লক্ষ্যত উপনীত নহয় ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক, আইনী মেৰপাকত আমেৰিকাৰ অৰ্থনৈতিক ভৱিষ্যত!

আমেৰিকাত দ্বিতীয়বাৰ ক্ষমতালৈ ঘূৰি অহা ট্ৰাম্পে এনে বহু সিদ্ধান্ত লৈছিল যিয়ে বিশ্ব অৰ্থনীতিত প্ৰভাৱ পেলাইছে। এতিয়া আমেৰিকাই ক্ষতি বহন কৰিব লাগিব। তেওঁৰ শুল্ক সিদ্ধান্ত যেন আইনী মেৰপাকত আবদ্ধ হৈ পৰিছে।

লক্ষ্যত উপনীত নহয় ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক, আইনী মেৰপাকত আমেৰিকাৰ অৰ্থনৈতিক ভৱিষ্যত!

লক্ষ্যত উপনীত নহয় ৰাষ্ট্ৰপতি ট্ৰাম্পৰ শুল্ক নীতি

Updated On: 

14 Sep 2025 07:55 AM

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে স্বেচ্ছাচাৰীভাৱে বিশ্বৰ প্ৰধান দেশসমূহৰ ওপৰত শুল্ক আৰোপ কৰিছিল। ক্ষমতালৈ অহাৰ পিছৰে পৰা তেওঁ নিজৰ সিদ্ধান্তৰে বিশ্ববাসীক স্তম্ভিত কৰাই নহয়, বিশ্ব অৰ্থনীতিকো বিপন্ন কৰি তোলে। কিন্তু ট্ৰাম্পৰ উদ্দেশ্য যেন পূৰণ হোৱা নাই। কাৰণ দেশৰ ক্ৰমবৰ্ধমান ঘাটি হ্ৰাস কৰিবলৈ ট্ৰাম্পে আগ্ৰাসী নীতি গ্ৰহণ কৰিছিল। যিটো আদালতেও ন্যায্যতা প্ৰদান কৰা নাছিল। শুল্ক সিদ্ধান্ত সলনি কৰাৰ আইনী ভাবুকি। যাৰ বাবে দেশৰ আৰ্থিক অৱস্থা আৰু অধিক বেয়া হ’ব। আমেৰিকাৰ বাণিজ্যিক ঘাটি বৃদ্ধি পাই থাকিব।

ট্ৰাম্প আৰু তেওঁৰ শীৰ্ষ সহায়ক বিত্তমন্ত্ৰী স্কট বেছাণ্টে কয় যে ৰিপাব্লিকান দলৰ কৰ কৰ্তন, কম নিয়ন্ত্ৰণ আৰু কোম্পানী আৰু বিদেশী দেশৰ বৃহৎ বিনিয়োগে অৰ্থনীতিত উন্নতি সাধন কৰিব। ইয়াৰ ফলত ফেডাৰেল ৰাজহ বৃদ্ধি পাব আৰু অনাগত বছৰবোৰত চৰকাৰে কম ঋণ ল’ব লাগিব। কিন্তু বহু অৰ্থনীতিবিদে এই কথাত সন্দেহ প্ৰকাশ কৰিছে। তথাপিও বেছিভাগেই বিশ্বাস কৰে যে শুল্ক বৃদ্ধিৰ বাবে কোষাগাৰ বিভাগে নতুন ধন পাইছে।

ট্ৰেজাৰীৰ তথ্য অনুসৰি ২০২৫ বিত্তীয় বৰ্ষত custom duty ১৬৫ বিলিয়ন ডলাৰত উপনীত হৈছে, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৯৫ বিলিয়ন ডলাৰ বৃদ্ধি পাইছে। ব্লুমবাৰ্গ ইকনমিক্সে জনোৱা মতে, আন্তঃৰাষ্ট্ৰীয় জৰুৰীকালীন অৰ্থনৈতিক শক্তি আইন (আইইইপিএ)ৰ অধীনত ট্ৰাম্পে আৰোপ কৰা শুল্কৰ বাবেই এই বৃদ্ধি হৈছে। কিন্তু ২৯ আগষ্টত ফেডাৰেল আপিল আদালতে এই পদক্ষেপৰ বৈধতাক লৈ প্ৰশ্ন উত্থাপন কৰে। উচ্চতম ন্যায়ালয়ে এই গোচৰটো চাব যদিও এই সিদ্ধান্ত যদি ট্ৰাম্পৰ বিৰুদ্ধে যায় তেন্তে চৰকাৰে বহু ধন ঘূৰাই দিব লাগিব বুলি সকীয়াই দিছে বেছাণ্টে। তথাপিও বেছাণ্টৰ বিশ্বাস যে আদালতে হোৱাইট হাউছৰ সপক্ষে ৰায় দিব।

আমেৰিকাৰ বাবে প্ৰত্যাহ্বান

এইবাৰৰ অতিৰিক্ত শুল্ক ৰাজহ এতিয়াও বাজেট ঘাটি ২ ট্ৰিলিয়ন ডলাৰতকৈ কম। কিন্তু অৰ্থনীতিবিদসকলৰ মতে শুল্কৰ দ্বাৰা বছৰি ৩০০ বিলিয়ন ডলাৰ বা তাতকৈ অধিক উপাৰ্জন হ’ব পাৰে, যিটো আমেৰিকাৰ জিডিপিৰ ১%। যিহেতু ঘাটি জিডিপিৰ ৬%তকৈ অধিক, গতিকে এই পৰিমাণে বেছাণ্টৰ ৩% ঘাটিৰ লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাত সহায় কৰিব পাৰে। যদিহে শুল্ক আঁতৰোৱা হয় তেন্তে বণ্ড বিনিয়োগকাৰী আৰু অৰ্থনীতিবিদসকলে কেৱল বৃদ্ধি আৰু উৎপাদনশীলতাৰ আশাবাদী অনুমানৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। ৰাইটছন আইচিএপিৰ অৰ্থনীতিবিদ লু ক্ৰেণ্ডেলে কয় যে এইটো এটা ৱাইল্ড কাৰ্ড যাৰ সৈতে পিছত মোকাবিলা কৰিব লাগিব। যদি আদালতে কোষাগাৰৰ বিৰুদ্ধে ৰায় দিয়ে আৰু ঘাটিৰ পৰা হাত সাৰিবলৈ হ’লে কিবা নতুন নীতি আনিব লাগিব। এতিয়াৰ বাবে বণ্ড বিনিয়োগকাৰীয়ে ফেডাৰেল ৰিজাৰ্ভে সুতৰ হাৰ কৰ্তনৰ সম্ভাৱনাৰ প্ৰতি গুৰুত্ব দিছে। লগতে ট্ৰাম্পৰ দলটোৱে ধাৰা ২৩২ আৰু ৩০১ৰ দৰে অন্যান্য কৰ্তৃপক্ষ ব্যৱহাৰ কৰি শুল্ক ব্যৱস্থাটো পুনৰ উদ্ভাৱন কৰিব পাৰে।

আমেৰিকাই বৃহৎ লোকচানৰ সন্মুখীন হ’ব

ইলিনোযইৰ কোম্পানী হেণ্ডটুমাইণ্ডৰ মাৰ্কেটিং এক্সিকিউটিভ আলানা ৰাফমেনে শুল্ক পৰিৱৰ্তনক লৈ বিচলিত হৈছে। ২০২৪ চনত মাত্ৰ ২৩ লাখ ডলাৰৰ তুলনাত এই বছৰ তেওঁৰ কোম্পানীয়ে ৫৫ লাখ ডলাৰ শুল্ক পৰিশোধ কৰিছিল। যদি কোম্পানীটোৱে উৎপাদন বন্ধ নকৰিলেহেঁতেন তেন্তে বিল আৰু বেছি হ’লহেঁতেন। ইয়েল বাজেট লেবে অনুমান কৰিছে যে যদিহে আই ই ই পি এৰ শুল্ক উঠাই লোৱা হয় তেন্তে ১০ বছৰৰ ভিতৰত ১.৫ ট্ৰিলিয়ন ডলাৰৰ ৰাজহ হেৰুৱাব। যদিহে উচ্চতম ন্যায়ালয়ে এই শুল্ক বাতিল কৰে তেন্তে ধন ঘূৰাই দিয়াৰ প্ৰয়োজনীয়তাই বণ্ড বিনিয়োগকাৰীসকলক আমেৰিকাৰ বিত্তীয় সমস্যাৰ কথা সোঁৱৰাই দিব পাৰে।

এইসকল লোকে ভুলতো খালী পেটত নাখাব চাহ! কাৰণ জানক...
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়