লক্ষ্য ভাৰতক শাস্তি দিয়াৰ! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰিব ৫০০% শুল্ক…

আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে দ্বিতীয়বাৰৰ বাবে ট্ৰাম্পে শপত গ্ৰহণ কৰাৰ পাছতে ভাৰতৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিছে। শেহতীয়াকৈ পুনৰ ট্ৰাম্পে ভাৰতৰ লগতে চীনক কঠোৰ ভাবুকি প্ৰদান কৰিছে। পুনৰ শুল্ক আৰোপৰ ভাবুকি দিছে তেওঁ।

লক্ষ্য ভাৰতক শাস্তি দিয়াৰ! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰিব ৫০০% শুল্ক...

ট্ৰাম্প-মোদী

Published: 

08 Jan 2026 | 10:36 AM

দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰে পৰা ড’নাল্ড ট্ৰাম্পে বহু সিদ্ধান্ত গ্ৰহণ কৰিছে। এইবাৰ তেওঁৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহক লক্ষ্য কৰি লৈছে। এই তালিকাৰ শীৰ্ষত আছে ভাৰত আৰু চীন। উল্লেখ্য কৰা প্ৰয়োজন যে, শেহতীয়াকৈ চিনেটৰ লিণ্ডচে গ্ৰেহামে ঘোষণা কৰে, ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত, চীন, ব্ৰাজিলকে ধৰি ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা দ্বিপাক্ষিক বিধেয়কত অনুমোদন জনাইছে।

বিদেশী সংবাদ মাধ্যমে আমেৰিকাৰ চিনেটৰ লিণ্ডচে গ্ৰেহাৰ উদ্ধৃতিৰে কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা দ্বিপাক্ষিক বিধেয়কত অনুমোদন জনাইছে, যাৰ সহায়ত ভাৰত, চীন, ব্ৰাজিলৰ দৰে দেশক ৰাছিয়াৰ তেল ক্ৰয় কৰি যাবলৈ হেঁচা প্ৰয়োগ কৰিব পৰা যাব। এই  বিধেয়কখনৰ লক্ষ্য কৰে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি পুটিনৰ যুদ্ধক সহায় কৰে দেশসমূহক শাস্তি প্ৰদান কৰা। অৱশ্যে এই বিধেয়কখন এতিয়াও গৃহীত হোৱা নাই।

বুধবাৰে(স্থানীয় সময়) এক্সত এটা পোষ্টত লিণ্ডচে গ্ৰেহামে কয় যে তেওঁ আজি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰো। ট্ৰাম্পে দ্বিপাক্ষিক ৰাছিয়া নিষেধাজ্ঞা বিধেয়কখনত সেউজ সংকেত দিছে। এই বিধেয়কখনৰ ওপৰত কেইবামাহ ধৰি চিনেটৰ ব্লুমেন্থাল আৰু আন বহুজনে কাম কৰি আহিছে। এই বিধেয়কখন অতি গুৰুত্বপূৰ্ণ। কিয়নো ইউক্ৰেইনে শান্তি বিচাৰিছে আনহাতে ৰাছিয়াই সামৰিক কাৰ্য অব্যাহত ৰাখিছে। এই বিধেয়কৰ জৰিয়তে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশক শাস্তি দিব ট্ৰাম্পে। ইয়াৰ ফলত ভাৰত, চীন আৰু ব্ৰাজিলৰ ওপৰত যথেষ্ঠ হেঁচা পৰিব।অহা সপ্তাহৰ আৰম্ভণিতে বিধেয়কখন দ্বিপাক্ষিক ভোটৰ বাবে উত্থাপন কৰিব পৰা যাব বুলি চিনেটৰগৰাকীয়ে ইংগিত দিয়ে।

‘২০২৫ চনৰ ৰাছিয়া নিষেধাজ্ঞা আইন’ কি?

আমেৰিকা কংগ্ৰেছৰ অফিচিয়েল ৱেবছাইট অনুসৰি এই বিধেয়কখনৰ নাম হৈছে “২০২৫ চনৰ ৰাছিয়া নিষেধাজ্ঞা আইন”। এই আইনত ৰাছিয়াৰ সৈতে জড়িত ব্যক্তি আৰু সত্ত্বাক শাস্তি দিয়াৰ বিৱৰণ আছে। ইয়াৰ অন্যতম উল্লেখনীয়া দিশ হ’ল, আমেৰিকালৈ আমদানি কৰা সকলো সামগ্ৰী আৰু সেৱাৰ মূল্য কমেও ৫০০ শতাংশ শুল্ক বৃদ্ধি কৰা। এক কথাত, ভাৰতে আমেৰিকালৈ বস্তু প্ৰেৰণ কৰিলে এতিয়াৰ ৫০ শতাংশৰ সলনি ৫০০ শতাংশ শুল্ক ভৰিব লাগিব।

ট্ৰাম্পৰ দাবী, মোদী অসন্তুষ্ট

ইয়াৰ পূৰ্বে ট্ৰাম্পে দাবী কৰিছিল যে, আমেৰিকাই ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰাৰ বাবে মোদী অসন্তুষ্ট। ট্ৰাম্পে কয়, মোদীৰ সৈতে অতি ভাল সম্পৰ্ক আছে। কিন্তু ভাৰতে উচ্চ শুল্ক দিয়াৰ বিষয়টোক লৈ তেওঁ মোৰ ওপৰত কিছু অসন্তুষ্ট। ইয়াৰোপৰি ইয়াৰ মাজতে ট্ৰাম্পে পুনৰ শুল্ক বৃদ্ধি হ’ব বুলিও সকীয়াই দিয়ে।

ট্ৰাম্পৰ দাবী নাকচ

ইয়াৰ পূৰ্বে ট্ৰাম্পে দাবী কৰিছিল যে, প্ৰধানমন্ত্ৰী মোদীয়ে ৰাছিয়াৰ পৰা তেল ক্ৰয় বন্ধ কৰিব বুলি আশ্বাস দিছে। পিছে ভাৰত চৰকাৰে স্পষ্ট কৰি দিছে যে, এনে কোনো আলোচনা বা প্ৰতিশ্ৰুতি দিয়া হোৱা নাই। বিশেষকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত ইন্ধনৰ মূল্যৰ অস্থিৰতাৰ প্ৰতি লক্ষ্য ৰাখি নতুন দিল্লীয়ে ধাৰাবাহিকভাৱে কৈ আহিছে যে শক্তিৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় স্বাৰ্থৰ ওপৰত ভিত্তি কৰি লোৱা হয়।

 

অন্য খবৰ পঢ়কঃ পহলগাম কাণ্ডৰ পূৰ্বে কৰিছিল ভ্ৰমণ! পুনৰ পাকিস্তানত হামাছৰ শীৰ্ষ নেতা…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব