পাকিস্তানেৰে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন কৰ্মচাৰী…
Tezpur: পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত তেজপুৰত পুনৰ এজন লোক গ্ৰেপ্তাৰ হৈছে। জানিব পৰা মতে, এই লোকজন ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন কৰ্মচাৰী। বৰ্তমান তদন্ত অব্যাহত আছে।
চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সৈতে লিংক থকাৰ অভিযোগত গ্ৰেপ্তাৰ ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন কৰ্মচাৰী। এই লোকজন কুলেন্দ্ৰ শৰ্মা বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি তেওঁ পাকিস্তানত বহু গোপন নথি পত্ৰ যোগান ধৰি আহিছিল। কিন্তু শেহতীয়াকৈ তেওঁ গ্ৰেপ্তাৰ হয়। এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ লগে লগে পাকিস্তানী লিংক থকা সন্দৰ্ভত তেজপুৰৰ পৰা গ্ৰেপ্তাৰৰ সংখ্যা ৫ জনলৈ বৃদ্ধি পাইছে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে জ্যোতিকা কলিতা নামৰ এগৰাকী মহিলাসহ ৩ যুৱক গ্ৰেপ্তাৰ হৈছিল। এই আটাইকেইজন এটা পৰিয়ালৰ আছিল। অভিযোগ অনুসৰি তেওঁলোকৰ একাউন্টত বিদেশৰ পৰা লাখে লাখে টকা সোমাইছিল। এই জ্যোতিকা কলিতাই পাকিস্তানী যুৱক এজনৰ সৈতেও বিবাহ পাশত আৱদ্ধ হৈছিল। এই সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।
সবিশেষৰ বাবে চাওক এই ভিডিঅ’…
