আমেৰিকাই বিচাৰে মিত্ৰতা! ভাৰতৰ স্থিতি দেখি হতবাক ট্ৰাম্প, দিছে আলোচনাৰ ইংগিত…
ভাৰতৰ সৈতে সম্পৰ্ক উন্নত কৰিব বিচাৰে আমেৰিকাই! শেহতীয়াকৈ আমেৰিকাই যেন ইয়াৰে ইংগিত দিছে। আমেৰিকাৰ লগত সম্পৰ্কৰ অৱনতি ঘটাৰ পাছতে ভাৰতৰ ৰাছিয়া-চীনৰ সৈতে সম্পৰ্ক উন্নত হৈছে।

মোদী-ট্ৰাম্প
দ্বিতীয়বাৰৰ ড’নাল্ড ট্ৰাম্পে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে ভাৰত-আমেৰিকাৰ মাজত তিক্ততা বৃদ্ধি পাইছে। শত্ৰুভাৱ দেখুৱাই আমেৰিকাই ভাৰতৰ আমদানিৰ ওপৰত প্ৰথম অৱস্থাত ২৫ শতাংশ শুল্ক আৰু পাছত অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে। যিয়ে দুই দেশৰ সম্পৰ্ক অৱনতি ঘটনাত অৰিহনা যোগায়। ইয়াৰোপৰি দুই দেশৰ সম্পৰ্কত অৱনতি ঘটাৰ আঁৰত ভাৰত-পাকিস্তান সংঘাত সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে দিয়া বক্তব্য বুলি ধাৰণা কৰা হৈছে।
আমেৰিকাৰ শুল্ক সন্দৰ্ভত ভাৰতে এতিয়ালৈকে বিশেষ একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। কিন্তু ভাৰতৰ মৌনতাই বিৰক্ত কৰিছে আমেৰিকাক। যাৰ বাবে আমেৰিকাই পুনৰ এবাৰ আলোচনাৰ ইংগিত দিয়ে। ২৭ আগষ্টৰ পৰা আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। কিন্তু ইয়াৰ পাছতে আমেৰিকাই সমগ্ৰ দিশটোৰ ওপৰত আলোচনা কৰিব বিচাৰিছে বুলি ক’ব পাৰি। কিয়নো ইয়াৰ ইংগিত দিছে আমেৰিকাই। এই দিশটোত আমেৰিকাই ভাৰত চৰকাৰৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ সৈতে আলোচনা কৰিব পাৰে।
কি সংকেত
ভাৰতে কঠোৰ স্থিতি অৱলম্বন কৰাৰ পাছতে আমেৰিকাই ইংগিত প্ৰদান কৰিছে। আমেৰিকাই কৈছে যে, ভাৰত বিৰোধী মন্তব্য কেৱল কৌশলৰ অংশ। ইয়াৰোপৰি আলোচনা নহ’লে অন্য দিশৰ ওপৰতো আমেৰিকাই ব্যৱস্থা গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে।
কোনো কাৰণতে আমেৰিকাই ভাৰতক নিজৰ পৰা পৃথক কৰিব বিচৰা নাই। যাৰ বাবে সম্ভৱতঃ ইমান তিক্ততাৰ পাছতো দেশখনে আলোচনা কৰাৰ ইংগিত প্ৰদান কৰিছে। আমেৰিকাই বিচাৰে ভাৰতৰ মিত্ৰতা।
আমেৰিকাই জাপান, দক্ষিণ কোৰিয়া আদি দেশকো চুক্তিৰ বাবে হেঁচা প্ৰয়োগ কৰি আছে। শেহতীয়াকৈ ভাৰতৰ চীন-ৰাছিয়াৰ সৈতে উন্নত হোৱা সম্পৰ্কই আমেৰিকাৰ ৰণনীতিত আঘাত হানিছে। আমেৰিকাই এক প্ৰকাৰ বাৰ্তা প্ৰেৰণ কৰিছে যে, প্ৰথমে ভাৰত আগবাঢ়ক, তাৰ পাছত ট্ৰাম্পে নিজৰ মনোভাৱ সলনি কৰিব। এই মন্তব্যৰ পৰা প্ৰায় স্পষ্ট হৈ পৰিছে যে,, শুল্ক বিবাদ সন্দৰ্ভত ট্ৰাম্পে মুকলিকৈ ভাৰতৰ সৈতে কথা পাতিব বিচাৰে। ইয়াৰ দ্বাৰা দুই দেশৰ মাজৰ তিক্ততা হ্ৰাস পোৱাৰ লগতে সম্পৰ্ক পুনৰ উন্নত হ’ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, ভাৰতে প্ৰায় ৪০ শতাংশ তেল ৰাছিয়াৰ পৰা ক্ৰয়। ইউৰোপীয় দেশে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰাৰ পাছতে ভাৰতে অতি কম মূল্যত তেল ক্ৰয় কৰি আহিছে। যাৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰিছে। আমেৰিকাই কৈছে যে, ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি ইউক্ৰেইন যুদ্ধত অৰিহনা যোগাইছে।
অন্য খবৰ পঢ়কঃ ৭০% ভাৰতীয় পৰিব বিপদত! শুল্কৰ পাছতে আন এক ডাঙৰ সিদ্ধান্ত গ্ৰহণৰ দিশে ট্ৰাম্প চৰকাৰ…