কোনে ধ্বংস কৰিলে ইৰাণৰ পাৰমাণৱিক ঘাটি? আমেৰিকা-ইজৰাইলৰ কথাত নাই কোনো মিল…
ইৰাণে কেইবাখনো দেশৰ আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰি প্ৰতিশোধ লয়। কেইঘণ্টামান পিছতে ট্ৰাম্পে ঘোষণা কৰে যে ইৰাণ আৰু ইজৰাইলে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। কি

আমেৰিকা-ইজৰাইল
কিমান ক্ষতি হ’ল ইৰাণৰ পাৰমাণৱিক ঘাটিৰ? আমেৰিকাৰ সেনাই ইৰাণৰ তিনিটা পাৰমাণৱিক কেন্দ্ৰত বোমা বিস্ফোৰণ কৰাৰ পিছৰে পৰা এই প্ৰশ্ন উত্থাপন হৈছে। এই সন্দৰ্ভত বিভিন্ন সংবাদ মাধ্যমে বাতৰি প্ৰচাৰ কৰাৰ পাছত ক্ষোভিত হৈ পৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। তেওঁ দাবী কৰে যে আমেৰিকাৰ সেনাই ইৰাণৰ সকলো পাৰমাণৱিক ঘাটি ধ্বংস কৰি পেলাইছে। ইফালে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুয়ে কৈছে যে ইজৰাইলে ইৰাণৰ নাটাঞ্জ আৰু ইছফাহানৰ পাৰমাণৱিক ঘাটি ধ্বংস কৰিছে। গতিকে ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰে।
১৩ জুনত ইৰাণৰ ওপৰত আক্ৰমণ কৰিছিল ইজৰাইলে। ইয়াৰ কাৰণ উল্লেখ কৰি ইজৰাইলে কৈছিল যে, ইৰাণে পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰি আছে। গতিকে পাৰমাণৱিক শক্তিৰ পৰা ইজৰাইলক ৰক্ষা কৰিবলৈ এই আক্ৰমণ চলায়। ইৰাণৰ বিৰুদ্ধে ইজৰাইলে চলাইছিল ‘অপাৰেচন ৰাইজিং লায়ন’ । এই সময়চোৱাত ইজৰাইলে বিশেষকৈ ইৰাণৰ পাৰমাণৱিক আৰু সামৰিক ঘাটিত আক্ৰমণ কৰে। ইৰাণ আৰু ইজৰাইলৰ এই সংঘাতত আমেৰিকা প্ৰত্যক্ষভাৱে জড়িত আছিল। আমেৰিকাই ইৰাণৰ নাটাঞ্জ, ইছফাহান আৰু ফৰ্ডোত থকা তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ চলায়।
ইয়াৰ পাছতে ইৰাণে কেইবাখনো দেশৰ আমেৰিকাৰ সামৰিক ঘাটিত আক্ৰমণ কৰি প্ৰতিশোধ লয়। এই ঘটনাৰ কেইঘণ্টামান পিছতে ট্ৰাম্পে ঘোষণা কৰে যে ইৰাণ আৰু ইজৰাইলে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছে। কিন্তু প্ৰশ্ন হয়, আমেৰিকাৰ আক্ৰমণত কিমান ক্ষতি হ’ল ইৰাণৰ? বিভিন্ন সংবাদ মাধ্যমত খবৰ প্ৰকাশ পাই যে, আমেৰিকাৰ আক্ৰমণৰ পূৰ্বে ইৰাণে পাৰমাণৱিক স্থানৰ পৰা ইউৰেনিয়াম আঁতৰাই পেলাইছিল।
কিন্তু এই কথাত ক্ষোভিত হৈ পৰে ট্ৰাম্পে। তেওঁ কয় যে, এনে ধৰণৰ সন্দেহ আমেৰিকাৰ সেনাক কৰা অপমান। তেওঁ কয়, ইতিহাসৰ অন্যতম সফল সামৰিক অভিযান ইৰাণৰ পাৰমাণৱিক স্থানত হোৱা আক্ৰমণ। লগতে কয়, ইৰাণৰ পাৰমাণৱিক স্থান সম্পূৰ্ণৰূপে ধ্বংস হৈছে। একে সময়তে তেওঁ কয় যে ইৰাণ আৰু ইজৰাইল দুয়োখনেই যুদ্ধ সমানে বন্ধ কৰিব বিচাৰে। আমেৰিকাই ইৰাণৰ সকলো পাৰমাণৱিক স্থান ধ্বংস কৰি পেলাইছে। তাৰ পাছত দুয়োখন দেশৰ যুদ্ধ বন্ধ কৰে।
ট্ৰাম্পৰ এই দাবীৰ বিপৰীতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুয়ে ৰাষ্ট্ৰৰ আগত দিয়া ভাষণত কয় যে ইজৰাইলে ইৰাণৰ পাৰমাণৱিক স্থান ধ্বংস কৰিছে। ইজৰাইলে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচী বিফল কৰিছে। ইৰাণে কেতিয়াও পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণ কৰিব নোৱাৰিব। ইৰাণে যদি পুনৰ পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ চেষ্টা চলাই তেন্তে পুনৰ ইজৰাইলে আক্ৰমণ কৰিব। গতিকে এতিয়া প্ৰশ্ন হয়, কোনে প্ৰকৃততে ধ্বংস কৰিলে ইৰাণৰ পাৰমাণৱিক ঘাটি? কোন সঁচা, কোন মিছা? সঁচাকৈয়ে ধ্বংস হ’ল নে ইৰাণৰ পাৰমাণৱিক ঘাটি? এই সকলোবোৰ এতিয়া ৰহস্যৰ আৱৰ্তত।
অন্য খবৰ পঢ়কঃ ট্ৰাম্পৰ সুৰ সলনি! ইৰাণক স্মাৰ্ট আখ্যা, ইজৰাইলক ক’লে…