকালীন আৰু পৰৱৰ্তী সময়ত ভিছাৰ বৈধতা বৃদ্ধি কৰা হ’ব। এইচ-১বি বা আন দেশৰ ৱৰ্ক ভিছাৰ দৰে ব্যক্তিজনে কে ভিছাত কাম কৰা কোম্পানীটোত আবেদন কৰাৰ প্ৰয়োজন নাথাকিব।

কে ভিছা লৈ চীনলৈ অহা লোকসকলে শৈক্ষিক বিনিময়, সাংস্কৃতিক বিনিময়ত অংশগ্ৰহণ কৰিব পাৰিব। কোনো নিষেধাজ্ঞা নোহোৱাকৈ তেওঁলোকে নিজা উদ্যোগত ব্যৱসায় বা যিকোনো কাম আৰম্ভ কৰিব পাৰে। চীনৰ এই সিদ্ধান্তৰ লগে লগে বিশ্বৰ বাবে তেওঁলোকৰ দুৱাৰ অধিক মুকলি হৈ পৰিছে। বিগত কেইবছৰমানৰ পৰা চীনে ভিছা বিনামূলীয়া প্ৰৱেশৰ দৰে সুবিধা প্ৰদান কৰি আহিছে। ৫৫খন দেশে ২৪০ ঘণ্টীয়া ভিছাবিহীন প্ৰৱেশৰ সুবিধা লাভ কৰে।

এই ৫ টা সাধাৰণ অভ্যাস হ'ব পাৰে হাৰ্ট এটেকৰ কাৰণ! জানক সকলো...
নৱৰাত্ৰিত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!
খজুৱতি, বমি, প্ৰস্ৰাৱৰ ৰং সলনি...কি ৰোগৰ লক্ষণ জানেনে? জানক...
বগা স্ৰাৱ বেছি হ'লে সাৱধান! এয়া কোনো ৰোগৰ সংকেত হ'ব পাৰে!